ETV Bharat / state

Crime in Guwahati: 9 বছৰৰ অন্তত মহানগৰ আৰক্ষীৰ জালত এটা হত্য়াকাণ্ডৰ মূল অভিযুক্ত

author img

By

Published : Feb 23, 2023, 10:22 AM IST

৯ বছৰ মূৰত মহানগৰ আৰক্ষীৰ জালত পৰিল এটা হত্য়াকাণ্ডৰ মূল অভিযুক্ত (Crime Case in Guwahati)। জনতা ভৱনত ঠিকাৰ কামৰ বাবে আহোতেই নাটকীয়ভাৱে আলী হুছেইন নামৰ অভিযুক্তটোক কৰায়ত্ত কৰে গীতানগৰ থানাৰ আৰক্ষীয়ে ৷

Murder case in Guwahati
আৰক্ষীৰ জালত পৰিল আন এক হত্য়াকাণ্ডৰ অভিযুক্ত

আৰক্ষীৰ জালত পৰিল আন এক হত্য়াকাণ্ডৰ অভিযুক্ত

গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী: গুৱাহাটী মহানগৰীত সংঘটিত ডাৱল মাৰ্ডাৰৰ ঘটনাই সমগ্ৰ ৰাজ্য জোঁকাৰি যোৱাৰ সময়তে ৰাজ্যৰ বিভিন্নি স্থানতো উদ্ধাৰ হৈছে বহুকেইটা মৃতদেহ (Murder case in Guwahati)। অসমৰ প্ৰেক্ষাপটত এই হত্যাকাণ্ডৰ ঘটনাই বহু কথাই ভবাই তোলাৰ পিচতো সংঘটিত হৈ থকা এনে হত্যাকাণ্ডই জনসাধাৰণক আতংকিত কৰি তুলিছে । শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন ঠাইত বহুকেইটা লোমহৰ্ষক হত্যাকাণ্ড আৰু মৃতদেহ উদ্ধাৰ হোৱাৰ সময়তে মহানগৰ আৰক্ষীৰ জালত পৰিল ৯ বছৰ পূৰ্বে সংঘটিত আন এক হত্যাকাণ্ডৰ মূল অভিযুক্ত (Main accused of murder arrested in Guwahati) ।

বৰ্তমান গুৱাহাটী মহানগৰীখন যেন অপৰাধৰ ৰম্যভূমিলৈ পৰ্যবসিত হ'বলৈ ধৰিছে । জঘন্য অপৰাধ প্ৰতিৰোধৰ বাবে আৰক্ষীয়ে বিভিন্ন পন্থা অৱলম্বন কৰিও অপৰাধ ৰোধ কৰিব নোৱৰাত সাধাৰণ জনতাই এতিয়া অধিক নিৰাপত্তাহীনতাত ভুগিছে । অপৰাধৰ সৈতে জড়িতসকলক কঠোৰতকৈ কঠোৰ শাষ্টি প্ৰদানৰ পিচতো ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে গুৱাহাটীত অপৰাধ আৰু অপৰাধীৰ সংখ্যা হ্ৰাস পোৱা নাই । অৱশ্যে ৰাজ্যৰ নৱ নিযুক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ লগতে গুৱাহাটী মহানগৰীত দিগন্ত বৰাই আৰক্ষী আয়ুক্তৰ কাৰ্যভাৰ গ্ৰহণৰ পিছতেই কেইবাটাও পুৰণি গোচৰৰ অভিযুক্ত আৰক্ষীৰ জালত পৰাত পূৰ্বৰ এই গোচৰ সমূহৰ তদন্ত পুনৰ আৰম্ভ হৈছে ।

মহানগৰীৰ ডাবল মাৰ্ডাৰৰ চাঞ্চল্য মাৰ নৌযাওঁতেই ৯ বছৰ পিছত মহানগৰ আৰক্ষীৰ জালত পৰিল গুৱাহাটীৰ আন এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত (Double murder in Guwahati)। এক গোপন সূত্ৰৰ পম খেদি গীতানগৰ আৰক্ষীয়ে বুধবাৰে দিছপুৰ জনতা ভৱনৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰে আলী হুছেইন নামৰ অভিযুক্তটোক । বিগত ৯ বছৰেই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত আলী হুছেইনে আৰক্ষীৰ চকুত ধূলিমাৰি পলাতক হৈ আছিল ।

আৰক্ষী সূত্ৰে জানিব পৰা মতে, বিগত ২০১৪ চনৰ এপ্ৰিলৰ কোনোবা এটা দিনতেই গুৱাহাটীৰ চিৰিয়াখানাৰ পৰা মহম্মদ চকলিন মুস্তাফ নামৰ এজন যুৱকক অপহৰণ কৰিছিল অভিযুক্ত আলী হুছেইনে । ইয়াৰ পৰৱৰ্তী সময়ত দক্ষিণ শালমাৰাত উদ্ধাৰ হৈছিল যুৱকজনৰ মৃতদেহ । মূলতঃ ধনৰ লেনদেন তথা ব্যক্তিগত আক্ৰোশৰ বাবে সংঘটিত হোৱা এই হত্যাকাণ্ডৰ খৱৰে সেই সময়ত চৌদিশে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল ।

ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰজু কৰি তদন্ত প্ৰক্ৰিয়া চলাই এই ঘটনাৰ লগত জড়িত আন ৫ অভিযুক্তক গ্ৰেপ্তাৰ কৰে যদিও মূল অভিযুক্ত আলী হুছেইন পলাতক হৈ আছিল । এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত বুধবাৰে দিনৰ ভাগত পূৰ্বৰে পৰা খাপ পিটি থকা গীতানগৰ থানাৰ আৰক্ষীয়ে দিচপুৰৰ জনতা ভৱন চৌহদত হৈ থকা ঠিকাৰ কামত অহাৰ সময়তেই আলী হুছেইন নামৰ অভিযুক্তটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয় (Case in Geetanagar Police Station)। গীতানগৰ থানাত ৰুজু হোৱা ১০১/২০১৪ নম্বৰৰ এটা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা আলী হুছেইনক আজি আদালতত হাজিৰ কৰোৱা হ'ব । উল্লেখ্য যে, প্ৰায় ৯ বছৰ ধৰি আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰি থকা আলী হুছেইনে ঠিকাদাৰ হিচাপে কাম কৰি আছিল ।

লগতে পঢ়ক:Assam tour by bicycle: অদম্য মনৰ হাবিয়াস; এখন ভৰিৰেই চাইকেল চলাই অসম ভ্ৰমণলৈ ওলাল এজন 60 ৰ ঊৰ্ধৰ ব্যক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.