অসম

assam

কলগাছিয়াত তিনি ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ - DRUGS SEIZED IN Kalgachia

By ETV Bharat Assamese Team

Published : May 13, 2024, 9:18 PM IST

ড্ৰাগছ সৰৱৰাহকাৰী (ETV BHARAT ASSAM)

জনীয়া, ১৩ মে’ : বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত শৰিয়াতপুৰত আজি আৰক্ষীয়ে তিনিটা ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে । জিলাখনৰ চৰিয়াতপুৰৰ ড্ৰাগছ সৰবৰাহকাৰীৰ ঘৰৰ পৰা আমজাদ আলীসহ ববিদুল ইছলাম আৰু ছাহেব আলীক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে ধৃত ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা ৩০.৪৫ গ্ৰাম ড্ৰাগছ জব্দ কৰে । আৰক্ষীয়ে লগতে AS 15W 5481 আৰু AS 15T 9461 নম্বৰৰ বাইক দুখনো জব্দ কৰে ।  

উল্লেখ্য যে ধৃত আমজাদ আলীয়ে বিগত দিনত ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত হৈ দুবাৰকৈ জেললৈ যাবলগীয়া হৈছিল । তদুপৰি আমজাদ আলীয়ে বিগত এবছৰ ড্ৰাগছ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হৈ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত থাকিবলগীয়া হৈছিল । কিন্তু আজি পুনৰ হাতে-লোটে আটক হয় আমজাদ আলীৰ লগতে ববিদুল ইছলাম আৰু ছাহেব আলী ।

লগতে পঢ়ক:কাছাৰৰ লক্ষীপুৰত হেৰ'ইনসহ গ্ৰেপ্তাৰ দুই সৰৱৰাহকাৰী - DRUGS SEIZED IN CACHAR

লাহৰিজানত ৬ লক্ষাধিক টকাৰ হেৰ'ইনসহ যুৱক গ্ৰেপ্তাৰ - Anti Drugs Operation

  

ABOUT THE AUTHOR

...view details