অসম

assam

TMC MLA arrested: দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল টিএমচিৰ বিধায়ক জীৱন কৃষ্ণ সাহা

By

Published : Apr 17, 2023, 8:27 AM IST

সোমবাৰে গ্ৰেপ্তাৰ কৰা হয় পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছৰ বিধায়ক জীৱন কৃষ্ণ সাহাক ৷ বহুতো আপত্তিজনক নথি-পত্ৰ জব্দ কৰিবলৈ সক্ষম হয় তৃণমূল কংগ্ৰেছৰ বিধায়কগৰাকীৰ পৰা (CBI arrests TMC MLA jeeban krishna saha) ৷

Etv Bharat
Etv Bharat

নিউজ ডেস্ক, 17 এপ্ৰিল:দুৰ্নীতিৰ অভিযোগত পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছৰ বিধায়ক জীৱন কৃষ্ণ সাহাক গ্ৰেপ্তাৰ কৰে CBI য়ে ৷ 65 ঘণ্টা ধৰি চলোৱা মাৰাথন জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হয় বিধায়কগৰাকীক ৷ আজি পুৱা প্ৰায় 5.15 মিনিটত গ্ৰেপ্তাৰ কৰা হয় জীৱন কৃষ্ণ সাহাক (CBI arrests TMC MLA jeeban krishna saha ) ৷

শুকুৰবাৰে পুৱতি নিশা প্ৰায় 2.30 বজাত বিধায়গৰাকীৰ বাসগৃহত CBIৰ দল উপস্থিত হৈ পুৱা 5.15 মিনিটত লৈ গৈছিল জেৰাৰ বাবে ৷ এই জেৰাত বিধায়ক জীৱন কৃষ্ণ সাহাই সহযোগ নকৰা আৰু পশ্চিম বংগত নিযুক্তি কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে বুলি প্ৰাথমিক পৰ্যায়ৰ সদৰী কৰিছে CBI য়ে (CBI Arrests TMC MLA over Recruitment Scam) ৷

উল্লেখ্য যে, পশ্চিমবংগৰ SSC আৰু টেট পৰীক্ষাৰ নিযুক্তিত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে জীৱন কৃষ্ণ সাহাৰ বিৰুদ্ধে ৷ সেই অভিযোগৰ ভিত্তিতেই বিধায়কগৰাকীক জেৰা চলাইছিল CBIৰ দলে ৷ ইফালে, CBIৰ দলটোৱে বিধায়কগৰাকীৰ বাসগৃহত তালাচী চলোৱাৰ লগতে তেওঁৰ কাৰ্যায়তো চলায় তালাচী ৷ সেই তালাচীৰ সময়ত বিভিন্ন নথি পত্ৰ উদ্ধাৰ কৰা বুলি প্ৰকাশ কৰিছে CBI ৰ সূত্ৰই (TMC MLA jeeban krishna saha) ৷

তথ্য অনুসৰি সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াৰ তথ্য দুটা মোনাত উদ্ধাৰ কৰা হৈছে ৷ চিবিআইৰ এটা সূত্ৰই দাবী কৰিছে যে টিএমচি বিধায়কগৰাকীৰ বাসগৃহৰ পৰা প্ৰায় 3,400 প্ৰাৰ্থীৰ তথ্য উদ্ধাৰ কৰা হৈছে ৷ ইয়াত নৱম আৰু দশম শ্ৰেণীৰ চাকৰি বিচৰাসকলৰ নাম আৰু ৰোল নম্বৰসহ বহুতো নথি অন্তৰ্ভুক্ত আছে ৷ ইফালে, শুকুৰবাৰে জীৱন কৃষ্ণৰ দুখন টোকা বহি তথা ডায়েৰী জব্দ কৰিছে CBIয়ে (CBI raid at TMC MLA house) ৷

CBI য়ে দাবী কৰা অনুসৰি নিজৰ গৃহতে নিযুক্তি কেলেংকাৰীৰ সমগ্ৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল জীৱন কৃষ্ণ সাহাই ৷ চিবিআইৰ সূত্ৰই সদৰী কৰে যে ঘৰটোত একাধিক কম্পিউটাৰ, কেইবাটাও লেপটপ, তিনিটা নোটপেড, উচ্চ গতিৰ ইণ্টাৰনেট সংযোগ আৰু কিছুমান গুৰুত্বপূৰ্ণ ছফ্টৱেৰ পোৱা গৈছে । বিধায়কজনক ঘৰৰ এটা বিশেষ কোঠা কি উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা হৈছিল সেই বিষয়েও প্ৰশ্ন কৰা CB Iয়ে (West Bengal Teacher Recruitment Scam) । চিবিআইৰ সূত্ৰ অনুসৰি, জীৱনকৃষ্ণই তেওঁৰ মোবাইল ফোনৰ মেম'ৰী কাৰ্ডখন এটা সেন্দুৰৰ টেমাত লুকুৱাই ৰাখিছিল ।

লগতে পঢ়ক :Delhi excise policy case: অৰবিন্দ কেজৰিৱালক 9 ঘণ্টা জেৰা CBIৰ

ABOUT THE AUTHOR

...view details