অসম

assam

একত্ৰীকৰণৰ নামত বিদ্যালয়ৰ পাচত মহাবিদ্যালয় বন্ধ কৰিবলৈ দিয়া নহ’ব : কৃষক মুক্তি সংগ্ৰাম সমিতি

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 9:59 PM IST

Assam Govt Plans College Mergers : এইবাৰ ৰাজ্য়ৰ কেবাখনো মহাবিদ্যালয় বন্ধ কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰ তথা শিক্ষা বিভাগে । ৰাজ্য চৰকাৰৰ এই স্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই ।

Assam Govt Plans College Mergers
একত্ৰীকৰণৰ নামত বিদ্যালয়ৰ পাচত মহাবিদ্যালয় বন্ধ কৰিবলৈ দিয়া নহ’ব : কৃষক মুক্তি সংগ্ৰাম সমিতি

একত্ৰীকৰণৰ নামত বিদ্যালয়ৰ পাচত মহাবিদ্যালয় বন্ধ কৰিবলৈ দিয়া নহ’ব : কৃষক মুক্তি সংগ্ৰাম সমিতি

গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী :বিদ্যালয়ৰ পাচত এইবাৰ চৰকাৰে মহাবিদ্যালয় বন্ধ কৰাৰ পৰিকল্পনা কৰিছে । ৰাজ্যত শীঘ্ৰে বন্ধ কৰাৰ দিশে ৭৯ খন চৰকাৰী মহাবিদ্যালয় । চৰকাৰৰ এই সিদ্ধান্তত সৰৱ হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি ।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই কয় যে অসম চৰকাৰে এটা ভয়ানক আৰু হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰি ৭৯ খন চৰকাৰী মহাবিদ্যালয়ৰ প্ৰথম অৱস্থাত বিভাগসমূহ আৰু তাৰ পাচত মহাবিদ্যালয়সমূহ বন্ধ কৰিবলৈ লৈছে । ইয়াৰ আগতে বিভিন্ন অজুহাতত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ প্ৰায় সাত-আঠ হাজাৰ বিদ্যালয় বন্ধ কৰি দিয়াৰ পাচত বৰ্তমান লক্ষ্য হৈছে অসমৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয়সমূহ ।

৫০০ তকৈ কম ছাত্ৰ-ছাত্ৰীৰ অজুহাতত জীয়াঢল, মৰঙী, কাকপথাৰ মহাবিদ্যালয় লক্ষ্য কৰি লৈছে । তেওঁ আৰু কয় যে জীয়াঢল অঞ্চলটো বানপীড়িত এটা অঞ্চল । বানপীড়িত দৰিদ্ৰ ৰাইজৰ ল’ৰা ছোৱালীয়ে শিক্ষাৰ পোহৰ পাবলৈ বুলি সেই অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজে কাৰোবাৰ বাৰীৰ পৰা কাঠ, বাঁহ গোটাই বিহু মাৰি, শ্ৰমদান কৰি প্ৰথমাৱস্থাত এই অনুষ্ঠানবোৰ গঢ় দি প্ৰাদেশীকৃত পৰ্যায়লৈ লৈ গ'ল ।

তেওঁ প্ৰশ্ন কৰি কয় যে সেই শিক্ষানুষ্ঠান যদি পাঁচশতকৈ কম ছাত্ৰ-ছাত্ৰী আছে বুলি বন্ধ কৰি দিয়া হয় তেন্তে সেই আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত কি হ'ব ? যি সময়ত অৰুণোদয়ৰ ১২৫০ টকালৈ মানুহে ঘৰ চলাবলৈ বাট চাব লগা হৈছে ৷

লগতে পঢ়ক :পদ প্রাদেশিকীকৰণৰ দাবীত চচলত বঞ্চিত শিক্ষকৰ প্ৰতিবাদ

মূল্যবৃদ্ধিত কোঙা, আৰ্থিক অভাৱত জৰ্জৰিত, জনমূৰি আয় কমিছে তেনে পৰিস্থিতিত অভিভাৱকসকলে কোনো কাৰণত ৩০-৪০ কিলমিটাৰ দূৰৰ ধেমাজী মহাবিদ্যালয়ত হোষ্টেলত ৰাখি নাইবা গাড়ীত দৈনিক অহা-যোৱা কৰি পঢ়োৱাটো সম্ভৱ নহয় । অৰ্থাৎ সেই অঞ্চলৰ ল’ৰা-ছোৱালীসকলক শিক্ষা লাভৰ পৰা বঞ্চিত কৰিব বিচাৰিছে চৰকাৰে ।

উদাহৰণ দি তেওঁ কয় যে ঠিক তেনেকৈ বন্যপ্ৰাণীৰ উপদ্ৰৱত খেতি বাতি নোহোৱা, চাহ জনগোষ্ঠীৰ ল’ৰা-ছোৱালীয়ে শিক্ষা লাভ কৰা মৰঙী মহাবিদ্যালয়খন বন্ধ হ’লে সেইসকল অভিভাৱকে ডি আৰ কলেজ অথবা চহৰৰ অন্য কোনো কলেজত ল’ৰা-ছোৱালীক পঢ়াব নোৱাৰে । মৰাণ, মটক জনগোষ্ঠীৰ ল’ৰা-ছোৱালী পঢ়া তিনিচুকীয়াৰ সেই ভিতৰৰ কাকপথাৰ কলেজখন সেই অঞ্চলবোৰত ল’ৰা-ছোৱালীসকলক শিক্ষাৰ পোহৰ বিলাইছে ।

তেওঁ কয় যে চৰকাৰৰ মতে ভিতৰুৱা অঞ্চলৰ আৰ্থিকভাৱে পিচপৰা, শ্ৰমজীৱী মানুহৰ ল’ৰা-ছোৱালীসকলে শিক্ষা লাভ কৰিব নালাগে । আজীৱন চৰকাৰী হিতাধিকাৰী, অশিক্ষিত কৰি ৰাখি শাসকৰ ভৰিৰ তলত ৰখাৰ অভিপ্ৰায়ৰ কাৰণেই চৰকাৰী শিক্ষা ব্যৱস্থাক পৰ্যায় ক্ৰমে মষিমূৰ কৰি অনা হৈছে বুলি তেওঁ অভিযোগ কৰে ।

ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম হোৱাৰ কাৰণ চৰকাৰে পৰ্যালোচনা নকৰি মহাবিদ্যালয় বন্ধ কৰিব বিচাৰিছে । আধাতে স্কুল এৰা ল’ৰা-ছোৱালীৰ সংখ্যা গোটেই দেশৰ ভিতৰত অসমৰ বেছি বুলি সদৰী কৰি তেওঁ কয় যে স্কুল-কলেজ আধাতে সামৰি চেন্নাই, বাংগালোৰত চিকিউৰিটি, লেবাৰৰ কাম কৰিবলৈ যাব লগা হোৱা ল’ৰা-ছোৱালীসকলৰ পৰিস্থিতিবোৰ কি জানিবলৈ-বুজিবলৈ কাৰোবাৰ সাহস হ’বনে বুলি তেওঁ প্ৰশ্ন কৰে ।

আনহাতে কি কি কাৰণত অভিভাৱকে ল’ৰা-ছোৱালীক চৰকাৰী বিদ্যালয়ৰ পৰা নি ব্যক্তিগত বিদ্যালয়ত নামভৰ্তি কৰাইছে সেয়াও চৰকাৰে বিবেচনা কৰক বুলি তেওঁ কয় । তেওঁ লগতে কয় যে ১৫ বছৰে শিক্ষামন্ত্ৰীৰ দায়িত্বত থাকি শিক্ষা ব্যৱস্থাৰ উন্নতিৰ কাৰণে একো নকৰা হিমন্ত বিশ্ব শৰ্মাৰ পথকেই অনুকৰণ কৰি ডাঃ ৰণোজ পেগুৱে এতিয়া হাল বাব নাজানি চোতালখন বেকা বুলি কৈ বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মৰ মূৰত ৰাম টাঙোন শোধাবলৈ এইধৰণৰ বিবেচনাহীন, হঠকাৰী সিদ্ধান্ত লৈছে ।

লগতে পঢ়ক :গেৰুৱা বসন পৰিধান কৰাৰ দিশে কংগ্ৰেছ নেতা ৰাণা গোস্বামী !

ABOUT THE AUTHOR

...view details