অসম

assam

Unknown man body parts found : দুৰ্বৃত্তই টুকুৰা টুকুৰকৈ কাটি ভিন্ন স্থানত পেলালে এজন লোকৰ মৃতদেহ

By

Published : Feb 23, 2023, 5:56 PM IST

পুনৰ সংঘটিত হৈছে নৰ হত্যাৰ এক ভয়ংকৰ ঘটনা । বেলেগ বেলেগ স্থানত উদ্ধাৰ হৈছে এজন লোকৰ মৃতদেহৰ টুকুৰা (Police recovered man different body parts)। আৰক্ষীয়ে ক'ৰবাত যদি পাইছে মূৰ, ক'ৰবাত আকৌ পাইছে হাত । আন ক'ৰবাত উদ্ধাৰ হৈছে ভৰি আৰু শৰীৰৰ বাকী অংশ । এই ঘটনাক লৈ দেশজুৰি তীব্ৰ চাঞ্চল্য ।

Unknown man body parts found
দুৰ্বৃত্তই টুকুৰা টুকুৰকৈ কাটি পেলাই দিলে এজন লোকৰ মৃতদেহ

নেশ্যনেল ডেস্ক,২৩ ফেব্ৰুৱাৰী :দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ড (Delhi Shradha murder case), গুৱাহাটীৰ ডাবল মাৰ্ডাৰ (Guwahati double murder case) ঘটনাৰ পাচত দেশত পুনৰ অনুৰূপ নৃশংসকাণ্ড । হত্যাকাৰীয়ে কাটি টুকুৰা টুকুৰা কৰা এটা মৃতদেহৰ অংশ কেইবাখনো গাঁৱৰ খাৱৈত পেলাই দিলে । কৰ্ণাটকত সংঘটিত এই ঘটনাক লৈ দেশজুৰি তীব্ৰ চাঞ্চল্য (Mandya murder case)।

দিল্লী আৰু গুৱাহাটীৰ পাচত এইবাৰ কৰ্ণাটকৰ মাণ্ডিয়া জিলাত সংঘটিত হৈছে এই লোমহৰ্ষক কাণ্ড (Mandya murder)। এগৰাকী ব্যক্তিক হত্যা কৰি হত্যাকাৰীয়ে শৰীৰটোৰ কেইবাটাও টুকুৰা কৰে । তাৰ পাচত মাণ্ডিয়াৰ কেইবাখনো জিলাৰ খাৱৈত পেলাই দিয়ে মৃতদেহৰ অংশ । ইতিমধ্যে লোকজনৰ হাত, ভৰি আৰু শৰীৰৰ বিভিন্ন অংশ উদ্ধাৰ কৰিছে আৰক্ষীয়ে । জানিব পৰা মতে মৃতদেহটোৰ অংশবোৰ মাণ্ডিয়াৰ হোডাঘাট্টা, শিৱাৰা, দনায়কনাপুৰ আৰু মাদ্দুৰ মহকুমাৰ গুলুৰত উদ্ধাৰ হৈছে (Dead body parts found in different villages)।

শৰীৰৰ অংশবোৰ কেৰাগোডু আৰক্ষী থানাৰ অন্তৰ্গত ভি.চি.নালেত পোৱা গৈছিল । শৰীৰৰ অংশবোৰৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে অনুমান কৰিছে যে মৃত লোকজনৰ বয়স প্ৰায় ৩০ ৰ পৰা ৪০ বছৰৰ ভিতৰত হ'ব পাৰে । আৰক্ষীয়ে সন্দেহ কৰা মতে দুৰ্বৃত্তই প্ৰথমে লোকজনক হত্যা কৰিছে আৰু তাৰ পাচত মৃতদেহটো টুকুৰা টুকুৰকৈ কাটি খাৱৈত পেলাই দিছে (Man body parts recovered in Mandya)।

আৰক্ষীয়ে জনোৱা মতে মৃত লোকজনৰ উৰু আৰু কঁকালৰ কিছু অংশ হোডাঘাট্টাৰ ওচৰত পোৱা গৈছে । আনহাতে শিৱাৰাৰ ওচৰত এখন ভৰি পোৱা গৈছে । দনায়কনাপুৰৰ ওচৰত দুখন হাত আৰু এখন ভৰি পোৱা গৈছে । আনহাতে মূৰৰ কিছু অংশ গুল্লুৰৰ ওচৰত পোৱা গৈছে ।

উদ্ধাৰ হোৱা অংশবোৰৰ ভিতৰত বাওঁহাতত কাব্যা আৰু ৰঘু লিখা দুটা টেটু আছে । আনহাতে সোঁ হাতত বনজা প্ৰতীক হিচাপে টেটু অংকন কৰা আছে । ইফালে মৃতদেহৰ অংশ উদ্ধাৰ হোৱাৰ লগে লগে কেএম ডোডিয়াৰ কেৰাগুড আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহৰ অংশবোৰ সংগ্ৰহ কৰে আৰু মিমছ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

মাণ্ডিয়াৰ আৰক্ষী অধীক্ষক এন যতীশে উক্ত স্থানত উপস্থিত হৈ ঘটনা তদন্ত আৰম্ভ কৰিছে । আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে ঘটনাটো গুৰুত্ব সহকাৰে লোৱা হৈছে আৰু তদন্তৰ বাবে পৃথক দল গঠন কৰাৰ কথা চিন্তা কৰা হৈছে । আৰক্ষীয়ে মৃতদেহটো চিনাক্ত কৰাৰ বাবে ওচৰৰ আৰক্ষী থানাৰ পৰা সন্ধানহীন লোকসকলৰ বিষয়ে তথ্য সংগ্ৰহ কৰি আছে ।

লগতে পঢ়ক :Crime in Guwahati: 9 বছৰৰ অন্তত মহানগৰ আৰক্ষীৰ জালত এটা হত্য়াকাণ্ডৰ মূল অভিযুক্ত

ABOUT THE AUTHOR

...view details