নলবাৰী, ২০ মাৰ্চ : সোমবাৰে নলবাৰীত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় শাসকীয় মিত্ৰজোঁটৰ নিৰ্বাচনী বৈঠক । নিশালৈকে নলবাৰীৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ত অনুষ্ঠিত হয় কেইবাখনো নিৰ্বাচন সংক্ৰান্তীয় বৈঠক । এই বৈঠকত বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত দহটা বিধানসভাৰ মিত্ৰজোঁটত থকা প্ৰতিটো পৰ্যায়ৰ নেতা-কৰ্মীৰে অনুষ্ঠিত হয় বৈঠক ।
উক্ত বৈঠকত উপস্থিত থাকে বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, চন্দ্ৰমোহন পাটোৱাৰী, জিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকাকে প্ৰমুখ্য কৰি বহু জ্যেষ্ঠ তথা কনিষ্ঠ নেতা । উল্লেখযোগ্য যে আগন্তুক লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহা লগে লগে সোমবাৰে বৰপেটাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে নলবাৰী জিলাৰ তিনিওটা বিধানসভা পৰ্যায়ত নিৰ্বাচনী প্ৰচাৰ চলায় ।
প্ৰথমে বৰক্ষেত্ৰীৰ মুকালমুৱাত, তাৰ পিছত টিহুৰ চামতা আৰু সন্ধিয়া নলবাৰী সমষ্টিৰ হৈ জিলা বিজেপি কাৰ্যালয়ত চলায় প্ৰচাৰ । তাৰ পিচতে দহটাকৈ বিধানসভাৰ নেতা-কৰ্মীৰে অনুষ্ঠিত হয় অন্যান্য সভা । উক্ত বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷ সংবাদমেলত আগন্তুক লোকসভা নিৰ্বাচনী পৰ্যালোচনাৰ বাবে নলবাৰীত বৈঠক অনুষ্ঠিত হোৱা বুলি সদৰী কৰে জয়ন্ত মল্লবৰুৱাই ।