অসম

assam

তিনি শিশুৰ পঢ়াৰ খৰচৰ দায়িত্ব ল'লে মন্ত্ৰী পীযুষ হাজৰীকাই - Minister Piyush Hazarika

By ETV Bharat Assamese Team

Published : May 12, 2024, 10:48 PM IST

Minister Pijush Hazarika: প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰাখিলে মন্ত্ৰী পীযুষ হাজৰীকাই । তিতাবৰৰ পিতৃ-মাতৃহাৰা তিনি শিশুৰ শিক্ষা বাবে আগবঢ়ালে ৭ লাখ টকা । জমা টকাৰ পৰাৰ সুত হিচাপে লাভ কৰা ধনেৰে তিনি শিশুৱে লাভ কৰিব পঢ়াৰ খৰচ ।

Minister Pijush Hazarika takes responsibility for the education expenses of the three children
তিনি শিশুৰ পঢ়াৰ খৰচৰ দায়িত্ব ল'লে মন্ত্ৰী পীযুষ হাজৰীকাই (ETV Bharat Assam)

তিনি শিশুৰ পঢ়াৰ খৰচৰ দায়িত্ব ল'লে মন্ত্ৰী পীযুষ হাজৰীকাই (ETV Bharat Assam)

যোৰহাট,১২ মে':প্ৰতিশ্ৰুতি পূৰণ কৰিলে মন্ত্ৰী পীযুষ হাজৰীকাই । হাঁহি বিৰিঙালে এটা পৰিয়ালৰ মুখত । নিৰ্বাচনী ধামখুমীয়া মাজতে তিতাবৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ তিনি শিশুক মন্ত্ৰী পীযুষ হাজৰীকাই প্ৰতিশ্ৰুতি প্ৰদান কৰি পালন কৰা দায়ৱদ্ধতাৰ বাবে সৰ্বত্ৰে চৰ্চিত হোৱাই নহয় উচ্চ প্ৰশংসিত হয় ।

তিতাবৰৰ কুহুম চাহ বাগিচাৰ ভুচি লাইনৰ যাদৱ কুৰ্মী নামৰ শ্ৰমিকগৰাকীৰ মৃতদেহ ঘৰৰ সমীপৰ এটা পুখুৰীত উদ্ধাৰ কৰা হৈছিল আৰু কেইবছৰমান পূৰ্বে পত্নীয়ে সন্তানক এৰি পৰপুৰুষলৈ পলাই যোৱাৰ পিছৰ পৰা ই তিনিটি শিশু অৱস্থা দুৰ্বিষহ হৈ পৰে । তিনিওটি শিশুৰ দুৰ্বিসহ জীৱনৰ কথা অৱগত হৈছিল মন্ত্ৰী পীযুষ হাজৰীকা আৰু তিতাবৰত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহি মন্ত্ৰী হাজৰিকাই তেওঁলোকৰ ঘৰত উপস্থিত হৈ শিশু তিনিটি শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰা প্ৰতিশ্ৰুতি দিছিল ।

সেই অনুসৰি মন্ত্ৰী হাজৰীকাই ৭লাখ টকাৰ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল । সেই ধনৰাশি ১৫ বছৰলৈ ফিক্স ডিপ'জিট কৰা হ'ব আৰু সেই টকাৰ সুতৰ বিনিময়ত তিনি শিশুৱে মাহে সুত হিচাপে লাভ কৰিব তিনি হাজাৰ টকা । উক্ত ধনেৰে শিশু কেইটিয়ে শিক্ষাগ্ৰহণ কৰিবলৈ সক্ষম হ'ব ।

ইতিমধ্যে জিলা আয়ুক্তৰ যোগেৰে তিনিওটি শিশুৰ বেংক একাউণ্ট খুলি দিয়া হৈছে । তিনিটি শিশু পিতৃ মৃত্যু হোৱাৰ পিছত দিগবিদিক হেৰুৱাই পেলোৱাৰ পাছতে দায়িত্ব গ্ৰহণ কৰি উৎকৃষ্ট মহানুভৱতাৰ প্ৰকাশ কৰিলে মন্ত্ৰী পীযুষ হাজৰীকাই । মন্ত্ৰী পীযুষ হাজৰীকাৰ এই মহানুভৱতাক সকলোৰে উচ্চ প্ৰশংসাৰে উপচাই তুলিছে ।

লগতে পঢ়ক:২০২৬ ত বিৰোধীৰ চৰকাৰ গঠন হ’ব: অখিল গগৈ - LOK SABHA ELECTION 2024

মুছলমানসকলে যি সংৰক্ষণ পাই আছে, শেষ হ’ব লাগে: হিমন্ত বিশ্ব শৰ্মা - Himanta Biswa Sarma In Bihar

ABOUT THE AUTHOR

...view details