অসম

assam

চাৰিটা বিশেষ ভোটৰ বাবে নাও, ঘোঁৰা গাড়ীৰে দুৰ্গম অঞ্চললৈ ৰাওনা ভোটগ্ৰহণকাৰী দল - Lok sabha election 2024

By ETV Bharat Assamese Team

Published : Apr 29, 2024, 10:36 PM IST

Lok sabha election 2024 : গোৱালপাৰা জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ । নাও, ঘোঁৰা গাড়ীৰে দুৰ্গম অঞ্চললৈ গৈ ভোটগ্ৰহণকাৰী দলৰ যাত্ৰা ।

Etv BharatLok sabha election 2024
চাৰিটা বিশেষ ভোটৰ বাবে নাও, ঘোঁৰা গাড়ীৰে দুৰ্গম অঞ্চললৈ ৰাওনা ভোটগ্ৰহণকাৰী দল

চাৰিটা বিশেষ ভোটৰ বাবে নাও, ঘোঁৰা গাড়ীৰে দুৰ্গম অঞ্চললৈ ৰাওনা ভোটগ্ৰহণকাৰী দল

গোৱালপাৰা, 29 এপ্ৰিল :ভোটদান প্ৰতিগৰাকী নাগৰিকৰে গণতান্ত্ৰিক অধিকাৰ । এই বিশেষ অধিকাৰৰ পৰা কোনো এজন নাগৰিকে যাতে বাদ নপৰে তাৰ বাবে নিৰ্বাচন আয়োগৰ নিৰ্দেশত গোৱালপাৰা জিলা প্ৰশাসনে লৈছে বিশেষ প্ৰদক্ষেপ । সেই হেতুকে যোৱা 27 এপ্ৰিলৰ পৰা 85 বছৰ বা ততোধিক বয়সৰ নাগৰিক আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ ঘৰে ঘৰে গৈ ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ভোটগ্ৰহণকাৰী দলে ৷

ইয়াৰ অংশ হিচাপে সোমবাৰে গোৱালপাৰা জিলা প্ৰশাসনৰ নিৰ্দেশত পূৱ গোৱালপাৰাৰ এক দুৰ্গম চৰাঞ্চলত মাত্ৰ চাৰিটা ভোটগ্ৰহণৰ বাবে ভোটগ্ৰহণকাৰী দল এটি পুৱাই ভোটিং বুথসহ ভোটগ্ৰহণৰ যাৱতীয় সা-সামগ্ৰী হৈ দুৰ্গম এন চি চৰলৈ ৰাওনা হয় ।

এগৰাকী নিৰ্বাচনী পৰ্যবেশক আৰু নিৰাপত্তাৰক্ষীসহ ভোটগ্ৰহণকাৰী দলটোৱে প্ৰথমে প্ৰায় 33 কিলোমিটাৰ‌ পথ বাহনেৰে যাত্ৰা কৰি মাটিয়া আৰক্ষী থানাৰ বহতীৰ পাৰঘাটত উপস্থিত হয় । ইয়াৰ পিচত দলটোৱে নাৱেৰে ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ নদীৰ বালিচৰত ঘোঁৰাৰ গাড়ীত উঠি দুৰ্গম এন চি চৰত উপস্থিত হয় ।

দলটোৱে অঞ্চলটোৰ দেহোনবি নেছা, হাবিবৰ ৰহমান, হাজেৰা খাতুন বেওৱা আৰু নুৰজাহান বেগম নামৰ ভোটাৰ চাৰিজনৰ ঘৰে ঘৰে গৈ ভোট গ্ৰহণ কৰি বিয়লিৰ ভাগত উভতি আহে ।

উল্লেখ্য যে, 7 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ সাধাৰণ লোকসভা নিৰ্বাচন 2024 ৰ ভোটগ্ৰহণৰ‌ পূৰ্বে গোৱালপাৰা নিৰ্বাচনী জিলাত মুঠ 1081 গৰাকী বয়োজ্যেষ্ঠ আৰু বিশেষভাৱে সক্ষম ভোটাৰৰ আবেদনৰ ভিত্তিত ঘৰে ঘৰে গৈ ভোটগ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । গোৱালপাৰা জিলা প্ৰশাসনে ইয়াৰ বাবে 21 টা দল গঠন কৰি দিছে আৰু এই দলসমূহে এই বিশেষ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

যোৱা 27 এপ্ৰিলৰ পৰা আৰম্ভ কৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া অহা 6 মে'ত সমাপ্তি ঘটিব ।ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ প্ৰথম দিনাৰ পৰাই ভোটগ্ৰহণকাৰী দলসমূহে নিৰ্বাচনী জিলাখনৰ বিভিন্ন দুৰ্গম অঞ্চললৈ গৈ 226 গৰাকী ভোটদাতাৰ ভোটগ্ৰহণ কৰিছে । অহা 6 এপ্ৰিলৰ পৰা 5 বজাৰ পূৰ্বে আবেদন জনোৱা সকলো ভোটাৰৰে ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব ।

লগতে পঢ়ক:ম’ক প’ল নে অন্য কিবা- স্পষ্ট কৰিলে কৰিমগঞ্জৰ নিৰ্বাচন আয়ুক্তই - ELECTRONIC VOTING MACHINE

ABOUT THE AUTHOR

...view details