আমি ভাৰতৰ বিৰুদ্ধে মেচ খেলিব নোৱাৰো: টি-২০ বিশ্বকাপৰ মেচ বৰ্জনৰ পাকিস্তানে লোৱা সিদ্ধান্তৰ পুনৰাবৃত্তি শ্বেহবাজ শ্বৰীফৰ
পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে বুধবাৰে ভাৰতৰ বিৰুদ্ধে টি-২০ বিশ্বকাপৰ খেলখন বৰ্জন কৰাৰ সিদ্ধান্ত পুনৰ দোহাৰে ।
By ANI
Published : February 5, 2026 at 10:20 AM IST
ইছলামবাদ (পাকিস্তান) :পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ভাৰতৰ বিৰুদ্ধে টি-২০ বিশ্বকাপৰ খেলখন বৰ্জনৰ সিদ্ধান্তক পুনৰবাৰ উল্লেখ কৰি কয় যে ১৫ ফেব্ৰুৱাৰীত শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া খেলখনৰ ক্ষেত্ৰত দেশখনে ‘স্পষ্ট স্থিতি’ গ্ৰহণ কৰিছে ৷ পাকিস্তানৰ বাতৰি কাকত ডনে প্ৰকাশ কৰিছে এই কথা ৷
ইছলামবাদত ফেডাৰেল কেবিনেটক সম্বোধন কৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কয় যে টি-২০ বিশ্বকাপৰ সন্দৰ্ভত আমি স্পষ্ট স্থিতি গ্ৰহণ কৰিছো যে আমি ভাৰতৰ বিৰুদ্ধে খেলখন খেলিব নোৱাৰিম ৷
ভাৰতৰ মেচখন সযতনে মূল্যায়ন কৰি বৰ্জন কৰাৰ সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰি শ্বৰীফে ইয়াক ন্যায্য সিদ্ধান্ত বুলি অভিহিত কৰে ৷
তেওঁ কয় যে ক্ৰীড়াত ৰাজনীতি হ’ব নালাগে ৷ তেওঁ লগতে কয় যে আমি এই স্থিতি সযতনে বিবেচনা কৰি গ্ৰহণ কৰিছো আৰু ইয়াক ‘ন্যায্য সিদ্ধান্ত’ বুলি অভিহিত কৰে ৷
ইয়াৰ পূৰ্বে পাকিস্তানে টি-২০ বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে গ্ৰুপ পৰ্যায়ৰ খেলখন বৰ্জন কৰাৰ সিদ্ধান্ত লৈছিল, কাৰণ পাকিস্তান চৰকাৰে কোনো কাৰণ উল্লেখ নকৰাকৈ এক্সত পোষ্ট কৰিছিল যে পাকিস্তান দলটোৱে ভাৰতৰ বিৰুদ্ধে খেলখনত অৱতীৰ্ণ নহয় ৷
পাকিস্তান চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে এক বিবৃতি প্ৰকাশ কৰি কয়, “এটা বিশ্বব্যাপী ক্ৰীড়া অনুষ্ঠানৰ মৌলিক ভেটিৰ বাবে ‘নিৰ্বাচিত অংশগ্ৰহণ’ অনুপযুক্ত আৰু পি চি বিয়ে সকলো অংশীদাৰৰ স্বাৰ্থ সুৰক্ষিত কৰা পাৰস্পৰিকভাৱে সহমতত উপনীত হোৱা সমাধান বিচাৰি উলিয়াব বুলি আশা কৰিছো ৷"
আই চি চিয়ে এক বিবৃতিত কয় যে আই চি চিৰ পুৰুষ টি-২০ বিশ্বকাপ ২০২৬ত নিৰ্বাচিতভাৱে অংশগ্ৰহণ কৰিবলৈ পাকিস্তান চৰকাৰে নিজৰ জাতীয় দলটোক নিৰ্দেশ দিয়াৰ সিদ্ধান্ত সন্দৰ্ভত যি বক্তব্য দিছে, সেই বক্তব্যটো আই চি চিয়ে লক্ষ্য কৰিছে ৷
বিবৃতিটোত কোৱা হৈছে, “আই চি চিয়ে পি চি বিৰ পৰা আনুষ্ঠানিক যোগাযোগৰ বাবে অপেক্ষা কৰি আছে, কিন্তু নিৰ্বাচিত অংশগ্ৰহণৰ এই স্থিতি এটা বিশ্বব্যাপী ক্ৰীড়া ইভেণ্টৰ মৌলিক ভিত্তিৰ সৈতে মিল থকাটো কঠিন, য'ত সকলো যোগ্য দলে ইভেণ্টৰ সময়সূচী অনুসৰি সমান চৰ্তত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ আশা কৰা হৈছে ৷" বিবৃতিটোত লগতে কোৱা হৈছে যে আই চি চি প্ৰতিযোগিতাসমূহ ক্ৰীড়াৰ সততা, প্ৰতিযোগিতামূলক ক্ষমতা, ধাৰাবাহিকতা আৰু ন্যায়পৰায়ণতাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে আৰু নিৰ্বাচিত অংশগ্ৰহণে প্ৰতিযোগিতাসমূহৰ মনোভাৱ আৰু পবিত্ৰতাক ক্ষতিগ্ৰস্ত কৰে ৷
বিবৃতিটোত কোৱা হৈছে, "আই চি চিয়ে ৰাষ্ট্ৰীয় নীতিৰ বিষয়ত চৰকাৰৰ ভূমিকাক সন্মান কৰিলেও এই সিদ্ধান্ত বিশ্বব্যাপী খেল বা পাকিস্তানকে ধৰি বিশ্বৰ লাখ লাখ অনুৰাগীৰ স্বাৰ্থত নহয় ৷ আই চি চিয়ে আশা কৰিছে যে পি চি বিয়ে নিজৰ দেশত ক্ৰিকেটৰ বাবে উল্লেখযোগ্য আৰু দীৰ্ঘম্যাদী পৰিণতিৰ বিষয়ে বিবেচনা কৰিব, কিয়নো ইয়াৰ ফলত বিশ্ব ক্ৰিকেট পৰিৱেশ তন্ত্ৰত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে, যাৰ ই সদস্য আৰু হিতাধিকাৰী ৷"
আই চি চিয়ে আৰু কয় যে আই চি চিৰ অগ্ৰাধিকাৰ হৈছে আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপৰ সফল আয়োজন, যিটো পি চি বিকে ধৰি ইয়াৰ সকলো সদস্যৰ দায়িত্ব হ’ব লাগে ৷ বিবৃতিটোত কোৱা হৈছে যে পি চি বিয়ে সকলো অংশীদাৰৰ স্বাৰ্থ সুৰক্ষিত কৰা সমাধান বিচাৰি পাব বুলি আশা কৰিছে ৷ পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ তথা দেশখনৰ অভ্যন্তৰীণ মন্ত্ৰী মহছিন নাকৱীয়ে যোৱা মাহত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীক সাক্ষাৎ কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছিল, যিটো সিদ্ধান্ত বাংলাদেশে ‘নিৰাপত্তাজনিত চিন্তা’ৰ কাৰণ দৰ্শাই ভাৰতলৈ নিজৰ দল প্ৰেৰণ কৰিবলৈ অস্বীকাৰ কৰাৰ পিছতে লোৱা হৈছিল ৷
প্ৰকাশিত মেচ সূচী অনুসৰি বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে (বি চি বি) প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ পিছত আই চি চিৰ পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ত বাংলাদেশৰ ঠাইত স্কটলেণ্ডে অংশগ্ৰহণ কৰিব বুলি যোৱা মাহত ঘোষণা কৰা হৈছিল ৷ ভাৰতত বাংলাদেশৰ জাতীয় দলটোৰ প্ৰতি কোনো বিশ্বাসযোগ্য বা পৰীক্ষাযোগ্য নিৰাপত্তাৰ ভাবুকিৰ অভাৱত ৭ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চলৈ অনুষ্ঠিত হ’বলগীয়া ২০ দলীয় প্ৰতিযোগিতাখনৰ বাবে বি চি বিৰ মেচসমূহ ভাৰতৰ পৰা শ্ৰীলংকালৈ স্থানান্তৰিত কৰাৰ দাবী আই চি চিয়ে নাকচ কৰাৰ পিছতে এই ঘোষণা কৰা হয় ৷
স্কটলেণ্ড হৈছে টি-২০ আইৰ সৰ্বোচ্চ ৰেংকিঙৰ দল যিয়ে প্ৰথমে এই প্ৰতিযোগিতাখনৰ বাবে যোগ্যতা অৰ্জন কৰিব পৰা নাছিল ৷ তেওঁলোক বৰ্তমান ১৪ নম্বৰ স্থানত আছে, যি প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা ৭টা দল ক্ৰমে নামিবিয়া, সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই), নেপাল, আমেৰিকা যুক্তৰাষ্ট্ৰ (আমেৰিকা), কানাডা, ওমান, আৰু ইটালীৰ আগত আছে ৷ আই চি চি টি-২০ বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ অভিলেখ অতি দুৰ্বল ৷ দুয়োটা দলে ৮ বাৰ খেলিছে, ভাৰতৰ পক্ষত অভিলেখ ৭-১ ৷
যোৱা বছৰৰ এছিয়া কাপত ফাইনেলকে ধৰি এক ৰোমাঞ্চকৰ শৃংখলাত ভাৰতে পাকিস্তানক শোচনায়ভাৱে ক্লিন ছুইপ কৰিছিল ৷ এই মেচসমূহৰ সময়ছোৱাত ভাৰতীয় যুৱ তাৰকা অভিষেক শৰ্মা আৰু তিলক বাৰ্মাই নিজৰ বিস্ফোৰক ইনিংছেৰে পাকিস্তানী বলাৰসকলক তুলাধুনা দিছিল, ফাইনেলত ১৪৭ ৰান সংগ্ৰহৰ উত্তেজনাপূৰ্ণ চেজৰ সময়ত তিলকে উজ্জ্বল ৬৯* ৰাণ সংগ্ৰহ কৰি নিজৰ ডাঙৰ মেচৰ স্বভাৱ প্ৰদৰ্শন কৰিছিল ৷ যোৱা মাহত পাকিস্তানে ভাৰত আৰু শ্ৰীলংকাই আয়োজন কৰা টি-২০ বিশ্বকাপৰ বাবে নিজৰ দল ঘোষণা কৰিছিল ৷ ভাৰত, নামিবিয়া, নেদাৰলেণ্ড, আৰু আমেৰিকাৰ সমান্তৰালকৈ পাকিস্তানে গ্ৰুপ এত স্থান লাভ কৰিছে ৷
আই চি চি টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে ভাৰতৰ দল :
সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অভিষেক শৰ্মা, তিলক বাৰ্মা, সঞ্জু চেমচন, শিৱম ডুবে, ঈশান কিষাণ, হাৰ্দিক পাণ্ডিয়া, আৰ্শদীপ সিং, যশপ্ৰীত বুমৰাহ, হৰ্ষিত ৰাণা, বৰুণ চক্ৰৱৰ্তী, কুলদীপ যাদৱ, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, ৰিংকু সিং ৷
আই চি চি টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে পাকিস্তানৰ দল :
ছলমান আলী আঘা (অধিনায়ক), আব্ৰাৰ আহমেদ, বাবৰ আজম, ফাহীম আশ্ৰফ, ফখৰ জামান, খোৱাজা মহম্মদ নাফে (উইকেটকীপাৰ), মহম্মদ নৱাজ, মহম্মদ ছলমান মিৰ্জা, নছিম শ্বাহ, চাহিবজাদা ফাৰহান (উইকেটকীপাৰ), ছাইম আয়ুব, শ্বাহীন শ্বাহ আফ্ৰিদি, ছাদাব খান, ওছমান খান, ওছমান তাৰিক ৷