অসম

assam

যঁতৰৰ বাবে ব্ৰিটিছে ভাৰত এৰি যাবলৈ বাধ্য হৈছিল নেকি : বিজেপি

By

Published : Sep 17, 2020, 7:26 PM IST

লক ডাউনত চাকি জ্বলোৱা আৰু বাচন বজোৱাক লৈ সন্মুখীন হোৱা সমালোচনাৰ বিৰোধিতা বিজেপি সাংসদ শুধাংশু ত্ৰিবেদিৰ ৷ স্বাধীনতা সংগ্ৰামৰ প্ৰসংগ টানি প্ৰত্যুত্তৰ দিয়াৰ প্ৰয়াস ৷ নাম নোলোৱালৈকে ৰাজ্যসভাত ৰাহুল গান্ধীক কটাক্ষ ৷

সংসদত সমালোচনাৰ সন্মুখীন বিজেপি সাংসদ শুধাংশু ত্ৰিবেদি
সংসদত সমালোচনাৰ সন্মুখীন বিজেপি সাংসদ শুধাংশু ত্ৰিবেদি

নেশ্যনেল ডেস্ক, 17 চেপ্তেম্বৰ: লক ডাউনৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীৰ আহ্বানমৰ্মে ক'ৰণাক প্ৰতিহত কৰিবলৈ সমগ্ৰ দেশবাসীয়ে বাচন বৰ্তন বজোৱাৰ লগতে বন্তি জলোৱা কাৰ্যক লৈ ৰাজ্যসভাত আজি সমালোচনাৰ সন্মুখীন হ'ল বিজেপি সাংসদ শুধাংশু ত্ৰিবেদি ৷ সমালোচনাৰ প্ৰত্যুত্তৰত সেইয়া এক প্ৰতীকহে আছিল বুলি উল্লেখ কৰি ত্ৰিবেদিয়ে স্বাধীনতা সংগ্ৰামৰ প্ৰসংগ টানি আনে ৷

"বহুকেইজন বন্ধুৰ বন্তি প্ৰজ্বলন আৰু বাচন বজোৱাক লৈ সমস্যাৰ সৃষ্টি হৈছে ৷ ব্ৰিটিছ সকলক যঁতৰ ঘুৰোৱা কাৰ্যইহে ওভটি যাবলৈ বাধ্য কৰিছিল নেকি ? ই গান্ধীয়ে বাচনি কৰা এক প্ৰতীক আছিল ৷ তেওঁলোকে ইতিহাস নাজানে,"ত্ৰিবেদিয়ে কয় ৷

'যুৱ নেতা গৰাকী' বুলি নাম নোলোৱাকৈয়ে ৰাহুল গান্ধীক কটাক্ষ কৰি বিজেপিৰ সাংসদ গৰাকীয়ে কয়,"নেতাজনে দাবী কৰিছে যে ক'ৰণা ভাইৰাছ সম্পৰ্কে তেওঁ ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে টুইট কৰিছিল ৷ 'নমস্তে ট্ৰাম্প' অনুষ্ঠান আৰু বিমানবন্দৰ সমূহ সোনকালে বন্ধ নকৰাৰ বাবে কেন্দ্ৰক আনকি সমালোচনাও কৰা হৈছিল ৷ কিন্তু যুৱনেতাজনে এই বিষয়ে এখন বিদেশী ৰাষ্ট্ৰত থাকি টুইট কৰিছিল কিন্তু এই বিষয়ে সংসদত কোনোধৰণৰ তৰ্ক হোৱা নাই ৷" এই লৈ কংগ্ৰেছে হুলস্থুল আৰম্ভ কৰাৰ পাছতে উপাধ্যক্ষ গৰাকীয়ে বিজেপি সাংসদ গৰাকীক বিষয়টো বিপথে পৰিচালিত নকৰিবৰ বাবে আহ্বান জনাই ৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে এদিন পূৰ্বে প্ৰদান কৰা এক মন্তব্যৰ পাছত বুধবাৰে আনন্দ শৰ্মাই বিষয়টো উত্থাপন কৰিছিল ৷ আকস্মিক লক ডাউন ঘোষণা কৰাৰ লগতে চৰকাৰে ইয়াৰ জড়িয়তে প্ৰায় 14 ৰ পৰা 29 লাখ ক'ভিড সংক্ৰমণ ৰোধ কৰিছে বুলি কৰা দাবীক শৰ্মাই লক্ষ্য কৰি লয় ৷ লগতে প্ৰবাসী শ্ৰমিকৰ কোনো তথ্য নথকাৰ বাবেও চৰকাৰক সমালোচনা কৰে ৷

লগতে পঢ়ক: চৰকাৰে কিমান সময়লৈ দেশৰ নিৱনুৱা সমস্যাটো আওকাণ কৰিব ? : ৰাহুল গান্ধী

ABOUT THE AUTHOR

...view details