অসম

assam

আৰক্ষী একাডেমীৰ ঘটনা কোনোধৰণৰ গোষ্ঠী সংঘৰ্ষ নহয়, স্পষ্ট কৰিলে শীৰ্ষ বিষয়াই

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 6:22 PM IST

Dergaon Police Academy : লাচিত বৰফুকন আৰক্ষী একাডেমীত সংঘটিত হোৱা ঘটনা কোনোধৰণৰ গোষ্ঠী সংঘৰ্ষ নহয় ৷ ভুল বুজাবুজিৰ বাবেহে এই ঘটনা সংঘটিত হৈছিল ৷ স্পষ্ট কৰিলে অসম আৰক্ষীৰ মধ্য মণ্ডলৰ মহাপৰিদৰ্শক দেৱজ্যোতি মহন্তই ৷

Dergaon Police Academy
দেৰগাঁও আৰক্ষী একাডেমীৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া

লাচিত বৰফুকন আৰক্ষী একাডেমীৰ ঘটনা গোষ্ঠীগত নহয়

গোলাঘাট, 5 ফেব্ৰুৱাৰী : দেৰগাঁও লাচিত বৰফুকন আৰক্ষী একাডেমীত শনিবাৰে নিশা সংঘটিত হোৱা বিক্ষিপ্ত ঘটনা কোনোধৰণৰ গোষ্ঠী সংঘৰ্ষ নহয় ৷ কিছু ভুল বুজাবুজিৰ বাবে এই ঘটনা সংঘটিত হৈছিল ৷ এই কথা স্পষ্ট কৰিলে আৰক্ষী মহাপৰিদৰ্শক মধ্য মণ্ডল দেৱজ্যোতি মহন্তই ৷

শনিবাৰে নিশা দেৰগাঁওস্থিত লাচিত বৰফুকন আৰক্ষী একাডেমীত দুটা ফৈদৰ আৰক্ষী প্ৰশিক্ষাৰ্থীৰ মাজত সংঘৰ্ষৰ ঘটনা সংঘটিত হয় ৷ একাডেমীৰ ভিতৰত নিশাৰ ভাগত দুটা প্ৰশিক্ষাৰ্থী আৰক্ষী গোটৰ মাজত সংঘটিত হয় এই সংঘৰ্ষৰ ঘটনা ৷ এই সংঘৰ্ষত সাতজনকৈ আৰক্ষী প্ৰশিক্ষাৰ্থী আহত হয় ৷ কোনো বিষয়ক লৈ মণিপুৰী আৰক্ষী আৰু নাগালেণ্ড আৰক্ষী প্ৰশিক্ষাৰ্থীসকলৰ মাজত কাজিয়াৰ সূত্ৰপাত হোৱাত এই ঘটনাৰ সৃষ্টি হয় ৷

ইতিমধ্যে এই ঘটনা কোনো গোষ্ঠী সংঘৰ্ষ নহয় বুলি স্পষ্ট কৰি দিছে আৰক্ষী মহাপৰিদৰ্শক দেৱজ্যোতি মহন্তই ৷ আজি গোলাঘাট সদৰ আৰক্ষী থানাত উপস্থিত হৈ এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এই কথা স্পষ্ট কৰে আৰক্ষীৰ শীৰ্ষ বিষয়াজনে ৷ আৰক্ষী বিষয়াজনে জানিবলৈ দিয়া অনুসৰি খাদ্য খোৱাক লৈ কিছু ভুল বুজাবুজিৰ সৃষ্টি হোৱাৰ বাবেই এই ঘটনা সংঘটিত হৈছিল ৷ বৰ্তমান আৰক্ষীৰ উচ্চপদস্থ বিষয়া একাডেমীত উপস্থিত হৈ সকলো চম্ভালি লোৱাৰ লগতে পৰিস্থিতি সম্পূৰ্ণ সুস্থিৰ বুলি কয় তেওঁ ৷

উল্লেখ্য যে, আজি গোলাঘাট সদৰ আৰক্ষী থানাৰ নতুন ভৱনৰ শুভ উদ্বোধন কৰে আৰক্ষী মহাপৰিদৰ্শক মধ্য মণ্ডল দেৱজ্যোতি মহন্তই ৷ আৰক্ষী থানা উদ্বোধন কৰি সাংবাদিকৰ আগত তেওঁ কয় যে আৰক্ষী থানা সমূহ নতুনকৈ নিৰ্মাণ কৰাই নহয়, বিশেষকৈ শিশু আৰু মহিলাৰ বাবে বিশেষ ব্যৱস্থা, লকাৰ সমূহ বিজ্ঞান সন্মত ভাবে নিৰ্মাণ কৰা, অনুসন্ধান কক্ষ, আৰক্ষী থানাত বিভিন্ন ধৰণৰ সহায় বিচাৰি অহা ব্যক্তি সকলৰ বাবে পৰ্যাপ্ত পৰিমাণে বহাৰ সুবিধা, জব্দকৃত ড্ৰাগছ ৰখাৰ বাবে সুকীয়া কোঠা ইত্যাদিৰ সুবিধাও উপলদ্ধ কৰা হৈছে ৷

তেওঁ কয় যে, আৰক্ষীয়ে সমাজৰ প্ৰতিজন লোকৰ বাবে সুকলমে কাম কৰি যাবলৈ এই ব্যৱস্থা কৰা হৈছে ৷ কেৱল আৰক্ষী থানা সমূহ নতুনকৈ নিৰ্মাণ কৰাই নহয় আৰু বহুতো কাম কৰিবলগীয়া আছে বুলি আৰক্ষী থানা উন্মোচন কৰি সাংবাদিকৰ আগত মন্তব্য কৰে দেৱজ্যোতি মহন্তই ৷

লগতে পঢ়ক :আৰক্ষী প্ৰশিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, আহত সাতজন

ABOUT THE AUTHOR

...view details