অসম

assam

উত্তৰ পূব আৰু জম্মু আৰু কাশ্মীৰত সন্ত্ৰাসবাদ নিৰ্মূল হৈছে : অমিত শ্বাহ

By

Published : Jan 24, 2021, 10:40 PM IST

জম্মু আৰু কাশ্মীৰৰ লগতে সমগ্ৰ উত্তৰ পূবত সন্ত্ৰাসবাদৰ অৱসান ঘটিছে বুলি মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৷ সন্ত্ৰাসবাদ তথা হিংসাত্মক যুগৰ অৱসান ঘটি সম্গৰ উত্তৰ পূৱৰ লগতে বড়ো ভূমিত শান্তি স্থাপন হৈছে বুলিও দাবী মন্ত্ৰী গৰাকীৰ ৷ দেওবাৰে অসমত উপস্থিত হৈ বিশাল জনসভাক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে ৷ সমাগত অসম বিধানসভা নিৰ্বাচনতো বিজেপিয়ে অনায়াসে সফলতা লাভ কৰিব বুলি মন্তব্য ৷

Amit Shah says violent phase ended in J&K , Northeast
Amit Shah says violent phase ended in J&K , Northeast

নিউজ ডেস্ক, 24 জানুৱাৰী:অসমত উপস্থিত হৈ দেওবাৰে এক বৃহৎ জনসভাক উদ্দেশ্যি দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 'নতুন ভাৰতবৰ্ষ' আৰু 'আত্মনিৰ্ভৰ ভাৰত'ৰ সপোন বাস্তৱায়িত কৰা পদক্ষেপৰ অংশ হিচাপেসমগ্ৰউত্তৰ পূবৰ লগতে জম্মু কাশ্মীৰত সন্ত্ৰাসবাদৰ হিংসাত্মক অধ্যায়ৰ অৱসান ঘটাই এক শান্তি আৰু উন্নয়নৰ যুগ আৰম্ভ হৈছে মন্তব্য কৰে ৷

ধাৰা 370 প্ৰত্যাহাৰ কৰাৰ পাছতে জম্মু আৰু কাশ্মীৰত হিংসাত্মক কাৰ্যকলাপ যথেষ্ট পৰিমানে হ্ৰাস পাইছে বুলি মন্তব্য কৰাৰ লগতে শ্বাহে এইবুলিও কয় যে বড়ো শান্তি চুক্তি ৰ পাছতে কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাক লৈ গঠিত বিটিআৰত শান্তিৰ পৰিৱেশে বিৰাজ কৰিছে ৷

তেঁও কয়, "কোনোধৰণৰ হিংসাত্মক কাৰ্যকলাপৰ অংশীদাৰ নোহোৱাকৈ বৃহৎ সংখ্যক লোকে নৱেম্বৰত জম্মু আৰু কাশ্মীৰৰ জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচনত তেঁওলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু অসমতো ডিচেম্বৰত বড়োলেণ্ডৰ পৰিষদীয় নিৰ্বাচনত ৰাইজে একেদৰে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সক্ষম হৈছে ৷"

বিটিচিৰ নিৰ্বাচনত বিজেপিৰ সফলতাক চেমি ফাইনেল বুলি মন্তব্য কৰি শ্বাহে লগতে কয় যে এপ্ৰিল-মে' মাহত অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভা নিৰ্বাচন অৰ্থাৎ অন্তিম খেলখনতো বিজেপিয়ে অনায়াসে সফলতা লাভ কৰিব ৷

গৃহ মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে যে, বিগত কেবাটাও বছৰৰ সন্ত্ৰাসবাদৰ ফলত 5000 ত কৈও অধিক লোকে মৃত্যুক সাৱটি ল'ব লগীয়া হৈছিল ৷ কিন্তু এতিয়া প্ৰকৃতাৰ্থত বিটিআৰৰ লগতে ইয়াৰ কাষৰীয়া অঞ্চল সমূহতো শান্তিৰ পৰিৱেশে বিৰাজ কৰিছে ৷ ঐতিহাসিক বড়ো চুক্তিৰ পাছতে বিগত ডিচেম্বৰ মাহত 80 শতাংশ লোকে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সক্ষম হোৱা মন্তব্য কৰাৰ লগতে বড়ো চুক্তিৰ অন্তৰ্গত সকলো কথা ৰূপায়ন কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰি মন্ত্ৰী গৰাকীয়ে কয় যে, শান্তি ইতিমধ্যে স্থাপন হৈছে আৰু কেৱল অসমতে নহয় সমগ্ৰ উত্তৰ পূবতে দ্ৰুত উন্নয়ন হৈছে ৷

ইতিমধ্যে উত্তৰ পূবৰ ৰাজ্য সমূহলৈ 40 বাৰতকৈও অধিক বাৰ প্ৰধানমন্ত্ৰী গৰাকী অহা কাৰ্যই তেওঁ সমগ্ৰ উত্তৰ পূবক কিমান প্ৰাধান্য দিয়ে সেই কথা প্ৰমাণ কৰে বুলি মন্তব্য কৰি তেওঁ কয় যে বড়ো চুক্তিৰ অংশ হিচাপে বিটিআৰ আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ বাবে 5000 কোটি টকাৰ পেকেজ প্ৰদান কৰাৰ লগতে বড়ো আৰু অবড়ো উভয় জনজাতিৰ লোক সকলৰ উন্নয়নৰ বাবে কেতবোৰ বিশেষ প্ৰকল্প হাতত লোৱা হৈছে ৷

লগতে পঢ়ক:বিজেপি আৰু আঞ্চলিক শক্তিক ৰুধিব পাৰিবনে কংগ্ৰেছ-এআইইউডিএফে ?

ABOUT THE AUTHOR

...view details