অসম

assam

টিকট নোপোৱাৰ ক্ষোভত কংগ্ৰেছ এৰিলে খালেকে

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 3:52 PM IST

Mp Abdul Khaleque : লোকসভা নিৰ্বাচনত টিকটৰ পৰা বঞ্চিত হৈছিল সাংসদগৰাকী । তাৰ পাচতেই ল’লে এই সিদ্ধান্ত । পদত্যাগ কৰিয়েই দলৰ বিসম্বাদৰ কথা উল্লেখ সাংসদ খালেকৰ । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু অসমৰ দায়িত্বত থকা দলৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ বিৰুদ্ধে ক্ষোভ উজাৰি অসমত দলটো ধ্বংস কৰাৰ অভিযোগ ।

Mp Abdul Khaleque resigns from primary membership of congress after not getting ticket
সাংসদ আব্দুল খালেক

গুৱাহাটী, ১৫ মাৰ্চ :কংগ্ৰেছ দলত পুনৰ মোক্ষম আঘাত । এইবাৰ পদত্যাগ কৰিলে কংগ্ৰেছৰ বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে । কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাত নিজৰ নাম নেদেখি হতাশ আৰু নিৰাশ হৈ পৰা সাংসদ আব্দুল খালেকে অৱশেষত ত্যাগ কৰিলে দলৰ পদ । টিকটৰ পৰা বঞ্চিত হোৱাৰ বাবেই সাংসদ আব্দুল খালেকে কংগ্ৰেছ ত্যাগ কৰিলে ।

সাংসদ আব্দুল খালেক

শুকুৰবাৰে সাংসদগৰাকীয়ে নিজৰ পদত্যাগ পত্ৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গেলৈ প্ৰেৰণ কৰে । পদত্যাগ পত্ৰতেই সাংসদ খালেকে দলৰ বিসম্বাদৰ কথা সদৰী কৰিলে । দলৰ ৰাষ্ট্ৰীয় সভাপতিলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু অসমৰ দায়িত্বত থকা দলৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ বিৰুদ্ধে ক্ষোভ উজাৰি কেতবোৰ অভিযোগ উত্থাপন কৰে ।

পদত্যাগ পত্ৰ

পদত্যাগ পত্ৰত সাংসদ আব্দুল খালেকে কয়, 'কংগ্ৰেছ দলৰ সদস্য হিচাপে বিগত ২৫ বছৰ মোৰ বাবে এক ডাঙৰ যাত্ৰা । বহু কথা শিকাৰ সুবিধা হ'ল । সংবাদ মাধ্যমেৰে জড়িত হৈ থকা সময়ত মই কংগ্ৰেছ দলৰ মতাদৰ্শৰ বাবে দলটোৰ প্ৰতি আকৰ্ষিত হৈছিলো । গান্ধী, নেহৰু, মৌলানা আজাদ আৰু স্বাধীনতা সংগ্ৰামৰ অন্যান্য আগশাৰীৰ সংগ্ৰামীৰ অক্লান্ত আৰু দেশ গঢ়াৰ নিস্বাৰ্থ ত্যাগে মোক জোকাৰি গৈছিল । এক বিশাল ইতিহাস আৰু ঐতিহ্য, সংগ্ৰাম আৰু মৰ্যাদাৰ এই দলটোক মই গভীৰভাৱে সন্মান কৰো ।'

পদত্যাগ পত্ৰ

তেওঁ লগতে কয় - 'দলটোত নেতৃত্বই বিচৰা ধৰণেই সেৱা আগবঢ়াই আহিছো । দলৰ নেতৃত্বই মোক বিশ্বাসত লৈ অসম আৰু আন ৰাজ্যৰ দায়িত্ব অৰ্পণ কৰিছিল । দলে দিয়া নিৰ্ধাৰিত কৰ্তব্যবোৰ সম্পূৰ্ণ হৃদয়েৰে পালন কৰিলোঁ । বিধানসভাৰ সদস্য হিচাপে দুবাৰকৈ ৰাইজৰ সেৱা কৰাৰ সুযোগ পাইছিলোঁ আৰু এবাৰ লোকসভাৰ সদস্য হিচাপে । কংগ্ৰেছ দলৰ বাবে সেৱা আগবঢ়োৱাটো মোৰ বাবে এক সন্মানৰ বিষয় । মই মোৰ সমষ্টিৰ ৰাইজক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছো । সমষ্টি, দল আৰু মোৰ কাষত থিয় দিয়া দলীয় কৰ্মীসকলৰ ওচৰত মই ঋণী ।'

পদত্যাগ পত্ৰখনত তেওঁ কয়, 'অৱশ্যে পলমকৈ অসমত দলটোৱে এক অদ্ভুত পথ লৈছে য’ত মানুহকেন্দ্ৰিক সমস্যাবোৰ গুৰুত্বহীন হৈ পৰিছে । গণতন্ত্ৰৰ সুৰক্ষাৰ ক্ষেত্ৰত জনসাধাৰণৰ স্বাধীনতা, আত্মসন্মান আৰু একতাৰ এক সন্তুলন অৱস্থা জৰুৰী । কিন্তু দুৰ্ভাগ্যজনকভাৱে শেহতীয়াকৈ মই অনুভৱ কৰিছো যে দলৰ মনোভাৱ আৰু পন্থা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু অসমৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদকে ধ্বংস কৰি পেলাইছে । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মই অনুভৱ কৰো যে মোৰ দলৰ পৰা ওলাই অহাৰ সময় আহি পৰিছে । সেয়েহে মই শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ পত্ৰ আগবঢ়াইছো । ছোনিয়া গান্ধীক তেখেতৰ নেতৃত্বৰ বাবে আৰু অহৰহ সমৰ্থনৰ বাবে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ।' সাংসদ আব্দুল খালেকৰ পদত্যাগে স্বাভাৱিকতে কংগ্ৰেছ দলত জোকাৰণিৰ সৃষ্টি কৰিছে । আগন্তুক লোকসভা নিৰ্বাচনতো ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :প্ৰদেশ কংগ্ৰেছত আছে মুখ্যমন্ত্রীৰ অতি ঘনিষ্ঠ এজন বিয়াগোম নেতা : আব্দুল খালেকৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details