ETV Bharat / bharat

Bharat Jodo Yatra at Rajasthan: ৰাজস্থানত মহিলা শক্তি পদযাত্ৰাত ৰাহুল গান্ধী

author img

By

Published : Dec 12, 2022, 1:48 PM IST

ৰাজস্থানৰ তেজাজী মন্দিৰৰ পৰা আৰম্ভ হৈছে মহিলা শক্তি পদযাত্ৰা (Womens Power March in Rajasthan)। ভাৰত জোড়ো যাত্ৰাৰ আজি এই বিশেষ দিনটোত অংশগ্ৰহণ কৰিছে ৫০০০ তকৈও অধিক মহিলা নেত্ৰীয়ে । আজিৰ যাত্ৰাত কেৱল মহিলা যাত্ৰীসকলেহে যোগদান কৰিছে ।

Bharat Jodo Yatra at Rajasthan
ৰাজস্থানত মহিলা শক্তি পদযাত্ৰাত ৰাহুল গান্ধী

নেশ্য়নেল ডেস্ক, 12 ডিচেম্বৰ: ৰাহুল গান্ধীৰ নেতৃত্বত চলা ভাৰত জোড়ো যাত্ৰাই সোমবাৰে 96 দিনত প্ৰৱেশ কৰিলে (Bharat Jodo Yatra in Rajasthan)। আজি পুৱা 6 বজাত ৰাজস্থানৰ তেজাজী মন্দিৰৰ পৰা আৰম্ভ হয় এই যাত্ৰা (Rahul Gandhi Bharat Jodo Yatra)। এই যাত্ৰাই চৱাই মাধোপুৰ জিলাত আৰম্ভ হৈছে । দেওবাৰে সন্ধিয়া ৰাহুল গান্ধীৰ সৈতে যোগদান কৰিবলৈ অহা প্ৰিয়ংকা গান্ধীৰ লগতে তেওঁ স্বামী ৰবাৰ্ট ৱাদ্ৰাও এই পদযাত্ৰাত অংশগ্ৰহণ কৰে (Bharat Jodo Yatra)। আজিৰ যাত্ৰাত কেৱল মহিলা যাত্ৰীসকলেহে যোগদান কৰিছে । ৰাজ্যজুৰি 5000 তকৈও অধিক মহিলা নেত্ৰী আৰু আন মহিলাই আজি ৰাহুল গান্ধীৰ সৈতে খোজ কাঢ়িছে । আজিৰ যাত্ৰাৰ নাম 'মহিলা শক্তি পদযাত্ৰা' ৰখা হৈছে ।

উল্লেখ্য় যে, ৰাজস্থানকে ধৰি অন্যান্য ৰাজ্যৰ মহিলা সাংসদ, বিধায়ক আৰু মন্ত্ৰীসকলেও এই যাত্ৰাত যোগদান কৰে । সকলো ৰাজ্যৰ মহিলা কংগ্ৰেছ গোটৰ সংগঠনৰ সৈতে জড়িত লোকসকলেও উক্ত যাত্ৰাত অংশগ্ৰহণ কৰিছে । মহিলা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি ডিচুজাৰ লগতে শ শ মহিলাই খোজ কাঢ়িছে । ৰাজ্যখনৰ মহিলা মন্ত্ৰীসকলৰ ভিতৰত মমতা ভূপেশ, শকুন্তলা ৰাৱট আৰু জাহিদা খান অন্য়তম । ৰাজস্থান মহিলা কংগ্ৰেছৰ সভাপতি তথা ৰাজস্থান ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ ৰেহানা ৰিয়াজ,শিশু সুৰক্ষা আয়োগৰ অধ্যক্ষ সংগীতা বেনিৱাল, সমাজ কল্যাণ আয়োগ ৰাজস্থানৰ অধ্যক্ষ অৰ্চনা শৰ্মা আৰু ৰাজ্যখনৰ কেইবাজনো মহিলা বিধায়কো উপস্থিত থাকে ।

ৰাজস্থানত মহিলা শক্তি পদযাত্ৰাত ৰাহুল গান্ধী

ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা দেওবাৰে নিশা বুন্দি জিলাৰ কেশোৰাইপাটন বিধানসভা সমষ্টিৰ ইন্দ্ৰগড়ৰ আজাদ নগৰত অনুষ্ঠিত হোৱাৰ কথা আছিল (Bharat Jodo Yatra in Sawai Madhopur)। অৱশ্য়ে এই যাত্ৰাটো 2 কিলোমিটাৰ দূৰত থকা বাবাই তেজাজী ৰামদেৱ মন্দিৰৰ পৰা আৰম্ভ হয় । 13 কিলোমিটাৰ খোজ কাঢ়ি ই চৱাই মাধোপুৰ খাণ্ডাৰ বিধানসভা সমষ্টিৰ পিপলৱাড়াত উপস্থিত হ'ব । দুপৰীয়াৰ আহাৰৰ পিছত 10 কিলোমিটাৰ খোজ কাঢ়ি কুষ্টলা ভগত সিং স্কোৱেৰত উপস্থিত হ'ব । ইয়াত এখন সভা অনুষ্ঠিত হ'ব । ইয়াৰ পৰা 4 কিলোমিটাৰ দূৰত বৰিফত নিশা তেওঁলোকে বিশ্ৰাম ল'ব ।

উল্লেখ্য় যে, দেওবাৰে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰিয়ংকা গান্ধী আৰু ৰবাৰ্ট ভদ্ৰাই ৰাহুল গান্ধীৰ সৈতে ভাৰত জোড়ো যাত্ৰাত যোগদান কৰিছে (Priyanka Gandhi in Bharat Jodo Yatra)। প্ৰিয়ংকা গান্ধীয়ে ৰাহুল গান্ধীৰ সৈতে খোজ কঢ়াৰ পৰিৱৰ্তে কিছু দূৰত্বত মহিলাসকলৰ সৈতে আলোচনা কৰে । প্ৰিয়ংকা গান্ধীৰ কন্য়া মিৰায়া ভদ্ৰাও ৰাহুল গান্ধীৰ সৈতে এই যাত্ৰাত অংশ লৈছে (Bharat Jodo Yatra Latest News)।

লগতে পঢ়ক:CBI officials reached MLC Kavitha house : তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ কন্যা কে কবিতাৰ বাসগৃহত চিবিআইৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.