অসম

assam

মুখ্যমন্ত্ৰীৰ কথাতে প্ৰমাণ হৈছে আজমল প্ৰসংগ: ৰকিবুল হুছেইন

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 10:43 PM IST

Lok Sabha Election 2024: অভয়াপুৰী ৰাজীৱ ভৱনত ৰকিবুল হুছেইনৰ সংবাদমেল । আগন্তুক লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে কংগ্ৰেছী নেতাগৰাকীয়ে । আব্দুল খালেকৰ পদত্যাগ প্ৰসংগতো মন্তব্য আগবঢ়াই ৰকিবুল হুছেইনে ।

Rakibul Hussain reacts to Abdul Khaleques resignation in Dhubri
অভয়াপুৰী ৰাজীৱ ভৱনত ৰকিবুল হুছেইনৰ সংবাদমেল

অভয়াপুৰী ৰাজীৱ ভৱনত ৰকিবুল হুছেইনৰ সংবাদমেল

বঙাইগাঁও,১৫ মাৰ্চ:শাসক বিৰোধীৰ বাকযুদ্ধৰে গৰম হৈ উঠিছে ৰাজ্যৰ নিৰ্বাচনী বতাহ । ইয়াৰ মাজতে বিৰোধী কংগ্ৰেছৰ ভূমিকাই বিশেষ তাৎপৰ্য বহন কৰিছে নিৰ্বাচনী যুঁজত । ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ৰকিবুল হুছেইনৰ নাম ঘোষণা হোৱাৰ পাছতে চলিছে ব্যাপক চৰ্চা । ইয়াৰ মাজতে ধুবুৰীত উপস্থিত হৈ গুৰুত্বপূৰ্ণ মন্তব্য লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ ।

ধুবুৰীত বদৰুদ্দিন আজমল হাৰিব বুলি মুখ্যমন্ত্ৰীৰ কথাতে প্ৰমাণ হৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে । ধুবুৰীত মুখ্যমন্ত্ৰীগৰাকীয়ে নাযাওঁ বুলি কোৱা মন্তব্যক উল্লেখ কৰি শুকুৰবাৰে বঙাইগাঁও জিলাৰ অভয়াপুৰীত ৰকিবুল হুছেইনে সংবাদমাধ্যমৰ আগত এই মন্তব্য আগবঢ়াই । মই প্ৰথম, দ্বিতীয় কোন নাজানো বুলি উল্লেখ কৰি আব্দুল খালেকৰ পদত্যাগত তেওঁ যথেষ্ট দুখ পাইছে বুলি মত প্ৰকাশ কৰে ।

তেওঁ কয়, "এই সময়ত আব্দুল খালেক থাকিলে ভাল আছিল ।" আব্দুল খালেকক পদত্যাগ সম্পৰ্কত নতুনকৈ চিন্তা চৰ্চা কৰিবলৈ আহ্বান জনায় লগতে কয় যে একেলগে মিলি কাম কৰি ভেঁটি শক্তিশালী কৰি বিজেপিৰ বিৰুদ্ধে যুঁজ দিব লাগে । অভয়াপুৰীৰ ৰাজীৱ ভৱনত দলীয় সভাত উপস্থিত থাকি ৰকিবুল হুছেইনে প্ৰথমবাৰৰ বাবে এই প্ৰতিক্ৰিয়া ব্যক্ত কৰে । SBI য়ে ইলেক্ট্ৰৰেল বণ্ডৰ তথ্য প্ৰকাশ কৰাৰ সময়তে বিভিন্ন মহলত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ সময়ত উক্ত তথ্য সন্দৰ্ভত ৰকিবুল হুছেইনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰাৰ পিছতহে SBI য়ে তথ্য প্ৰকাশ কৰিছে বুলি তেওঁ উল্লেখ কৰে । দেশৰ প্ৰায়বোৰ প্ৰতিষ্ঠানৰ লগতে বেংক প্ৰতিষ্ঠানকো হস্তক্ষেপ কৰে বিজেপিয়ে । তথ্যত প্ৰকাশ পাইছে আকাশ-পাতাল প্ৰভেদ । বিজেপিয়ে লাভ কৰিছে কৰিছে ৬০৬১ কোটি আৰু কংগ্ৰেছে ১৪২২ কোটি টকা লাভ কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে কংগ্ৰেছী নেতাগৰাকীয়ে ।

লগতে পঢ়ক:টিকট নোপোৱাৰ ক্ষোভত কংগ্ৰেছ এৰিলে খালেকে

ABOUT THE AUTHOR

...view details