অসম

assam

অৱশেষত জামিন লাভ কৰিলে কৃষক মুক্তিৰ ছয় নেতাই

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 10:52 PM IST

KMSS protest against CAA: মুকলি আকাশৰ তললৈ আহি 'কা' বিৰোধী আন্দোলন তীব্ৰতৰ কৰাৰ হুংকাৰ ৷ কৃষক মুক্তিৰ নেতৃবৃন্দই কেন্দ্ৰীয় কাৰাগাৰৰ দ্বাৰত জনালে আদৰণি ।

KMSS protest against CAA
কা বিৰোধিতাৰে প্ৰতিবাদ

কা বিৰোধিতাৰে প্ৰতিবাদ

গুৱাহাটী, ২ ফেব্ৰুৱাৰী : 'যি সময়ত কা আন্দোলনৰ নামত নাচ-গানৰ কৰ্মশালা পাতি দীপাংক নাথ, প্ৰকাশ দাসৰ দৰে একাংশ জাতিদ্ৰোহীয়ে ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ আৰু অৰ্থৰ লোভত কা প্ৰণয়ণকাৰী বিজেপিৰ ওচৰত শৰণাপন্ন হৈছে সেই সময়তে আপচবিহীন স্থিতিৰে বীৰৰ দৰে কৃষক মুক্তিৰ পৃথ্বীৰাজ দলে, প্ৰভাত চেতিয়া, প্ৰদীপ নাৰ্জাৰী,হৰমুজ আলী, অভয় দে', নুৰুল ইছলাম কাৰাগাৰলৈ গৈছিল । এয়া কৃষক মুক্তিৰ আদৰ্শ আৰু অসমীয়া জাতি জীয়াই থকাৰ লক্ষণ ।' এই মন্তব্য কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ । আজি কৃষক মুক্তিৰ সদস্য কেইজনক কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতে জামিন মঞ্জুৰ কৰাৰ পিচতেই তেওঁ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

২০১৯ চনৰ ৯ ফেব্ৰুৱাৰীত কা আন্দোলনৰ ভৰপক সময়ছোৱাত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ সময়ছোৱাত কা বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰি অসম চৰকাৰৰ ষড়যন্ত্রমূলক গোচৰৰ ভিত্তিত যোৱা ৩০ জানুৱাৰীত কাৰাগাৰৰ আলহী হৈছিল কৃষক মুক্তিৰ ছয়জনকৈ সদস্য । গ্ৰেপ্তাৰৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংগঠনটোৰ ফালৰ পৰা কোৱা হৈছিল যে এয়া অসম চৰকাৰৰ ফালৰ পৰা লাভ কৰা আপোচবিহীনতাৰ পুৰস্কাৰ । অৱশেষত আজি কৃষক মুক্তিৰ সদস্য কেইজনক কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতে জামিন মঞ্জুৰ কৰে ।

এই খবৰ লাভ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি দেৱেন শৰ্মা, সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ নেতৃত্বত কেন্দ্ৰীয় আৰু গুৱাহাটী মহানগৰ সমিতিৰ নেতা-কৰ্মী সকলে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ প্ৰৱেশ দ্বাৰত উপস্থিত হৈ অভিবাদন জ্ঞাপন কৰে মুকলি আকাশৰ তললৈ অহা নেতাকেইজনক ।

লগতে পঢ়ক:কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details