ETV Bharat / bharat

পুৱতি নিশা শোৱাপাটীতে মৰিয়াই মৰিয়াই হত্যা মৌলানাক - Murder of maulana

author img

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 11:56 AM IST

Murder of maulana in ajmer: শুই থকা অৱস্থাতে মৰিয়াই মৰিয়াই হত্যা কৰা হৈছে এজন মৌলানাক । তিনি অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰে মৌলানাজনক । মুখা পিন্ধি অহা তিনি দুৰ্বৃত্তৰ সন্ধানত আক্ষীৰ অভিযান ।

MURDER OF MAULANA
Murder of maulana in ajmer

নিউজ ডেস্ক, ২৭ এপ্ৰিল: ৰাজস্থানৰ আজমেৰ চহৰৰ নিকটৱৰ্তী কাঞ্চন নগৰত মোহম্মদী মছজিদৰ মৌলানাক পুৱা ৩ মান বজাত তিনি মুখা পৰিহিত দুৰ্বৃত্তই লাঠীৰে মৰিয়াই মৰিয়াই হত্যা কৰে । এই হত্যাকাণ্ডৰ কাৰণ এতিয়াও পোহৰলৈ অহা নাই । আৰক্ষীয়ে মৌলানাজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে আজমেৰৰ জে এল এন হাস্পতালৰ মৰ্গত ৰাখিছে । অজ্ঞাত দুষ্কৃতিকাৰীৰ বিৰুদ্ধে ৰুজু হৈছে হত্যাৰ গোচৰ ।

ৰামগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰবীন্দ্ৰ সিং খেৰীয়ে জনোৱা মতে, ৰাতিপুৱা প্ৰায় ৩ বজাত মৌলানা মহম্মদ মাহীৰৰ মৃতদেহ কাঞ্চন নগৰত অৱস্থিত মহম্মদী মছজিদৰ সমীপৰ এটা কোঠাত ৰক্তাক্ত অৱস্থাত পৰি থকা বুলি থানাখনে তথ্য লাভ কৰে । তথ্যৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী । তেওঁ কয় যে মৌলানাজন উত্তৰ প্ৰদেশৰ ৰামপুৰ অঞ্চলৰ বাসিন্দা । ৰাতি তেওঁলোকৰ লগত আৰু ছটা শিশু কোঠাটোত শুই আছিল ।

ল’ৰা-ছোৱালীকেইটাক সোধা-পোছা কৰাৰ সময়ত তেওঁলোকে কয় যে তিনিজন মুখা পিন্ধা দুষ্কৃতিকাৰীয়ে লাঠি লৈ কোঠাটোলৈ আহি মৌলানা মহম্মদ মাহীৰক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে । দুষ্কৃতিকাৰীয়ে মৌলানাক ইমানেই প্ৰহাৰ কৰিলে যে তেওঁৰ থিতাতে মৃত্যু হয় । লগতে দুস্কৃতিকাৰীয়ে শিশুসকলক চিঞৰিলে তেওঁলোককো মাৰপিট কৰা হ’ব বুলি ভাবুকি দিয়ে ।

দুষ্কৃতিকাৰীসকল যোৱাৰ পিছত শিশুসকলে চিঞৰ-বাখৰ কৰি কোঠাটোৰ পৰা ওলাই আহি চুবুৰীটোত বাস কৰা লোকসকলক এই বিষয়ে অৱগত কৰে । মৌলানাৰ পৰিয়ালৰ লোককো খবৰ দিয়া হৈছে ।

তেওঁ জনোৱা মতে, এফ এছ এল দল আৰু ডগ স্কোৱাড দলক ততালিকে মাতি অনা হয় । দুয়োটা দলে ঘটনা স্থলীৰ পৰা প্ৰমাণ সংগ্ৰহ কৰিছে । সন্দেহজনক লোককেইজনক জেৰা কৰিছে আৰক্ষীয়ে । তদন্তত প্ৰকাশ পাইছে যে মৌলানাক হত্যা কৰাৰ উদ্দেশ্যেৰে পিছফালৰ পথেৰে মছজিদত প্ৰৱেশ কৰিছিল তিনিওজন দুষ্কৃতিকাৰীয়ে আৰু মৌলানাক হত্যা কৰাৰ পিছত একেটা পথেৰেই পলায়ন কৰিছিল । মৌলানাৰ মোবাইলটোও লগত লৈ যায় । যাতে কোনো শিশুৱে মোবাইলৰ জৰিয়তে কাকো ঘটনাৰ তথ্য নিদিয়ে ।

ৰামগঞ্জ আৰক্ষী থানাতো মছজিদৰ আশে-পাশে থকা অট্টালিকাসমূহত স্থাপন কৰা চিচিটিভি ফুটেজৰ তদন্ত অব্যাহত ৰাখিছে । বৰ্তমান আৰক্ষীয়ে মছজিদৰ পিছফালে থকা বেৰৰ পৰা উদ্ধাৰ কৰিছে দুডাল লাঠি । এই লাঠিৰেই মৌলানাক হত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ।

মৌলানাৰ সৈতে কোঠাটোত শুই থকা ছয়টা শিশুৱে ঘটনাটোক লৈ অতিশয় ভয় খাইছে । শিশুসকলে জনোৱা মতে, ৰাতিপুৱা তিনিটা মুখা পিন্ধা দুষ্কৃতিকাৰী কোঠাটোত প্ৰৱেশ কৰে । দুষ্কৃতিকাৰীয়ে মৌলানাক আক্ৰমণ কৰে, যাৰ বাবে সকলো শিশু সাৰ পাই উঠে । কোনোবাই চিঞৰিলে তেওঁলোককো মাৰপিট কৰিব বুলিও হুংকাৰ দিয়ে দুষ্কৃতিকাৰীয়ে । দুস্কৃতিকাৰীয়ে মৌলানাক অজ্ঞান নোহোৱালৈকে মাৰপিট কৰি থাকে । ইয়াৰ পিছত মছজিদৰ পিছফালৰ বাটেৰে দুস্কৃতিকাৰীকেইটা পলাই যায় ।

গোচৰটোৰ তদন্ত কৰি থকা ৰামগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত ৰবীন্দ্ৰ সিং খেগীয়ে কয় যে যেতিয়া চুবুৰীয়াকো জেৰা কৰা হয় তেতিয়া পোহৰলৈ আহে যে উত্তৰ প্ৰদেশৰ ৰামপুৰ অঞ্চলৰ মৌলানা মাহীয়ে ৭ বছৰ পূৰ্বে ইয়াত আহি বাস কৰিছিল । আগতে ইয়াত ল’ৰা-ছোৱালীক পঢ়ুৱাইছিল । মৌলানাৰ পৰিয়ালটোৱে ৰামপুৰত বাস কৰে । ইয়াত তেওঁ ডজনৰো অধিক শিশুৰ সৈতে মছজিদত বাস কৰিছিল । ৬ মাহ পূৰ্বে ২৮ অক্টোবৰত অসুস্থতাৰ বাবে মছজিদৰ মুৰব্বী মৌলানা জাকিৰ হুছেইনৰ মৃত্যুৰ পিছত মহম্মদ মাহীৰক মুৰব্বী মৌলানাৰ দায়িত্ব দিয়া হৈছিল ।

মছজিদত মৌলানাৰ হত্যাকাণ্ডৰ বাবে অঞ্চলটোত আতংকৰ সৃষ্টি হোৱাৰ লগতে ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে । ৰাতিপুৱা হত্যাকাণ্ডৰ খবৰ বিয়পি পৰাৰ লগে লগে মছজিদৰ বাহিৰত মুছলমান সম্প্ৰদায়ৰ মানুহ গোট খাবলৈ ধৰিলে । শীঘ্ৰে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ ৰামগঞ্জ থানাত ৰাইজে দাবী জনাইছে ।

লগতে পঢ়ক: উত্তপ্ত মণিপুৰ; মণিপুৰৰ ভূমিত পুনৰ শ্বহীদ হ’ল অসমৰ জোৱান - CRPF personnel killed in Manipur

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.