অসম

assam

আজি বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস

By

Published : Aug 21, 2019, 4:42 PM IST

প্ৰতি বছৰে 21 আগষ্টত বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস পালন কৰা হয় ৷ প্ৰথমবাৰৰ বাবে 1991 চনৰ 1 অক্টোবৰ তাৰিখে পালন কৰা হৈছিল এই দিৱস ৷

আজি বিশ্ব জ্যেষ্ঠ নাগআজি বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱসৰিক দিৱস

নিউজ ডেক্স,21 আগষ্টঃ প্ৰতি বছৰে 21 আগষ্টত বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস পালন কৰা হয় ৷


বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱসৰ ইতিহাসঃ
বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস পোন প্ৰথমবাৰৰ বাবে 1991 চনৰ 1 অক্টোবৰ তাৰিখে পালন কৰা হৈছিল ৷ উক্ত দিনটো জ্যোষ্ঠ নাগৰিকসকলক প্ৰভাৱিত কৰা বিষয় আৰু কাৰণসমূহ সম্পৰ্কে সজাগতা বৃদ্ধিৰ বাবে স্বীকৃতি দিয়া হৈছিল৷

আজি বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস

বিশ্বৰ জ্যেষ্ঠ নাগৰিকসকলে সন্মুখীন হোৱা সমস্যাসমূহঃ

স্বাস্থ্য, অপুষ্টি, আশ্ৰয়ৰ অভাৱ, ভয়, হতাশা, বোধগম্যতা, বিচ্ছিন্নতা, একঘেয়ামি, উৎপাদনহীনতাৰ লগতে আৰ্থিক অক্ষমতাই হ'ল আজি বিশ্বজুৰি প্ৰবীণ নাগৰিক সকলে মুখামুখী হোৱা সৰ্বাধিক সমস্যা ৷ এই সমস্যাসমূহ- 1. শৰিৰীক আৰু মানসিক স্বাস্থ্য আৰু 2. আৰ্থিক সক্ষমতা এই দুই ভাগত ভগাব পাৰি ৷


ভাৰতত প্ৰবীণ নাগৰিক দিৱস উদযাপনৰ বাবে কিছু পৰামৰ্শঃ
2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতত 60ৰ উৰ্দ্ধৰ 104 লাখ জ্যেষ্ঠ নাগৰিক আছে, যাৰ ভিতৰত 51 লাখ পুৰুষ আৰু 53 লাখ মহিলা ৷ প্ৰাপ্ত তথ্য অনুসৰি এই সংখ্যা বছৰৰ পিছত বছৰ বৃদ্ধি পাই আহিছে ৷ দেশৰ প্ৰবীণসকলৰ কথা বিবেচনা কৰি যত্ন আৰু স্নেহেৰে তেওঁলোকৰ সহায়ৰ হাত আগবঢ়োৱাটো আমাৰ মানৱ কৰ্তব্য ৷ পুৰণি স্মৃতি সজ্জীৱিত কৰি জ্যেষ্ঠ সকলৰ বাবে আগবঢ়োৱাটোও তেওঁলোকৰ সৈতে জড়িত থকাৰ এক দুৰ্দান্ত উপায় ৷ মানুহ বৃদ্ধ হোৱাৰ লগে লগে তেঁওলোকৰ দৈনন্দিন কাম কাজ কৰাৰ ক্ষমতা হেৰুৱাবলৈ আৰম্ভ কৰে লগতে স্মৃতিশক্তি হ্ৰাসপোৱাৰ বাবে আনৰ ওপৰত নিৰ্ভৰশীল হবলৈ আৰম্ভ কৰে ৷ বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস হ'ল আমাৰ সমাজৰ প্ৰতিজন জ্যেষ্ঠৰ প্ৰতি সন্মান জনোৱাৰ এক সোণালী সুযোগ অৰ্থাৎ ভৱিষ্যত প্ৰজন্মক শুদ্ধ নাগৰিকৰ পথত আগবঢ়োৱাৰ সুযোগ ৷

ABOUT THE AUTHOR

...view details