অসম

assam

Nitish Kumar Delhi Visit : নীতিশ কুমাৰৰ দিল্লী ভ্ৰমণ; দ্বিতীয় দিনা কেজৰিৱালকে ধৰি বিৰোধী নেতাসকলক সাক্ষাৎ কৰাৰ সম্ভাৱনা

By

Published : Aug 16, 2023, 11:01 PM IST

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বৃহস্পতিবাৰে দিল্লী ভ্ৰমণৰ দ্বিতীয় দিনা অৰবিন্দ কেজৰিৱালকে ধৰি আন বিৰোধী দলৰ নেতাক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে ৷ ‘অটল সমাধি স্থান’ত উপস্থিত হৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নীতিশ কুমাৰে ৷

Bihar CM Nitish Kumar Delhi Visit
নীতিশ কুমাৰৰ দিল্লী ভ্ৰমণ

নিউজ ডেস্ক, 16 আগষ্ট :২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী দলক একত্ৰিত কৰিবলৈ চেষ্টা কৰা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বৃহস্পতিবাৰে দিল্লী ভ্ৰমণৰ দ্বিতীয় দিনা অৰবিন্দ কেজৰিৱালকে ধৰি আন বিৰোধী দলৰ নেতাক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে ৷ যদিও বুধবাৰৰ দিনটো আলোচনা চলিছিল যে তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব পাৰে, কিন্তু এই বৈঠক বুধবাৰে অনুষ্ঠিত ন’হল ৷ চলিত মাহৰ শেষত মুম্বাইত মুখ্যমন্ত্রী গৰাকীয়ে বিৰোধী নেতাসকলক সাক্ষাৎ কৰি প্রস্তাৱিত ভাৰত মিত্রতাৰ কাৰ্যসূচী সন্দর্ভত আলোচনা কৰিব পাৰে ৷

ইয়াৰ পূৰ্বে নীতিশ কুমাৰে ‘অটল সমাধি স্থান’ত উপস্থিত হৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, "আমি অটলজীক বহুত সন্মান কৰো ৷ মোৰ প্ৰতিও তেওঁৰ বৰ মৰম আছিল ৷ মই সেইবোৰ কেতিয়াও পাহৰিব নোৱাৰো ৷ প্ৰথমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাবে শপত লোৱাৰ সময়ত তেওঁ তাত উপস্থিত আছিল ৷"

নীতিশ কুমাৰৰ দিল্লী ভ্ৰমণ
নীতিশ কুমাৰৰ দিল্লী ভ্ৰমণ

বুধবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জন্মদিনো আছিল ৷ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পুৱাই টুইট কৰি অভিনন্দন জনায় কেজৰিৱালক ৷ বিহাৰৰ মুখ্যমন্ত্ৰীয়ে অফিচিয়েল টুইটাৰ হেণ্ডেলত লিখিছে, "দিল্লীৰ সন্মানীয় মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল জীলৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন ৷ আপোনাৰ সুস্থাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ ৷"

লোকসভা নিৰ্বাচনৰ পূৰ্বে সকলো বিৰোধী দলকে একত্ৰিত কৰাৰ কচৰৎত নিয়োজিত নীতিশ কুমাৰৰ উদ্যোগত ২৩ জুনত পাটনাত বিৰোধী দলসমূহৰ এখন বৈঠক অনুষ্ঠিত হয় ৷ য'ত ১৭টা দলৰ নেতাই অংশগ্ৰহণ কৰে ৷ পৰৱৰ্তী সময়ত ১৭-১৮ জুলাইত বেংগালুৰুত দ্বিতীয় ৰাউণ্ডৰ বৈঠক অনুষ্ঠিত হয়, য’ত ২৬টা দলৰ নেতাই অংশগ্ৰহণ কৰে ৷ তাতেই পাৰস্পৰিক সন্মতিৰে INDIA মিত্ৰতাৰ নাম ঘোষণা কৰা হয় ৷ ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত মুম্বাইত তৃতীয় ৰাউণ্ডৰ বৈঠক অনুষ্ঠিত হ’ব ৷ চৰ্চা চলিছে যে, INDIA মিত্ৰজোঁটৰ আহ্বায়ক হিচাপে নীতিশ কুমাৰৰ নাম তাতেই ঘোষণা হ’ব পাৰে ৷

নীতিশ কুমাৰৰ দিল্লী ভ্ৰমণ

নীতিশ কুমাৰ আৰু অৰবিন্দ কেজৰিৱালৰ সম্ভাৱ্য বৈঠকক লৈ বিহাৰত ৰাজনীতি উত্তপ্ত হৈ পৰিছে ৷ মুখ্যমন্ত্ৰী গৰাকীক আক্ৰমণ কৰিছে বিজেপি নেতাই ৷ বিহাৰ বিজেপিৰ সভাপতি সম্ৰাট চৌধুৰীয়ে কয় যে বিহাৰক মুখ্যমন্ত্ৰীয়ে চম্ভালিব পৰা নাই, তেন্তে দেশক কেনেদৰে চম্ভালিব ৷ একে সময়তে সুশীল মোদীয়ে কয় যে যোৱা এবছৰত কোনো ডাঙৰ নেতাই মিত্ৰজোঁটত যোগদান কৰা নাছিল, কোনো দলো বিৰোধী মিত্ৰজোঁটৰ অংশ হোৱা নাছিল ৷ ইয়াৰ বিপৰীতে উপেন্দ্ৰ কুশৱাহা, আৰ চি পি সিং, জিতন ৰাম মাঞ্জী আদি নেতাই নিজৰ পক্ষ এৰি আমাৰ লগত যোগ দিলে ৷ আনহাতে ৰবি শংকৰ প্ৰসাদে কয় যে নীতিশ কুমাৰে এনে এক বৰযাত্ৰীৰ যাত্ৰাত অংশ ল’বলৈ ওলাইছে, য’ত দৰাৰেই কোনো ঠিকনা নাই ৷

সম্ৰাট চৌধুৰীয়ে কয় "নিতীশ কুমাৰে কাক লগ কৰে তাক লৈ এই দেশত কাৰ কি আহে যায় ৷ ২০২৪ চনত পুনৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰ গঠন হ'ব ৷ নীতিশ কুমাৰে বিহাৰেই চম্ভালিব পৰা নাই, গতিকে দেশ কেনেকৈ চম্ভালিব ৷"

সুশীল মোদীয়ে কয় যে, "নিতীশ কুমাৰে সপোন দেখিছে ৷ যোৱা এবছৰৰ ভিতৰত কিমান সমষ্টিবাসীয়ে গ্ৰেণ্ড এলায়েন্সত যোগদান কৰিলে সেয়াও তেওঁ ক'ব লাগে ৷ ইয়াৰ বিপৰীতে উপেন্দ্ৰ কুশৱাহা, আৰ চি পি সিং আৰু জিতন ৰাম মাঞ্জীৰ দৰে নেতাই তেওঁক পৰিত্যাগ কৰিছে ৷ অবিৰতভাৱে বিজেপিলৈ মানুহ অহাৰ প্ৰক্ৰিয়া অব্যাহত আছে।"

একে সময়তে জেডিইউৰ মুখপাত্ৰ নীৰজ কুমাৰে বিজেপিক প্ৰত্যুত্তৰ দিয়ে ৷ তেওঁ কয় যে নীতিশ কুমাৰে আচলতে ভীমৰাও আম্বেদকাৰৰ সপোন বাস্তৱায়িত কৰিবলৈ আগবাঢ়িছে ৷ বিৰোধী ঐক্যৰ অভিযানৰ স্থপতি নীতিশ কুমাৰ ৷ এই কাৰণেই বিজেপি শিবিৰত অস্বস্তিৰ সৃষ্টি হৈছে ৷

নীৰজ কুমাৰে কয় "মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বাবেই সন্মানীয় নৰেন্দ্ৰ মোদী আৰু বিজেপি সমস্যাত পৰিছে ৷ বিৰোধীয়ে গঠন কৰা INDIA মিত্ৰজোটৰ পৰিণতি সুদূৰপ্ৰসাৰী হ'ব ৷ যিটো বিজেপিৰ উন্মাদ ৰাজনীতিৰ কফিনত শেষ গজাল লগোৱাৰ দৰে হ'ব ৷"

লগতে পঢ়ক :Lok Sabha Elections 2024: আপৰ সৈতে মিত্ৰতা সন্দৰ্ভত দিল্লী কংগ্ৰেছ নেতাৰে বৈঠকত মিলিত মল্লিকাৰ্জুন খাৰ্গে-ৰাহুল গান্ধী

ABOUT THE AUTHOR

...view details