অসম

assam

আফ্ৰিকাৰ 75 ফুট ওখ পৰ্বতত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিলে হিমাংশুৱে

By

Published : Aug 20, 2022, 10:15 PM IST

গাজিয়াবাদৰ সেনা জোৱান হিমাংশুৱে পৃথিৱীৰ সৰ্বোচ্চ স্থায়ী পৰ্বত মাউণ্ট কিলিমাঞ্জাৰোত ৭৫ ফুট দীঘল ত্ৰিৰংগা উত্তোলন কৰি দেশখনলৈ গৌৰৱ কঢ়িয়াই আনে (75 feet tall tricolor hoisted on Mount Kilimanjaro)৷

75 feet tall tricolor hoisted on Mount Kilimanjaro
আফ্ৰিকাৰ 75 ফুট ওখ পৰ্বতত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিলে হিমাংশুৱে

নেশ্যনেল ডেস্ক, 20 আগষ্ট:আফ্ৰিকাৰ সৰ্বোচ্চ শৃংগ মাউণ্ট কিলিমাঞ্জাৰোত উৰিল ভাৰতীক পতাকা (75 feet tall tricolor hoisted on Mount Kilimanjaro)৷ গাজিয়াবাদৰ সেনা জোৱান হিমাংশুৱে পৃথিৱীৰ সৰ্বোচ্চ স্থায়ী পৰ্বত মাউণ্ট কিলিমাঞ্জাৰোত ৭৫ ফুট দীঘল ত্ৰিৰংগা উত্তোলন কৰি দেশখনলৈ গৌৰৱ কঢ়িয়াই আনে ৷

দেশজুৰি প্ৰধানমন্ত্ৰীৰ হৰ ঘৰ ত্ৰিৰংগা অভিযান অব্যহত থকাৰ সময়তে হিমাংশুৱে আফ্ৰিকাৰ সৰ্বোচ্চ শৃংগ মাউণ্ট কিলিমাঞ্জাৰোলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ গাজিয়াবাদৰ বিজয় নগৰৰ বাসিন্দা হিমাংশু। তেওঁ প্ৰমথমতে উত্তৰ প্ৰদেশৰ মিৰাটৰ পিএছচি ষষ্ঠ বেটেলিয়নত কনিষ্টবল হিচাপে নিযুক্তি লাভ কৰিছিল ৷ তেওঁ ২০১৯ চনৰ ডিচেম্বৰত আৰক্ষী বাহিনীত যোগদান কৰিছিল ৷ আৰম্ভনিৰে পৰা হিমাংশুৰ সপোন আছিল যে ভাৰতৰ জাতীয় পতাকাখন সবাটোকৈ উচ্চ পৰ্বতত উৰুৱাই এদিন ভাৰত মাতৃৰ নাম গৌৰৱান্বিত কৰিব ৷

এই মনোকামনা পূৰণ কৰিবলৈ হিমাংশুৱে দুই বন্ধু নিখিল আৰু অজয়ৰ লগত যাত্ৰা আৰম্ভ কৰিছিল ৷ মাউণ্ট কিলিমাঞ্জাৰো হৈছে পৃথিৱীৰ আটাইতকৈ মুক্ত ভাৱে থিয় হৈ থকা পৰ্বত । ইয়াৰ শিখৰ হৈছে 5895 মিটাৰ, যাক গড়ে প্ৰায় 19341 ফুট বুলি গণ্য কৰিব পাৰি । কিলিমাঞ্জাৰো আগ্নেয়গিৰিৰ শঙ্কুৰে গঠিত এক পৰ্বত ৷ এই পৰ্বতৰ আৰোহণ কৰাতকৈ ইয়াৰ পৰা অৱৰোহণ কৰাৰ পথ আটাইতকৈ কঠিন ৷ এই পৰ্বতত উঠিবলৈ শাৰীৰিকভাৱে শক্তিশালী হোৱাটো অতি গুৰুত্বপূৰ্ণ। এই পৰ্বতটোৰ শিখৰলৈ উঠি যোৱাৰ লগে লগে উশাহ লোৱাত বহু অসুবিধা হয় । ফলত অক্সিজেন মাস্ক ব্যৱহাৰ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ ৷

জানিব পৰামতে এই পৰ্বতলৈ যোৱা বহু লোকেই আধাৰ পৰাই উভতি আহে ৷ কিন্তু হিমাংশু কুমাৰে হাৰ মনা নাছিল এই কঠিন যাত্ৰাত ৷ অৱশেষত আফ্ৰিকাৰ ভূমিত ভাৰতৰ জাতীয় পতাকা উৰুৱাই সগৌৰৱে নিজ মাতৃভূমিলৈ উভতি আহে দুই বন্ধুসহ হিমাংশুয়ে ৷ শনিবাৰে গাজিয়াবাদত উপস্থিত হোৱাৰ পিছতে হিমাংশুক জনোৱা হয় উষ্ম আদৰণি ৷

লগতে পঢ়ক:শান্তি আৰু আইন-শৃংখলা অবিহনে উদ্যোগৰ সম্প্ৰসাৰণ অসম্ভৱ, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details