অসম

assam

উদ্ধৱ ঠাকৰেলৈ কংগ্ৰেছ হাইকামাণ্ড ছোনিয়া গান্ধীৰ ফোন

By

Published : Jun 26, 2022, 1:20 PM IST

পদে পদে সলনি হৈছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সমীকৰণ(Political equation of Maharastra) । কঠিন পৰিস্থিতিত উদ্ধৱ ঠাকৰেৰ সৈতে ঠিয় দিছে কেইবাটাও বিৰোধী ৰাজনৈতিক দলে । ইয়াৰ মাজতে কংগ্ৰেছেও ঠাকৰেৰ সৈতে থকাৰ নিশ্চিতি প্ৰদান কৰে । দলটোৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে ঠাকৰেলৈ ফোন কৰি তেওঁৰ পক্ষত থকা বুলি উল্লেখ কৰে(Sonia Gandhi called Uddhav Thackeray on Saturday) ।

congress high command sonia gandhi calls chief minister uddhav thackeray
উদ্ধৱ ঠাকৰেলৈ কংগ্ৰেছ হাইকামাণ্ড ছোনিয়া গান্ধীৰ ফোন

নেশ্যনেল ডেস্ক, ২৬ জুন: মহাৰাষ্ট্ৰৰ এই সংকটৰ সময়ত তেওঁলোকৰ সমৰ্থন দিবলৈ আগবাঢ়ি আহিছে কংগ্ৰেছ দল ৷ এনচিপিৰ মুৰববী শাৰদ পাৱাৰে মহাবিকাশ আঘাদীৰ পক্ষত থকাৰ কথা উল্লেখ কৰাৰ সময়তে কংগ্ৰেছ হাইকমাণ্ড ছোনিয়া গান্ধীয়েও ঠাকৰেৰ পক্ষত থকাৰ কথা প্ৰকাশ কৰে । কংগ্ৰেছ অধ্যক্ষগৰাকীয়ে উদ্ধৱ ঠাকৰেলৈ ফোন কৰি এই কঠিন পৰিস্থিতিত কংগ্ৰেছ দল ঠাকৰেৰ সৈতে থকাৰ কথা উল্লেখ কৰি চিন্তাৰ কোনো কাৰণ নাই বুলি মন্তব্য কৰে (Sonia Gandhi called Uddhav Thackeray on Saturday) ।

এনচিপিৰ লগতে কংগ্ৰেছেও উদ্ধৱ ঠাকৰেক সমৰ্থন দিছে । এনে পৰিস্থিতি ইয়াৰ পূৰ্বে মহাৰাষ্ট্ৰৰ ৰাজনীতিত কেতিয়াও দেখা পোৱা হোৱা নাছিল । এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰ সম্পূৰ্ণৰূপে মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ সৈতে থকাৰ সময়ত কংগ্ৰেছ হাইকমাণ্ড ছোনিয়া গান্ধীয়েও ফোনযোগে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ সৈতে ৷ তেওঁ সম্পূৰ্ণৰূপে ঠাকৰেৰ পক্ষত থকা বুলি আশ্বাস প্ৰদান কৰে ।

পিছে এই সময়চোৱাত কংগ্ৰেছ আৰু এনচিপিৰ দ্বাৰা শিৱসেনাৰ কেনেদৰে ক্ষতিগ্ৰস্ত হৈছে তাক লৈও আৰম্ভ হৈছে ব্যাপক চৰ্চা । লক্ষণীয় বিষয় যে যেতিয়া ৰাজ্যখনত এই পৰিস্থিতিৰ উদ্ভৱ হৈছিল সেইসময়ত মধ্য প্ৰদেশৰ প্ৰাক্তন কংগ্ৰেছ মুখ্যমন্ত্ৰী কমল নাথে মুম্বাই ভ্ৰমণ কৰিছিল । সেই ভ্ৰমণৰ সময়তো তেওঁ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন ব্যক্ত কৰিছিল । ইফালে 44 জন কংগ্ৰেছ বিধায়ক সম্পূৰ্ণৰূপে ঠাকৰেৰ লগত বৰ্তমানো আছে আৰু যিকোনো ক্ষেত্ৰতে তেওঁৰ সৈতে থকা বুলি উল্লেখ কৰে ।

লগতে পঢ়ক:নিশা কইনাধৰাত আছুৰে মুখ্যমন্ত্রীৰ গোপন বৈঠকক লৈ ব্য়াপক চৰ্চা

ABOUT THE AUTHOR

...view details