অসম

assam

Prostitution racket bust: দিল্লীত মানৱ সৰবৰাহকাৰী চক্ৰ উৎখাত

By

Published : Jul 23, 2022, 9:44 PM IST

দিল্লী আৰক্ষীৰ মানৱ সৰবৰাহ বিৰোধী গোটে (এটিএইচইউ) বিদেশী মহিলাৰ সৈতে জড়িত এটা পতিতাবৃত্তিৰ চক্ৰ উৎখাত কৰিছে(Prostitution racket busted in Delhi)। আৰক্ষয়ে পাঁচজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে দহগৰাকী মহিলাক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । দিল্লী আৰক্ষীয়ে শনিবাৰে এই বিষয়ে সদৰি কৰিছে ।

b
Delhi Police bust prostitution racket: দিল্লীত পতিতাবৃত্তিৰ চক্ৰ উৎখাত

নেচনেল ডেস্ক,২৩ জুলাই:দিল্লী আৰক্ষীৰ মানৱ সৰবৰাহ বিৰোধী গোটে (এটিএইচইউ) বিদেশী মহিলাৰ সৈতে জড়িত এটা পতিতাবৃত্তিৰ চক্ৰ উৎখাত কৰিছে(Prostitution racket busted at Delhi)। আৰক্ষয়ে পাঁচজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে দহগৰাকী মহিলাক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । দিল্লী আৰক্ষীয়ে শনিবাৰে এই বিষয়ে সদৰি কৰিছে ।

দিল্লী আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ ডিচিপি বিচিত্ৰ বীৰে কয়, দলটোৱে মালৱীয় নগৰত পতিতাবৃত্তিৰ এটা চক্ৰ চলাই থকাৰ তথ্য় লাভ কৰাৰ পাছত এই দলটোৰ সৈতে যোগাযোগ কৰা হয় (DCP Delhi Police Crime Branch Vichitra Veer)। এজন আৰক্ষীৰ জোৱানক সেই স্থানলৈ এজন গ্ৰাহকৰ ৰূপত প্ৰেৰণ কৰা হৈছিল । ইয়াৰ পাছতে চলোৱা অভিযানত পাঁচজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয় ।

অভিযুক্ত লোককেইজনে প্ৰতিজন গ্ৰাহকৰ পৰা ১০ ৰ পৰা ২৫ হাজাৰ টকা পৰ্যন্ত আদায় কৰা বুলিও দিল্লী আৰক্ষীয়ে লগতে কয় । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পাঁচজন লোকৰ ভিতৰত এজন উজবেকিস্তানৰ বাসিন্দা শ্বেৰ আলী যিয়ে চাকৰিৰ প্ৰলোভনেৰে যুৱতী মহিলাসকলক ভাৰতলৈ পঠিয়াইছিল । যুৱতী মহিলাসকলক ভাৰতলৈ অহাৰ পিছত তেওঁলোকক এনে অপকৰ্ম কৰিবলৈ বাধ্য কৰা হৈছিল বুলি উল্লেখ কৰিলে আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে ।

লগতে পঢ়ক:Gang rape at New Delhi Railway Station : নতুন দিল্লী ৰে'ল ষ্টেচনত দলবদ্ধ ধৰ্ষণ; চাৰি ৰে'ল কৰ্মচাৰীক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details