ETV Bharat / bharat

Lok Sabha Elections 2024: আপৰ সৈতে মিত্ৰতা সন্দৰ্ভত দিল্লী কংগ্ৰেছ নেতাৰে বৈঠকত মিলিত মল্লিকাৰ্জুন খাৰ্গে-ৰাহুল গান্ধী

author img

By

Published : Aug 16, 2023, 9:16 PM IST

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰস্তুতি আৰম্ভ কৰিছে । কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীয়ে দিল্লীৰ কংগ্ৰেছ নেতাৰ সৈতে বৈঠকত মিলিত হয় আৰু কৌশল সন্দৰ্ভত আলোচনা কৰে । বৈঠকত দিল্লী কংগ্ৰেছৰ নেতাসকলে আপৰ সৈতে মিত্ৰতাত আপত্তি প্ৰকাশ কৰিছে । আপেও এই সন্দর্ভত দিছে প্রত্যুত্তৰ ৷

Lok Sabha Elections 2024
দিল্লী কংগ্ৰেছ নেতাৰে বৈঠকত মিলিত সভাপতি মল্লিকাৰ্জুন খাৰ্গে-ৰাহুল গান্ধীয়ে

নিউজ ডেস্ক, ১৬ আগষ্ট: আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থত বিৰোধী দলৰ মিত্ৰজোঁটে ঐক্যবদ্ধভাৱে প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে । আনহাতে, কংগ্ৰেছে সকলো ৰাজ্যতে দলটোৰ সংগঠনক শক্তিশালী কৰাৰ লগতে লোকসভা নিৰ্বাচনত প্ৰৱল প্ৰত্যাহ্বানেৰে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে । এই সন্দৰ্ভত বুধবাৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দিল্লীৰ কংগ্ৰেছ নেতাৰ সৈতে বৈঠকত মিলিত হয় । প্ৰায় ৩ ঘণ্টা ধৰি অনুষ্ঠিত হয় এই বৈঠক । সূত্ৰ অনুসৰি আম আদমী পাৰ্টিৰে মিত্ৰতা কৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱাত দিল্লী কংগ্ৰেছৰ নেতাসকলে আপত্তি কৰিছে ।

Lok Sabha Elections 2024
দিল্লী কংগ্ৰেছ নেতাৰে বৈঠকত মিলিত সভাপতি মল্লিকাৰ্জুন খাৰ্গে-ৰাহুল গান্ধীয়ে

"দিল্লী যাৰ, দেশ তাৰ" কৰ্মকৰ্তাসকলক এই বাৰ্তা প্ৰেৰণ কৰিবলৈ দলৰ তৰফৰ পৰা নিৰ্দেশ দিয়া হৈছিল । বৈঠকত অংশগ্ৰহণ কৰা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অলকা লাম্বাই কয় যে এতিয়ালৈকে শীৰ্ষ নেতৃত্বই ১৮খন ৰাজ্যৰ দলীয় বিষয়াৰ সৈতে বৈঠকত মিলিত হৈছে । আজি ১৯ নং দিল্লী ৰাজ্যৰ নেতাসকলৰ সৈতে বৈঠক অনুষ্ঠিত হয় । ইয়াৰ সাতখন আসনতে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ সকলোকে সাজু হ’বলৈ নিৰ্দেশ দিয়া হৈছিল ।

  • #WATCH तीन घंटे तक चली बैठक में राहुल गांधी, कांग्रेस के राष्ट्रीय अध्यक्ष मल्लिकार्जुन खरगे, के.सी. वेणुगोपाल और दीपक बाबरिया मौजूद थे। संगठन को मज़बूत करने, आगामी लोकसभा चुनाव की तैयारी करने पर बात हुई। 7 महीने और 7 सीटें(दिल्ली लोकसभा) हैं। सभी सीटों पर हर नेता को आज से अभी से… pic.twitter.com/SDS293NlLl

    — ANI_HindiNews (@AHindinews) August 16, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

বৈঠকত দলটোৰ সংগঠনক শক্তিশালী কৰাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলোৱাৰ ওপৰত আলোচনা কৰা হয় । ৭ মাহ আৰু ৭ খন আসন (দিল্লী লোকসভা) । সংগঠনৰ তৰফৰ পৰা যাক যি নিৰ্দেশ দিয়া হ’ব, আমি পালন কৰিম । সকলোৱে বিষয়বোৰ জনসাধাৰণৰ মাজলৈ লৈ যাব লাগিব ।

কংগ্ৰেছ নেত্ৰী অলকা লাম্বাৰ বক্তব্যৰ পিছত আপ নেতা তথা মন্ত্ৰী সৌৰভ ভৰদ্বাজে কয় , এনেবোৰ কথা আহি থাকিব । যেতিয়া I.N.D.I.A ৰ সকলো নেতৃত্ব একেলগে বহিব, দলৰ শীৰ্ষ নেতৃত্বই আসন ভাগ-বতৰাৰ বিষয়ে আলোচনা কৰিব ৷ তেতিয়াহে গম পোৱা যাব কোন দলে কোনখন আসন লাভ কৰিছে ।

  • #WATCH ऐसी बातें आती रहेंगी। जब INDIA के घटक दल मिलकर बैठेंगे, जब सभी पार्टियों का शीर्ष नेतृत्व एक साथ बैठकर सीटों के बंटवारे पर चर्चा करेगा तब पता चलेगा कि किस पार्टी को कौन सी सीटें मिल रही हैं: कांग्रेस द्वारा दिल्ली की सभी 7 लोकसभा सीटों पर चुनाव लड़ने की खबरों पर AAP नेता… pic.twitter.com/ilwbc7Zn4W

    — ANI_HindiNews (@AHindinews) August 16, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে দিল্লী কংগ্ৰেছৰ সভাপতি অনিল কুমাৰে কয়, ৰাষ্ট্ৰীয় বিষয়ত আলোচনা হৈছে । দিল্লীক লৈ বহুদিনৰ পৰা চৰ্চা চলি আহিছে । দিল্লীৰ জনসাধাৰণে আজিও স্মৰণ কৰি আছে শীলা দীক্ষিতৰ কৰ্মৰাজি । সংগঠনক শক্তিশালী কৰিব লাগিব । আজিৰ বৈঠকৰ পাছত ২০২৪ চনতো কংগ্ৰেছে ভাল প্ৰদৰ্শন কৰিব আৰু ২০২৫ চনত দিল্লী বিধানসভা নিৰ্বাচনতো কংগ্ৰেছৰ প্ৰদৰ্শন ভাল হ’ব । মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পৰাজয় নিশ্চিত ।

Lok Sabha Elections 2024
দিল্লী কংগ্ৰেছ নেতাৰে বৈঠকত মিলিত সভাপতি মল্লিকাৰ্জুন খাৰ্গে-ৰাহুল গান্ধীয়ে

নাম প্ৰকাশ অনিচ্ছুক কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতাই কয়, আজিৰ বৈঠকত বহু নেতাই মিত্ৰতা সন্দৰ্ভত নিজৰ মতামত ৰাখিলে । আম আদমী পাৰ্টিৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত সকলোৱে আপত্তি প্ৰকাশ কৰিছে । হাইকমাণ্ডৰ পৰাও নিৰ্দেশ পোৱা গৈছে যে, দিল্লীৰ সাতখন আসনতে জয়ী হ’বলৈ আমি নিজাববীয়াকৈ প্ৰস্তুতি চলাব লাগিব । দিল্লীৰ জনসাধাৰণে কংগ্ৰেছৰ কাম-কাজ দেখিছে । আজিও তেওঁলোকে নাম লৈছে । এতিয়া আমি তেওঁলোকৰ আস্থা আৰু অধিক শক্তিশালী কৰিব লাগিব । আজিৰ পৰাই আমি ইয়াৰ প্ৰস্তুতি আৰম্ভ কৰিব লাগিব । এই বৈঠকত অজয় ​​মাকেন, সন্দীপ দীক্ষিত, অলকা লাম্বা, হাৰুণ ইউছুফ, হৰিশংকৰ, অনিল কুমাৰ চৌধুৰী, অমৃতা ধাৱনকে ধৰি দিল্লী কংগ্ৰেছৰ নেতাসকল উপস্থিত থাকে ।

লগতে পঢ়ক: AAP-Congress in Delhi: আপ-কংগ্ৰেছৰ সম্পৰ্কত ফাঁট ! কেজৰিৱালে বৰ্জন কৰিব I.N.D.I.A গোটৰ তৃতীয় বৈঠক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.