বিকল্প পথেৰে চলিব উত্তৰ পূব সীমান্ত ৰে’লৱেৰ এইকেইখন ৰে’ল... - Kanchanjungha Express Accident
Kanchanjungha Express Accident: কাঞ্চনজংঘা এক্সপ্ৰেছ দুৰ্ঘটনাৰ ২৪ ঘণ্টাৰ ভিতৰত পুনৰ ৰে’লসেৱা আৰম্ভ উত্তৰ পূব সীমান্ত ৰে’লৱেৰ । স্বাভাৱিক হৈছে উজনিমুৱা ৰে’লৰ চলাচল । ইফালে আজি দিনৰভাগতে পুনৰ সুচল কৰা হ’ব নামনিমুৱা ৰে’লৰ চলাচল ।

Published : June 18, 2024 at 4:19 PM IST
নিউজ ডেস্ক, ১৮ জুন: ত্ৰিপুৰাৰ আগৰতলাৰ পৰা অসম হৈ যাত্ৰা কৰা কাঞ্চনজংঘা এক্সপ্ৰেছৰ সোমবাৰে পুৱা পশ্চিমবংগৰ দাৰ্জিলিং জিলাত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ এদিন পিচত উত্তৰ পূব সীমান্ত ৰে’লৱেই মঙলবাৰে কেবাখনো ৰে’ল বিকল্প পথেৰে চলাচলৰ ব্যৱস্থা কৰিছে । এই ৰে’লসমূহ আলুবাৰী-শিলিগুৰি হৈ নিউ জলপাইগুৰি ৰে’লপথেৰে চলাচলৰ ব্যৱস্থা কৰিছে উত্তৰ পূব সীমান্ত ৰে’লৱেই ।
বিকল্প পথেৰে যাত্ৰাৰ ব্যৱস্থা কৰা ৰে’লসমূহ হ'ল নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ, শিলচৰ-শিয়ালদহ কাঞ্চনজংঘা এক্সপ্ৰেছ, আগৰতলা-ছাত্ৰপতি শিবাজী মহাৰাজ স্পেচিয়েল ৰে’ল, ডিব্ৰুগড়-ৰাজেন্দ্ৰ নগৰ এক্সপ্ৰেছ, গুৱাহাটী-জন্মু তাৱাই এক্সপ্ৰেছ, ডিব্ৰুগড়-লালগড় অৱধ আসাম এক্সপ্ৰেছ, গুৱাহাটী-হাদাপাছাৰ ছুপাৰ ফাষ্ট স্পেচিয়েল ৰে’ল, হাওৰা-ডিব্ৰুগড় এক্সপ্ৰেছ, গোমতি নগৰ-কামাখ্যা এক্সপ্ৰেছ, আনন্দ বিহাৰ-কামাখ্যা নৰ্থ ইষ্ট এক্সপ্ৰেছ আৰু চণ্ডীগড়-ডিব্ৰুগড় এক্সপ্ৰেছ ।
উত্তৰ পূৱ সীমান্ত ৰে’লৱেই যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ পাচত ৰে’লসেৱা পুনৰ আৰম্ভ কৰাৰ বাবে নিশাজুৰি নবীকৰণৰ কাম অব্যাহত ৰাখে ৷ সোমবাৰৰ মাজনিশা এখন মালবাহী ৰে’লৰ পৰীক্ষামূলক চলাচল কৰোৱা হয় ৷ ইয়াৰ পাচত আজি দিনৰ ১১:১৫ বজাত নামনিমুৱাত ৰে’ল সেৱা পুনৰ স্বাভাৱিক হয় ৷ অৱধ-আসাম এক্সপ্ৰেছ প্ৰথমে নামনি দিশত চলোৱা হয় ৷ মন কৰিবলগীয়া যে এই নামনিমুৱা দিশতে মালবাহী ৰে’লখনে কাঞ্চনজংঘা এক্সপ্ৰেছৰ পিচফালে খুন্দা মাৰিছিল ।
অৱশ্যে উজনিৰ দিশত চলা ৰে’লৰ গতি বৰ্তমান নিৰ্দিষ্ট কৰি দিয়া হৈছে ৷ নিজবাৰীৰ পৰা ৰঙাপানীলৈ প্ৰতি ঘণ্টাত ৫-৮ কিল’মিটাৰ ৰাখিবলৈ কোৱা হৈছে ৷ মঙলবাৰে পুৱা প্ৰথমে শতাব্দী এক্সপ্ৰেছ আৰু তাৰ পাচত কামাখ্যা-গান্ধীধাম এক্সপ্ৰেছ উজনিৰ দিশত ৰাওনা হয় ৷
ইফালে, ৰে’ল দুৰ্ঘটনাৰ তদন্তৰ বাবে আজি নতুন জলপাইগুৰি এডিআৰএম কাৰ্যালয়ত ৰে’ল বিভাগৰ বিষয়াসকল এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হ’ব ৷ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া সব্যসাচী দেই কয়, "আমি ২৪ ঘণ্টাৰ ভিতৰত উজনি ৰে'লসেৱা পুনৰ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছো । ৰে’লৰ পৰীক্ষামূলক চলাচল সম্পূৰ্ণ কৰাৰ পিচত যাত্ৰীবাহী ৰে'লখন চলোৱা সম্ভৱ হৈছে ।"
তেওঁ লগতে কয় যে নামনিমুৱা দিশত নবীকৰণৰ কাম অব্যাহত আছে ৷ আজি দিনৰ ভাগলৈ ইয়াত ৰে’লৰ স্বাভাৱিক চলাচল পুনৰ আৰম্ভ কৰিব পৰা হ’ব বুলি আশা কৰা হৈছে । জানিব পৰা মতে, নামনিৰ দিশত মেৰামতিৰ বাবে শিলিগুৰি-কাটিহাৰ ইন্টাৰচিটি এক্সপ্ৰেছ, হাওৰা-শতাব্দী এক্সপ্ৰেছ, শিলিগুৰি যোগাৱনী ইন্টাৰচিটি এক্সপ্ৰেছ বাতিল কৰা হৈছে ।
লগতে পঢ়ক: দশকটোৰ ভিতৰত সংঘটিত কেইটামান শোকাৱহ ৰে’ল দুৰ্ঘটনা - Kanchanjungha Express Accident

