নিউজ ডেস্ক, 26 জানুৱাৰী : পদ্মভূষণ সন্মান অস্বীকাৰ কৰিছে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যই (Buddhadeb Bhattacharya rejects Padma award) ৷ সামাজিক ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে বুদ্ধদেৱ ভট্টাচাৰ্যলৈ আগবঢ়োৱা হৈছিল পদ্মভূষণ সন্মান ৷ কিন্তু এই সন্মান গ্ৰহণ নকৰে বুলি জানিবলৈ দিছে তেওঁ ৷
কেন্দ্ৰীয় চৰকাৰৰ সচিবালয়ৰ পৰা পৰা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহলৈ ফোন কৰাত পৰিয়ালৰ লোকে প্ৰাথমিকভাৱে সন্মতি জনায় ৷ কিন্তু মোদী চৰকাৰে প্ৰদান কৰা পদ্ম ভূষণ তেওঁ গ্ৰহণ কৰিব নে নাই সেই বিষয়ত ইতিমধ্যেই সন্দেহ আছিল ৷ পৰৱৰ্তী সময়তো বুদ্ধদেৱ ভট্টাচাৰ্যই এই সন্মান গ্ৰহণৰ কথা দুবাৰ চিন্তা নকৰিলে ৷ তেওঁ কয় যে, ‘‘পদ্মভূষণৰ কথা মোক কোনেও একো জনোৱা নাই ৷ যদি মোক পদ্মভূষণ সন্মান দিয়া হৈছে, তেন্তে মই সেয়া প্ৰত্যাখ্যান কৰিছোঁ’’ ৷