ETV Bharat / bharat

নিৰ্বাচন আয়োগৰ জাননীৰ পিচতে ৰাহুল গান্ধীক ৰক্ষণাবেক্ষণৰ চেষ্টা কংগ্ৰেছৰ

author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 9:20 PM IST

‘পনৌতি’ শব্দৰ প্ৰয়োগক লৈ যুঁজ-বাগৰ অব্য়াহত আছে কংগ্ৰেছ আৰু বিজেপিৰ ৷ ইতিমধ্যে বিজেপিয়ে দিয়া গোচৰৰ পৰিপ্ৰেক্ষিতত দেশৰ নিৰ্বাচন আয়োগে কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ কাৰণ দৰ্শোৱাৰ জাননীও জাৰি কৰিছে ৷ এই সন্দৰ্ভত কংগ্ৰেছে ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া ৷

Congress to defend Rahul
Congress to defend Rahul

নিউজ ডেস্ক, 23 নৱেম্বৰ: বৃহস্পতিবাৰে কংগ্ৰেছে কয় যে ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীক লক্ষ্য কৰি “পনৌতি” আৰু “জেবকাত্ৰা”ৰ দৰে শব্দৰ উচ্চাৰণ কৰাত কোনো দোষ নাই । ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কংগ্ৰেছৰ সংবাদ মাধ্যমৰ মুৰব্বী পৱন খেৰাই কয়, ‘‘ইচিৰ জাননীৰ প্ৰতি আমি সঠিক সঁহাৰি দিম ।’’

নিৰ্বাচন আয়োগে ৰাহুল গান্ধীলৈ জাননী প্ৰেৰণ কৰি 25 নৱেম্বৰত পেনেলৰ সন্মুখত হাজিৰ হৈ ৰাজস্থানত শেহতীয়াকৈ নিৰ্বাচনী ভাষণৰ সময়ত কৰা মন্তব্যৰ ব্যাখ্যা দিবলৈ নিৰ্দেশ দিয়ে ৷ ইয়াৰ পিছতে দলটোৱে বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । কংগ্ৰেছ নেতাগৰাকীৰ এই মন্তব্যক লৈ ক্ষোভিত হৈ পৰা বিজেপিয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত নিৰ্বাচন আয়োগে ৰাহুল গান্ধীলৈ এই জাননী প্ৰেৰণ কৰিছে ।

‘‘হিন্দী ভাষাত ‘পনৌতি’ মানে এনে এজন ব্যক্তি যিয়ে বেয়া খবৰ লৈ আহে আৰু ‘জেবকাত্ৰা’ হৈছে এজন পকেটমাৰৰ সমাৰ্থক শব্দ । ৰাহুল গান্ধীয়ে শব্দ দুটাৰ ব্যৱহাৰত কোনো দোষ নাই । জনসমাগমৰ পৰাই পনৌতি শব্দটো আহিছিল আৰু তেওঁ কাৰো নাম নোলোৱাকৈয়ে মাথোঁ আওঁৰাইছিল । আহমেদাবাদৰ ক্ৰিকেট বিশ্বকাপৰ খেলখন অনুষ্ঠিত হোৱা ষ্টেডিয়ামত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰিছিল । গতিকে, এই শব্দ দুটা প্ৰধানমন্ত্ৰীক উদ্দেশ্য়ি প্ৰয়োগ কৰা হৈছিল বুলি কোৱাটো অতি অস্পষ্ট অভিযোগ ৷’’ কংগ্ৰেছৰ এজন সদস্যই এইদৰে কয় ।

“জেবকাত্ৰা আকৌ আন এটা উপমাৰ অংশ, যিটো সাধাৰণতে কিবা এটা বুজাবলৈ ব্যৱহাৰ কৰা হয় । ৰাহুল গান্ধীয়ে পোনপটীয়াকৈ কোনো নাম লোৱা নাছিল ।’’ এই দুটা কথাই নিৰ্বাচন আয়োগৰ জাননীৰ প্ৰতি ৰাহুল গান্ধীৰ সঁহাৰিৰ ভিত্তি গঠন কৰিব বুলি দলৰ অভিজ্ঞতাপুষ্ট লোকসকলে কয় ৷ অৱশ্যে কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বীগৰাকী নিৰ্বাচন আয়োগৰ সন্মুখত ব্যক্তিগতভাৱে হাজিৰ হোৱাৰ সম্ভাৱনা নাই আৰু তেওঁৰ অধিবক্তাই উপযুক্ত উত্তৰ দাখিল কৰিব ।

খেৰাৰ মতে, “পূৰ্বতে বিজেপিৰ জ্যেষ্ঠ নেতাসকলে আমাৰ নেতাক বদনাম কৰিবলৈ আপত্তিজনক শব্দ ব্যৱহাৰ কৰিছিল ৷ যেনে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ "ৰাহু কাল", পিএম মোদীৰ "মূৰ্খো কা চৰ্দাৰ" আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ অনুৰূপ শব্দ । যেতিয়া পি এম মোদীয়ে এনে মন্তব্য কৰে, সেয়া সমালোচনা হৈ পৰে আৰু ৰাহুল গান্ধীয়ে কিবা ক’লেই অপমান হৈ পৰে । সেয়া হ’ব নোৱাৰে । এজনৰ সমালোচনা আন এজনৰ অপমান হ’ব নোৱাৰে ।”

কংগ্ৰেছৰ ছ’চিয়েল মিডিয়া মুৰব্বী সুপ্ৰিয়া শ্ৰীনাটেয়ে কয় যে বিজেপিয়ে ‘পনৌতি’ শব্দটোক লৈ বিচলিত হোৱাৰ কোনো কাৰণ নাছিল ৷ কিয়নো বিগত ৯ বছৰত গেৰুৱা দলে ৰাহুল গান্ধীক বদনাম কৰিবলৈ হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰিছিল । ‘‘ৰাহুল গান্ধীক বদনাম কৰাৰ অভিযানত হাজাৰ হাজাৰ কোটি টকা খৰচ কৰাৰ সময়ত পনৌতি শব্দটোক লৈ ক্ষুব্ধ হৈ পৰা সেইসকল লোক ক’ত আছিল ? তেওঁৰ ভাষণৰ কিছু অংশ কাটি অপব্যৱহাৰ কৰা হৈছিল । প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধী নেতাক “মূৰ্খৰ নেতা” বুলি ক’লে একেখিনি মানুহেই কিয় খং নকৰে ?’’ বুলি প্ৰশ্ন কৰে শ্ৰীনাটেয়ে ৷

‘পনৌতি’ শব্দটো আমাৰ শব্দ নহয়, জনসাধাৰণে দিছে । কিন্তু, বিষয়টো হ’ল যেতিয়াই কোনোবাই ভুৱা প্ৰতিশ্ৰুতি দিয়া বা ‘পানৌতি’ শব্দটো উল্লেখ কৰে তেতিয়াই মানুহে পিএম মোদীৰ কথা কিয় ভাবে বুলি শ্ৰীনাটেয়ে কয় । শেহতীয়াকৈ বিজেপি নেতা অমিত মালৱিয়াই প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ এখন ছবি টুইট কৰি প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধীক উল্লেখ কৰি ‘পনৌতি’ শব্দটো ব্যৱহাৰ কৰিছিল । তেতিয়া একেখিনি মানুহে কিয় খং কৰা নাছিল বুলিও তেওঁ প্ৰশ্ন কৰে ৷

লগতে পঢ়ক: ৰাহুল গান্ধীলৈ কাৰণ দৰ্শোৱাৰ জাননী দেশৰ নিৰ্বাচন আয়োগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.