অসম

assam

দৰং ওদালগুৰি সমষ্টিৰ ডেৰ শতাধিক বিপিএফ নেতা-কৰ্মীৰ বিজেপিত যোগদান - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 8:52 PM IST

দৰং, ৬ এপ্ৰিল: লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা সময়তে বিপিএফ দলত মোক্ষম আঘাত হানি দৰং ওদালগুৰি সমষ্টিৰ প্ৰায় ডেৰ শতাধিক নেতা-কৰ্মীয়ে আজি অৰ্থাৎ শনিবাৰে বিজেপি দলত যোগদান কৰে । বিপিএফৰ দৰং জিলাৰ উপ সভাপতি তীৰ্থ বড়ো, সম্পাদক জ্যোতিষ শৰ্মা, কলাইগাঁও ব্লকৰ সভাপতি তাৰেণি ডেকাসহ ডেৰ শতাধিক নেতা-কৰ্মীয়ে বিজেপিত যোগদান কৰে ৷

দৰং জিলা বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই যোগদান কাৰ্যসূচীত বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়া, ছিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী, মীন নিগম উন্নয়ন বিভাগৰ অধ্যক্ষ গুৰুজ্যোতি দাসকে ধৰি দলটোৰ কেইবাগৰাকী শীৰ্ষ নেতা উপস্থিত থাকি সকলোকে আদৰণি জনায় । বিজেপিত যোগদান কৰা সকলোৱে যাতে ঐক্যবদ্ধভাবে কাম কৰি দলটো আগুৱাই নিয়াত সহায় কৰে, তাৰ বাবে আহ্বান জনাই দৰং ওদালগুৰি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াই ৷

লগতে পঢ়ক: পাহাৰীয়া জিলাত কংগ্ৰেছ-এপিএইছএলচি দলৰ নেতাৰ সদল-বলে বিজেপিত যোগদান - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details