অসম

assam

জোনাইত মেট্ৰিক পৰীক্ষাত স্বয়ং শিক্ষাগুৰুৱেই নামিল নকল যোগানত

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 4:45 PM IST

HSLC Examination 2024 : জোনাইত স্কুটীৰ ডিকিত ওলাল নকল । স্কুটী পৰীক্ষা কৰোতে ওলাল জোলোঙাৰ মেকুৰী ৷ এইবাৰ নকলত নামিল স্বয়ং শিক্ষাগুৰু ।

HSLC Examination 2024
হাইস্কুল শিক্ষান্ত পৰীক্ষা

হাইস্কুল শিক্ষান্ত পৰীক্ষা

জোনাই , ১৯ ফেব্ৰুৱাৰী: কোন দিশে পৰীক্ষা ব্যৱস্থা ৷ এইবাৰ নকল যোগানত নামিল স্বয়ং শিক্ষাগুৰু, চতুৰ্থ বৰ্গ কৰ্মচাৰীৰ ৷ জোনাই মূৰ্কংচেলেক বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত বৃহৎ পৰিমাণৰ নকলসহ আটক দুজন শিক্ষক, এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু এজন কম্পিউটাৰ দোকানী ৷ আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দ্বিতীয় দিনা সংঘটিত হৈছে এই ঘটনাটো ।

উল্লেখযোগ্য পৰীক্ষা আৰম্ভ হোৱাৰ কিছু সময়ৰ পিছতে বিদ্যালয়খনৰ চকীদাৰজন স্কুটী লৈ চাহ চিঙৰা আনিবলৈ যায় ৷ উভতি আহি পৰীক্ষা কেন্দ্ৰত পোবাৰ সময়তে দায়িত্বত থকা আৰক্ষীয়ে চকীদাৰজনৰ স্কুটী পৰীক্ষা কৰোতে ওলাই পৰিল জোলোঙাৰ মেকুৰী ৷

স্কুটীৰ ডিকিত চাহ চিঙৰাৰ পৰিৱৰ্তে জাপে জাপে ওলাল নকলৰ টোপোলা ৷ অৱশেষত চকীদাৰজনক এই বিষয়ে সোধা-পোচা কৰাত নকল যোগান দিয়াৰ অভিযোগত এখন অপ্ৰাদেশীকৃত বিদ্যালয়ৰ এজন শিক্ষক, এজন তৃতীয় বৰ্গৰ কৰ্মচাৰী আৰু এজন কম্পিউটাৰ দোকানীক আটক কৰে ৷ কোন নম্বৰ পৰীক্ষা গৃহত, কোনজন পৰীক্ষাৰ্থীক যোগান ধৰিব নকল, পৰীক্ষাৰ্থীৰ ৰোল নম্বৰ আৰু নামসহ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী পৰা নকল উদ্ধাৰ কৰিলে আৰক্ষীয়ে ৷

পৰীক্ষাগৃহত ছাত্ৰক নকল যোগান দিয়াৰ অভিযোগত আৰক্ষীয়ে আটক কৰা লোক কেইজন হ'ল অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক পদ্ম কুলি, তৃতীয় বৰ্গৰ কৰ্মচাৰী লীলাধৰ পায়েং, চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দেৱন পাতিৰ আৰু কম্পিউটাৰ দোকানৰ মালিক ধীৰাজ দুৱৰা ৷ জোনাই ৰাংকপ তিনিআলিস্থিত ৰাংকপ ডিজিটেল জেজিএ কম্পিউটাৰ এডুকেচন চেণ্টাৰ, জেৰক্স চেণ্টাৰত অভিযান চলাই মেচিসহ জেৰক্স কপি জব্দ কৰে আৰক্ষীয়ে ৷ জোনাই আৰক্ষীয়ে চাৰিজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:প্ৰশ্নকাকত ফাদিল বা নকল কৰাসকল সাৱধান, অসম চৰকাৰে আনিছে নতুন আইন

ABOUT THE AUTHOR

...view details