ETV Bharat / politics

পাহাৰীয়া জিলাত কংগ্ৰেছ-এপিএইছএলচি দলৰ নেতাৰ সদল-বলে বিজেপিত যোগদান - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 8:01 PM IST

Lok Sabha Election 2024
পাহাৰীয়া জিলাত কংগ্ৰেছ-এপিএইছএলচি দলৰ নেতাৰ বিজেপিত যোগদান

Lok Sabha Election 2024 : ডিফু লোকসভা সমষ্টিৰ প্ৰাৰ্থী অমৰছিং টিছ’ৱে মনোনয়ন দাখিল কৰাৰ পূৰ্বে সমষ্টিটোত শ শ লোকে বিজেপিত যোগদান কৰিছে । কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত সোমবাৰে কংগ্ৰেছ আৰু এপিএইছএলচি দলৰ বহু নেতা-কৰ্মীয়ে শাসকীয় দলত যোগদান কৰে ।

পাহাৰীয়া জিলাত কংগ্ৰেছ-এপিএইছএলচি দলৰ নেতাৰ বিজেপিত যোগদান

ডিফু,১ এপ্ৰিল : নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত শাসক-বিৰোধী দলসমূহ অধিক তৎপৰ হৈছে । প্ৰতিটো সমষ্টিতে দলীয় ভেঁটি শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিছে দলসমূহে । ইফালে কাৰ্বি আংলং আৰু ডিমা হাছাও পাহাৰীয়া জিলা দুখনত বিৰোধী ৰাজনৈতিক দলৰ নেতা-কৰ্মীসকলৰ শাসকীয় বিজেপি দললৈ সোঁত বৈছে ৷

তাৰ অংশ হিচাপে কাৰ্বি আংলং জিলাৰ ডিফুৰ জিলা বিজেপি কাৰ্যালয়ত আৰু ডিমা হাছাও জিলাৰ উমৰাংচ’ত কংগ্ৰেছ আৰু এপিএইছএলচি দলৰ দুই সহস্ৰাধিক নেতা-কৰ্মীয়ে বিজেপি দলত যোগদান কৰে ৷ ডিফুত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ হৰেণ ছিং বে, অসম বিধনসভাৰ উপাধ্যক্ষ নোমল মমিনৰ উপস্থিতিত পৰিষদৰ অন্তৰ্গত সৰুপথাৰ, ধনশিৰি আৰু লুম্বাজং সমষ্টিৰ প্ৰায় ৭০০ লোকে বিজেপি দলত যোগদান কৰে ৷

একেদৰে ডিমা হাছাও জিলাৰ উমৰাংচ'ত ৬ নং ডিফু লোকসভা সমষ্টিৰ প্ৰাৰ্থী অমৰছিং টিছ’, পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচা, মন্ত্ৰী নন্দিতা গাৰ্লোচা, বিধায়ক বিদ্যাছিং ইংলেঙৰ উপস্থিতিত কংগ্ৰেছ দল ত্যাগ কৰি সহস্ৰাধিক লোকে বিজেপি দলত যোগদান কৰে ৷

এই বিশেষ মুহূৰ্তত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সংবাদ মাধ্যমৰ আগত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰী পতাৰ বাবে বিৰোধী দলসমূহৰ নেতা-কৰ্মীসকল বিজেপি দললৈ আহিছে ৷ তেওঁ জনোৱা মতে মঙলবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ডিফুলৈ আহিব আৰু বিশাল জনসভা সম্বোধন কৰিব । লগতে দলীয় প্ৰাৰ্থী অমৰছিং টিছ'ৰ মনোনয়ন পত্ৰ দাখিলত তেওঁক মুখ্যমন্ত্ৰীয়ে সংগ দিব ।

লগতে পঢ়ক :কংগ্ৰেছ দলত এতিয়া মানুহ থাকিবই নোৱাৰে : তপন কুমাৰ গগৈ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.