অসম

assam

হিন্দুত্ববাদৰ বাৰ্তাৰে ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰৰ অন্ত পেলালে বিজেপিয়ে

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 10:32 PM IST

ৰাজস্থানৰ নিৰ্বাচনী যুদ্ধত অভিযোগ আৰু প্ৰতি-অভিযোগৰ মাজতে জয়পুৰত প্ৰচাৰৰ অন্তিম দিনা বিজেপিয়ে তিনিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু এজন উপ-মুখ্যমন্ত্ৰীক প্ৰক্ষেপ কৰে প্ৰচাৰৰ বাবে । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেয়ে ৰাজস্থানৰ ৰাজনৈতিক খেলপথাৰত ৰোড শ্ব’ কৰে ।

Rajasthan Election 2023
Rajasthan Elections 2023 News

নিউজ ডেস্ক, 23 নৱেম্বৰ:ৰাজস্থান বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনটোত ৰাজধানী জয়পুৰ গেৰুৱা ৰঙেৰে ৰঙীণ হৈ পৰা দেখা যায় । বিজেপি প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত তিনিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু এজন উপ-মুখ্যমন্ত্ৰীয়ে মহানগৰীত ৰোড শ্ব’ অনুষ্ঠিত কৰিছিল । মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছে বিভিন্ন বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত ৰোড শ্ব’ অনুষ্ঠিত কৰা দেখা যায় ।

ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰচাৰৰ অন্তিম দিনা সম্পূৰ্ণৰূপে হিন্দুত্ববাদী নেতাক সন্মুখত ৰাখি প্ৰচাৰ চলায় । মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেয়ে বৃহস্পতিবাৰে হাৱামহলৰ বিজেপি প্ৰাৰ্থী বালমুকুণ্ডাচাৰ্যৰ সমৰ্থনত ৰোড শ্ব’ অনুষ্ঠিত কৰে । নাহৰগড় থানা এলেকা, গংগাউৰী বজাৰ, গেটৰ ৰোড, ব্ৰহ্মপুৰী বজাৰৰ পৰা আমেৰ ৰোড হৈ 10 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰা এই সমদল শাস্ত্ৰী নগৰৰ পৰা আৰম্ভ হয় । শ্বাহপুৰা বিধানসভা সমষ্টিৰ মনোহৰপুৰৰ উপৰিও একনাথ সিন্দেয়ে কোটপুতলীতো ৰাজহুৱা সভা অনুষ্ঠিত কৰে ।

বিজেপিৰ হিন্দুত্ববাদী অনুষ্ঠান: জয়পুৰত প্ৰচাৰৰ অন্তিম দিনটোত বিজেপিৰ গুৰুত্ব আছিল হিন্দুত্ববাদ । এই কাৰণেই দলৰ হিন্দুত্ববাদৰ লগত বিশিষ্টভাৱে জড়িত যোগী আদিত্যনাথে প্ৰাৰ্থী ৰাজ্যবৰ্ধন সিঙৰ সমৰ্থনত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিভিল লাইনৰ পৰা বিজেপি প্ৰাৰ্থী গোপাল শৰ্মাৰ সমৰ্থনত ভোট দিবলৈ ৰাইজক আহ্বান জনোৱাৰ বিপৰীতে মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ শীৰ্ষ দুখন মুখ একনাথ সিন্দে আৰু দেৱেন্দ্ৰ ফাড়নভিছে হাৱা মহল আৰু আদৰ্শ নগৰৰ বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত ৰোড শ্ব’ অনুষ্ঠিত কৰে । আদৰ্শ নগৰ বিধানসভাৰ পৰা বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰা ৰবি নায়াৰৰ বাবে আগ্ৰা ৰোডৰ পৰা ৰাজা পাৰ্কলৈ ৰোড শ্ব’ অনুষ্ঠিত কৰি ভোটৰ বাবে আবেদন জনায় দেৱেন্দ্ৰ ফাড়নভিছে ।

লগতে পঢ়ক:নিৰ্বাচন আয়োগৰ জাননীৰ পিচতে ৰাহুল গান্ধীক ৰক্ষণাবেক্ষণৰ চেষ্টা কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details