অসম

assam

Bharat Jodo Yatra: ৯৭ দিনত প্ৰৱেশ কৰিলে ভাৰত জোড়ো যাত্ৰাই

By

Published : Dec 13, 2022, 1:16 PM IST

ভাৰত জোড়ো যাত্ৰা আজি পুৱা ৰাজস্থানৰ চৱাই মাধোপুৰ জিলাৰ পৰা আৰম্ভ হৈছে (Bharat Jodo Yatra at Rajasthan)। পুৱাই আৰম্ভ হোৱা এই যাত্ৰাত শচীন পাইলট আৰু মুখ্যমন্ত্ৰী অশোক গেহলটেও অংশগ্ৰহণ কৰে ।

k
g

নেশ্য়নেল ডেস্ক, ১৩ ডিচেম্বৰ: ৰাহুল গান্ধীৰ নেতৃত্বত চলা ভাৰত জোড়ো যাত্ৰাই মঙলবাৰে ৯৭ দিনত প্ৰৱেশ কৰিলে (97 days of Bharat Jodo Yatra)। আজি পুৱা এই যাত্ৰাই চৱাই মাধোপুৰ জিলাৰ পৰা আৰম্ভ হৈছে । দেওবাৰে সন্ধিয়া ৰাহুল গান্ধীৰ সৈতে যোগদান কৰিবলৈ অহা প্ৰিয়ংকা গান্ধীৰ লগতে তেওঁ স্বামী ৰবাৰ্ট ভদ্ৰাও এই পদযাত্ৰাত অংশগ্ৰহণ কৰিছে (bharat jodo Yatra in Sawai Madhopur)। কালিৰ যাত্ৰাত কেৱল মহিলা যাত্ৰীসকলে যোগদান কৰাৰ পিছত আজি পুনৰ আৰম্ভ হৈছে এই যাত্ৰা ।

উল্লেখ্য় যে ভাৰত যোড়ো যাত্ৰাৰ আজি চৱাই মাধোপুৰত দ্বিতীয় দিন । আজি জিনাপুৰৰ পৰা আৰম্ভ হোৱা যাত্ৰাত ৰাহুল গান্ধীৰ লগতে প্ৰিয়ংকা গান্ধী ভদ্ৰায়ো পদযাত্ৰা কৰি গৈ থাকোঁতে ইজনে সিজনৰ লগত কথা পাতি থকা দৃশ্য়ই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে (Priyanka Rahul pilot seen Interacting long)। পুৱাই এই যাত্ৰাৰ আৰম্ভণিতে শচীন পাইলট আৰু মুখ্যমন্ত্ৰী অশোক গেহলটেও অংশ গ্ৰহণ কৰে (CM Ashok Gehlot in Bharat Jodo Yatra)। প্ৰিয়ংকা গান্ধীৰ কন্য়া মিৰায়া ভদ্ৰাও ৰাহুল গান্ধীৰ সৈতে এই যাত্ৰাত অংশ লৈছে (Bharat Jodo Yatra Latest News)।

এই যাত্ৰাৰ সময়ত কংগ্ৰেছৰ বহুতো বিধায়কে ৰাহুল গান্ধীৰ সৈতেও মতবিনিময় কৰে । মতবিনিময় কৰাসকলৰ ভিতৰত আছিল ডেনিছ আব্ৰাৰ,ৰোহিত বোহৰা আৰু চেতন ডুডিৰ । উল্লেখ্য় যে তেওঁলোকে ২০২০ চনত বিদ্ৰোহৰ সময়ত পাইলট এৰি গেহলট গোটত যোগদান কৰিছিল । ইয়াৰ লগতে শচীন পাইলট শিবিৰৰ ৰাজেন্দ্ৰ গুড্ডা (Rajendra Gudda), গিৰৰাজ মালিঙ্গাকে ধৰি কেইবাগৰাকী বিধায়কেও ৰাহুল গান্ধীৰ সন্মুখত বক্তব্য আগবঢ়ায় ।

উক্ত যাত্ৰাত ৰাহুল গান্ধীয়ে ৰাজ্যখনৰ সমস্যাসমূহৰ বিষয়ে উল্লেখ কৰে (Congress Partys Bharat Jodo Yatra started)। তেওঁ এই বিষয়ে মুখ্যমন্ত্ৰী গেহলটৰ সৈতে আলোচনা কৰা বুলিও কয় । ৰাহুল গান্ধীয়ে কয়," মই ৰাজস্থান চৰকাৰৰ বিষয়ে দুই-তিনিটা কথা ক'ব বিচাৰো । মই এইমাত্ৰ কংগ্ৰেছৰ ৰাজ্যিক সভাপতিক কোৱা শুনিছিলো যে কংগ্ৰেছ দলে এইটো কৰিছিল.. তেওঁ কৰিলে । এই সকলোবোৰ ঠিকেই আছে । ৰাজস্থানত কংগ্ৰেছ দলে কৰা কামৰ বিষয়েও মই ক'ম । কিন্তু মই কংগ্ৰেছ দললৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰো যে আপুনি যি কৰিছে সেয়া ইমান গুৰুত্বপূৰ্ণ নহয়, আপুনি কি কৰিবলৈ গৈ আছে সেয়া অধিক গুৰুত্বপূৰ্ণ ।"

লগতে পঢ়ক:Bharat Jodo Yatra at Rajasthan: ৰাজস্থানত মহিলা শক্তি পদযাত্ৰাত ৰাহুল গান্ধী

ABOUT THE AUTHOR

...view details