অসম

assam

উত্তৰ প্ৰদেশত কিষাণ সভাৰ নেতাক হত্যাৰ ভাবুকি দি আটক বিধায়কৰ পুত্ৰ

By

Published : Nov 9, 2020, 1:48 PM IST

কিষাণ সভাৰ জিলা প্ৰধান মহেন্দ্ৰ সিং যাদৱে জিলা তহচিলদাৰৰ লগত আলোচনা কৰি থকা সময়তে বিজেপি বিধায়কগৰাকীৰ পুত্ৰই সহযোগীসকলৰ লগত কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰি পিষ্টল দেখুৱাই হত্যাৰ ভাবুকি দিয়ে ৷

UP BJP MLA's son booked for thrashing farmers' leader
উত্তৰ প্ৰদেশত কিষাণ সভাৰ নেতাক হত্যাৰ ভাবুকি দি আটক বিধায়কৰ পুত্ৰ

নিউজ ডেস্ক, 9 নৱেম্বৰ : উত্তৰ প্ৰদেশত ভাৰতীয় কিষাণ সভাৰ (ৰাষ্ট্ৰবাদী)ৰ জিলা প্ৰধানক মাৰপিট কৰাৰ লগতে পিষ্টল দেখুৱাই ভাবুকি দিয়াৰ অভিযোগত দাদৰাউলৰ বিজেপি বিধায়ক মানবেন্দ্ৰ সিঙৰ পুত্ৰৰ লগতে আন পাঁচজন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷ কৃষক সংগঠনটোৱে দেওবাৰে আন্দোলন কৰাৰ হুংকাৰ দিয়াৰ পিছত আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত ৰুজু কৰে গোচৰ ।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, উত্তৰ প্ৰদেশত ভাৰতীয় কিষাণ সভাৰ নেতা মহেন্দ্ৰ সিং যাদৱক দাদৰাউল বিজেপিৰ বিধায়ক মানবেন্দ্ৰ সিঙৰ পুত্ৰ অৰবিন্দ সিঙে তেওঁৰ অংগৰক্ষক, এজন অধিবক্তা আৰু আন তিনিজনৰ লোকক লগত লৈ মাৰপিট কৰিছিল ৷ আনহাতে কিষাণ সভাৰ জিলা প্ৰধান মহেন্দ্ৰ সিং যাদৱে সাংবাদিকক কয় আগত উল্লেখ কৰি কয় যে, তেওঁ ভূমি মাফিয়াৰ বিৰুদ্ধে জিলা তহচিলদাৰৰ লগত আলোচনা কৰি থকা সময়তে অৰবিন্দ সিঙে সহযোগীসকলৰ লগত কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰি দুৰ্ব্যৱহাৰ কৰে । কিষাণ সভাৰ নেতাগৰাকী লগে লগে বাহিৰলৈ ওলাই অহাত অৰবিন্দ সিঙে তেওঁক পিষ্টল দেখুৱাই হত্যাৰ ভাবুকি দিয়ে ৷ একে সময়তে বিধায়কগৰাকীৰ পুত্ৰৰ এজন সহযোগীয়ে তেওঁক প্ৰহাৰ কৰে ।

এই ঘটনাৰ পাছতেই শনিবাৰে ভাৰতীয় কিষাণ সভাৰ জিলা প্ৰধানগৰাকীৰ নেতৃত্বত শতাধিক প্ৰতিবাদকাৰীয়ে ঘটনাৰ উচিত তদন্তৰ লগতে দোষীক শাস্তি প্ৰদানৰ দাবীত জিলা কৰ আয়ুক্তৰ কাৰ্যালয়ৰ বাহিৰত উত্তাল প্ৰতিবাদ সাব্য়স্ত কৰে ৷ ইয়াৰ পাছতেই আৰক্ষীয়ে অৰবিন্দ সিঙৰ লগতে আন পাঁচজন অভিযুক্তৰ বিৰুদ্ধে ৰুজু কৰে গোচৰ ।

লগতে পঢ়ক : মধ্য প্ৰদেশৰ ৰাজপথত মৃত্যুৰ কিৰিলি

ABOUT THE AUTHOR

...view details