ETV Bharat / bharat

চৰকাৰে কিমান সময়লৈ দেশৰ নিৱনুৱা সমস্যাটো আওকাণ কৰিব ? : ৰাহুল গান্ধী

author img

By

Published : Sep 17, 2020, 1:02 PM IST

দেশৰ নিৱনুৱা সমস্যাক লৈ সৰৱ কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ শীঘ্ৰেই দেশৰ যুৱক-যুৱতীসকলক চাকৰিত নিয়োগ কৰিবলৈ কেন্দ্ৰক আহ্বান জনায় কংগ্ৰেছ নেতাগৰাকীয়ে ৷

Rahul Gandhi commented on unemployment
দেশৰ নিৱনুৱা সমস্যাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

নিউজ ডেস্ক, 17 ছেপ্তেম্বৰ: দেশত নিৱনুৱা সমস্যা বৃদ্ধি সন্দৰ্ভত শাসনাধিষ্ঠ চৰকাৰলৈ শৰ নিক্ষেপ কাৰ্য অব্যাহত ৰাখিছে কংগ্ৰেছ তথা দলটোৰ নেতা ৰাহুল গান্ধীয়ে ৷ বৃহস্পতিবাৰে নিবনুৱা সমস্যা সন্দৰ্ভত পুনৰ সৰৱ হৈ উঠে ৰাহুল গান্ধী ৷ চ’ছিয়েল মিডিয়া যোগে তেওঁ কয় যে, চৰকাৰে আৰু কিমান দিনলৈ নিবনুৱা সমস্যাটো আওকাণ কৰিব ?

টুইটাৰযোগে চৰকাৰক আক্ৰমণ কৰি তেওঁ এক মিডিয়া ৰিপ’ৰ্ট প্ৰস্তুত কৰে, য’ত 1 কোটিৰো অধিক লোকে চৰকাৰী প’ৰ্টেলত চাকৰিৰ বাবে আবেদন কৰিছিল যদিও মাত্ৰ 1.77 লাখ চাকৰিহে উপলব্ধ আছিল ৷

ইয়াৰোপৰি, ৰাহুল গান্ধীয়ে মোদী চৰকাৰক দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিবলৈ আৰু যুৱক-যুৱতীসকলক চাকৰিত নিয়োগ কৰিবলৈ আহবান জনায় ৷

লগতে পঢ়ক: হায়দৰাবাদৰ প্ৰৱল বৃষ্টিপাতৰ ফলত দুজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.