অসম

assam

Adhir Ranjan Chowdhury reacts over CAA : 'কা' কাৰ্যকৰী হ'লে হিন্দুসকল বিপদত পৰিব: অধীৰ ৰঞ্জন চৌধুৰী

By

Published : Nov 30, 2022, 3:42 PM IST

Adhir Ranjan Chowdhury reacts over CAA

'কা' কাৰ্যকৰী সন্দৰ্ভত পশ্চিমবংগৰ ৰাজনীতি উত্তাল হৈ আছে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি অধীৰ ৰঞ্জন চৌধুৰীৰ মতে নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী হ'লে হিন্দুসকল বিপদত পৰিব (Adhir Ranjan Chowdhury reacts over CAA)। তেওঁৰ মতে কা' আৰু এন.আৰ.চি. কেৱল ৰাজনৈতিক আহিলা ।

নেশ্যনেল ডেস্ক,৩০ নৱেম্বৰ :পশ্চিমবংগত নাগৰিকত্ব সংশোধনী আইনক লৈ চৰ্চা অব্যাহত আছে (CAA controversy in West Bengal)। সম্প্ৰতি এই বিষয়ক লৈ পশ্চিমবংগৰ ৰাজনীতিও উত্তাল হৈ আছে । শাসক-বিৰোধীৰ মাজত নাগৰিকত্ব সংশোধনী আইনক লৈ মতানৈক্য অব্যাহত আছে । ইয়াৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি অধীৰ ৰঞ্জন চৌধুৰীৰ বিস্ফোৰক মন্তব্য ।

নেতাগৰাকীৰ মতে যদি এই আইন কাৰ্যকৰী হয়, তেনেহ'লে হিন্দুসকল বিপদত পৰিব (Congress leader Adhir Ranjan Chowdhury on CAA) । লোকসভাত সংবাদ মাধ্যমৰ সন্মুখত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে । নেতাগৰাকীৰ এই মন্তব্যৰ পাছতে বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

বঢ়মপুৰৰ সাংসদগৰাকী উল্লেখ কৰা মতে নাগৰিকত্ব সংশোধনী আইন প্ৰায় তিনি বছৰ পূৰ্বে গৃহীত হৈছিল । কিন্তু এতিয়ালৈ কিয় ইয়াক কাৰ্যকৰী কৰা হোৱা নাই বুলি তেওঁ প্ৰশ্ন কৰে ? যদি এই আইন কাৰ্যকৰী কৰা হয় তেন্তে তেওঁৰ মতে হিন্দুসকল বিপদত পৰিব । তেওঁৰ মতে কা' আৰু এন.আৰ.চি. কেৱল ৰাজনৈতিক আহিলা (Adhir feels CAA and NRC are political tool)।

শেহতীয়াকৈ, কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিশিথ প্ৰমাণিকে কৈছিল যে নাগৰিকত্ব সংশোধনী আইন সমগ্ৰ দেশতে কাৰ্যকৰী কৰা হ'ব । বিধানসভা নিৰ্বাচন আৰম্ভ হোৱাৰ ঠিক পূৰ্বে, কেন্দ্ৰই গুজৰাটৰ ২ খন জিলাত নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰিছে । তেতিয়াৰ পৰাই বিতৰ্ক আৰম্ভ হৈছে । তৃণমূল কংগ্ৰেছে বাৰে বাৰে কৈছে যে কা' কোনো পৰিস্থিতিত ৰাজ্যখনত কাৰ্যকৰী কৰিবলৈ অনুমতি দিয়া নহ'ব । এনে এক পৰিস্থিতি কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীৰ মন্তব্যই বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

আনহাতে, পশ্চিমবংগ কংগ্ৰেছৰ প্ৰবীণ নেতাগৰাকীয়ে ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিক লৈও উদ্বেগ প্ৰকাশ কৰিছে । তেওঁ অভিযোগ কৰা মতে পঞ্চায়ত নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে ৰাজ্যখনত ৰাজনৈতিক হিংসা বৃদ্ধি পাইছে । তেওঁ আশংকা কৰিছে যে নিৰ্বাচন অহাৰ লগে লগে সন্ত্ৰাসবাদৰ কাৰ্যকলাপো বৃদ্ধি পাব । ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰি নেতাগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰ গুণ্ডাৰে ভৰি পৰিছে । যাৰ বাবে পঞ্চায়ত নিৰ্বাচনক লৈ বংগত এক অস্থিৰ পৰিৱেশে বিৰাজ কৰিব ।

লগতে পঢ়ক :Gujarat Assembly Election 2022: সৌৰাষ্ট্ৰ আৰু দক্ষিণ গুজৰাটৰ ৮৯ খন আসনৰ বাবে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

ABOUT THE AUTHOR

...view details