১৬০ টা ঘঁৰিয়ালৰ পোৱালি মুকলি কৰি দিয়া হ’ল নদীত - world crocodile day
Crocodiles release in river : নদীত মুকলি কৰি দিয়া হ’ল ১৬০ টা ঘঁৰিয়ালৰ পোৱালি ৷ বিশ্ব ঘঁৰিয়াল দিৱস উপলক্ষে কণী ফুটাই পোৱালিসমূহ মুকলি কৰি দিয়া হয় নদীত ৷

Published : June 18, 2024 at 4:59 PM IST
|Updated : June 18, 2024 at 10:02 PM IST
নিউজ ডেস্ক, ১৮ জুন: সোমবাৰে আছিল বিশ্ব ঘঁৰিয়াল দিৱস ৷ সেই উপলক্ষে ১৫ আৰু ১৬ জুনত এখন নদীত মুকলি কৰি দিয়া হয় ১৬০ টা ঘঁৰিয়ালৰ পোৱালি ৷ ভাৰতীয় বন্যপ্ৰাণী ন্যাস, বন বিভাগ আৰু প্ৰশিক্ষণপ্ৰাপ্ত গাঁওবাসীৰ সহযোগত নদীখনত মুকলি কৰি দিয়া হ’ল ঘঁৰিয়ালৰ পোৱালিসমূহ ৷
বিহাৰৰ গণ্ডক নদীত মুকলি কৰি দিয়া হ’ল পোৱালিসমূহ ৷ বিগত তিনিমাহ ধৰি গণ্ডক নদীৰ পাৰৰ ৬ টা স্থানত ঘঁৰিয়ালৰ কণী সংৰক্ষণ কৰি ৰখা হৈছিল । ইয়াৰ পিচত কণীসমূহৰ পৰা পোৱালি জগাই গণ্ডক নদীত এৰি দিয়া হয় ৷
এইপৰ্যন্ত ৬০০ টা ঘঁৰিয়ালৰ পোৱালি এৰি দিয়া হৈছে :
কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছ চিৰিয়াখানাতো ঘঁৰিয়ালৰ কণী সংৰক্ষণ আৰু প্ৰজননে সমাদৰ লাভ কৰিছে ৷ ডব্লিউ টি আই, বন আৰু পৰিৱেশ বিভাগ নিয়োজিত হৈ আছে উক্ত ঘঁৰিয়াল সংৰক্ষণৰ কামত । ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ মুৰব্বী সুব্ৰত বাহেৰাই কয় যে ২০১৩ চনৰ পৰা ঘঁৰিয়াল উদ্ধাৰ প্ৰকল্পৰ অধীনত ঘঁৰিয়াল সংৰক্ষণৰ দিশত প্ৰচেষ্টা চলাই অহা হৈছে ৷ যাৰ অধীনত ভাৰতীয় বন্যপ্ৰাণী ন্যাস, বন বিভাগ আৰু স্থানীয় প্ৰশিক্ষিত গাঁওবাসীৰ সহায়ত বিগত দহ বছৰত ৬০০ৰো অধিক ঘঁৰিয়ালৰ পোৱালি নদীত মুকলি কৰি দিয়া হৈছে ।
লগতে পঢ়ক: প্ৰথমবাৰৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুত দেখা গ’ল ঘৰিয়াল
ভাৰতীয় বন্যপ্ৰাণী ট্ৰাষ্টৰ মুৰব্বী সুব্ৰত বাহেৰাই কয়, ‘‘মাৰ্চ মাহৰ পৰা কণী সংৰক্ষণ আৰু প্ৰজননৰ প্ৰক্ৰিয়া আৰম্ভ হয় । মাইকী ঘঁৰিয়ালে নদীৰ ওচৰৰ ওখ বালিৰ টিলাত বাহ সাজি কণী পাৰে । ইয়াৰ পিচত প্ৰায় দুই-তিনিমাহৰ ভিতৰত কণীৰ পৰা পোৱালিবোৰ ওলাই আহে ।’’
সুব্ৰত বাহেৰাই কয় যে এইবাৰ বগাহাৰ ধনহা-ৰতৱাল দলঙৰ সমীপত ঘঁৰিয়ালৰ কণী থকা পাঁচটা বাহ পোৱা গৈছে ৷ ইয়াৰে ৪টা বাহৰ পৰা ১২৭টা পোৱালি ফুটাই উলিওৱা হৈছে । প্ৰথমবাৰৰ বাবে বিহাৰৰ বগাহা সীমান্তৰ গাতে লাগি থকা উত্তৰ প্ৰদেশৰ সোহগী বৰৱাৰ সাধু ঘাটত এটা বাহ উদ্ধাৰ হয়, য’ৰ পৰা ৩৩টা পোৱালি ওলায় ৷

ঘঁৰিয়ালৰ সংখ্যা বৃদ্ধি:
বিলুপ্তপ্ৰায় ঘঁৰিয়ালৰ সংৰক্ষণ আৰু প্ৰসাৰৰ দিশত ভাৰতীয় বন্যপ্ৰাণী ট্ৰাষ্টৰ পদক্ষেপে সুফল দিছে । যোৱা বছৰ তেওঁলোকে গণ্ডক নদীত ১২৫টা ঘঁৰিয়ালৰ পোৱালি এৰি দিছিল । ফলত গণ্ডক নদীত ঘঁৰিয়ালৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে । চাম্বালৰ নৰ্মদা নদীৰ পিচত বিহাৰৰ গণ্ডক নদীত সৰ্বাধিকসংখ্যক ঘঁৰিয়াল পোৱা যায় । বৰ্তমান গণ্ডক নদীত ৬০০ৰো অধিক ঘঁৰিয়াল আছে ।
লগতে পঢ়ক: ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰ বালিচৰত প্ৰকাণ্ড ঘঁৰিয়াল

