অসম

assam

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দিনটোৰ শীৰ্ষ বাতৰি

By

Published : Aug 18, 2020, 8:32 AM IST

আজিৰে পৰা জলন্ধৰ, লুধিয়ানা আৰু পাটিয়ালাত অতিৰিক্ত সীমাৱদ্ধতা আৰোপ কৰিছে পাঞ্জাৱ চৰকাৰে ৷ আজি UGC নিয়মাৱলী অনুসৰি বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে ৷ নতুন সংসদ গঠনক প্ৰত্যাহ্বান জনোৱা আবেদনৰ আজি শুনানি গ্ৰহণ ৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে পাঞ্জাৱ আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ ছালটুজ-যমুনা সংলগ্ন খাল সম্পৰ্কত বৈঠকৰ আয়োজন ৷

Important national events to look for today
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দিনটোৰ শীৰ্ষ বাতৰি

1. আজিৰে পৰা জলন্ধৰ, লুধিয়ানা আৰু পাটিয়ালাত অতিৰিক্ত সীমাৱদ্ধতা আৰোপ কৰিছে পাঞ্জাৱ চৰকাৰে

বৰ্ধিত কৰ’ণা ভাইৰাছ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পাঞ্জাৱ চৰকাৰে জলন্ধৰ, লুধিয়ানা আৰু পাটিয়ালাত অতিৰিক্ত সীমাৱদ্ধতা আৰোপ কৰিছে ৷ পাঞ্জাৱ চৰকাৰৰ এগৰাকী মুখপাত্ৰই জনাই যে, চহৰ অঞ্চলসমূহত বৃদ্ধি পোৱা কৰ’ণা কংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়ে ৰাজ্যখনৰ সকলো চহৰতেই কিছুমান অতিৰিক্ত সীমাৱদ্ধতা জাৰি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

2. আজি UGC নিয়মাৱলী অনুসৰি বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

বিগত 6 জুলাইত UGCয়ে ছেপ্তেম্বৰৰ শেষৰ পিনে সকলো বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰীক্ষাসমূহ অনুস্থিত কৰাৰ সিদ্ধান্ত সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে ৷

3. নতুন সংসদ গঠনক প্ৰত্যাহ্বান জনোৱা আবেদনৰ আজি শুনানি গ্ৰহণ

দিল্লীত কেন্দ্ৰীয় ভিষ্টা আঁচনিক প্ৰত্যাহ্বান জনাই প্ৰদান কৰা আবেদনৰ আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে ৷ 17 জুনৰ এই আঁচনিক প্ৰত্যাহ্বান জনাবৰ বাবে নতুন আবেদন জাৰি কৰিবলৈ সন্মতি প্ৰদান কৰিছিল উচ্চতম ন্যায়ালয়ে ৷ সেই আঁচনি অনুসৰি, নতুন সংসদ ভৱন আৰু কিছু চৰকাৰী গৃহ নিৰ্মাণৰ বাবে ইণ্ডিয়া গেটৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ 3 কিল'মিটাৰ অঞ্চল সামৰি লোৱা হ'ব ৷

4. উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে পাঞ্জাৱ আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ ছালটুজ-যমুনা সংলগ্ন খাল সম্পৰ্কত বৈঠকৰ আয়োজন

কেন্দ্ৰীয় জল সম্পদ মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে আজি পাঞ্জাৱ আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ সৈতে এক বৈঠকত মিলিত হ'ব ৷ ছালটুজ-যমুনা সংলগ্ন খাল সম্পৰ্কীয় সমস্যাৰ সমাধানৰ বাবে আয়োজন কৰা হ'ব এই বৈঠকৰ ৷

ABOUT THE AUTHOR

...view details