অসম

assam

এবছুৰ সভাপতিৰ বাসগৃহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা - Cm Himanta Biswa Sarma

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 10:31 PM IST

ৰৌতা, ২৮ এপ্ৰিল: ৰৌতাৰ বড়োবজাৰত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়োৰ বাসগৃহত দেওবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী শৰ্মা ৷ এবছুৰ সভাপতি বড়োৰ পিতৃৰ আদ্যশ্ৰাদ্ধত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ বিগত ১৩ এপ্ৰিলত দ্বীপেন বড়োৰ পিতৃ আদুলা কছাৰীয়ে ইহলীলা সম্বৰণ কৰিছিল ৷

দেওবাৰে আদ্যশ্ৰাদ্ধস্থলীত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে আদুলা কছাৰীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীক এই কাৰ্যত সংগ প্ৰদান কৰে মন্ত্ৰী অশোক সিংঘাল আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ৷ প্ৰয়াত পিতৃৰ আদ্যশ্ৰাদ্ধত উপস্থিত হোৱা মুখ্যমন্ত্ৰী শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে দ্বীপেন বড়োৱে ৷ লগতে পিতৃৰ সোঁৱৰণত শিশু উদ্যান আৰু পুথিভঁৰাল নিৰ্মাণ কৰাৰ কথাও ঘোষণা কৰে এবছুৰ সভাপতি দ্বীপেন বড়োৱে ৷

ABOUT THE AUTHOR

...view details