অসম

assam

CBSE Result: চিবিএছই দশম শ্ৰেণীৰ ফলাফল ঘোষণা

By

Published : Jul 22, 2022, 4:49 PM IST

শুকুৰবাৰে ঘোষণা হয় চি বি এছইৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল (CBSE Class 10 results declared) ।

cbse
cbse

নিউজ ডেস্ক, ২২ জুলাই :শুকুৰবাৰে ঘোষণা হয় কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ চি বি এছইৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল (CBSE Class 10 results declared) ।

ঘোষিত ফলাফল অনুযায়ী 94.40 শতাংশ শিক্ষাৰ্থী এইবাৰ চি বি এছ ইৰ দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে । আনহাতে এই পৰীক্ষাত উত্তীৰ্ণৰ হাৰত ছাত্ৰীৰ উত্তীৰ্ণ হাৰ ছাত্ৰতকৈ 1.41 শতাংশ বেছি ।

উল্লেখ্য, এইবাৰেই প্ৰথমবাৰৰ বাবে চিবিএছইয়ে একেদিনাই দশম আৰু দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কৰে । চিবিএছইৰ সূত্ৰই প্ৰকাশ কৰা মতে, "(দশম শ্ৰেণীৰ) ফলাফল ঘোষণা কৰা হৈছে (CBSE official said Class 10 result announced) ।"

এইবাৰৰ চি বি এছ ইৰ দশম শ্ৰেণীৰ পৰীক্ষাত ছোৱালীৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯৫.২১ শতাংশ আৰু ল'ৰাৰ উত্তীৰ্ণৰ হাৰ ৯৩.৮০ শতাংশ । তৃতীয় লিংগৰ পৰীক্ষাৰ্থীৰ উত্তীৰ্ণৰহাৰ হৈছে ৯০ শতাংশ ।

লগতে পঢ়ক :Presidential Election : ৰাষ্ট্রপতি নির্বাচনৰ জনা-নজনা কিছু কথা

ABOUT THE AUTHOR

...view details