ETV Bharat / state

আৰক্ষী প্ৰশিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, আহত সাতজন

author img

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 9:58 AM IST

Dergaon Police Academy clash
আৰক্ষী প্ৰশিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, আহত সাতজন

Dergaon Police Academy clash : দেৰগাঁও লাচিত বৰফুকন আৰক্ষী একাডেমীত ভয়ংকৰ ঘটনা ৷ মহিলাৰ কাপোৰ সলোৱাৰ দৃশ্য গোপনে চাই থকাক লৈ মণিপুৰী আৰক্ষীসকলে বাধা দিয়াত নাগালেণ্ড আৰক্ষী প্ৰশিক্ষাৰ্থীসকলৰে সৈতে কাজিয়াৰ সূত্ৰপাত হয় । এই সংঘৰ্ষত সাতজন আৰক্ষী আহত হৈছে ৷

গোলাঘাট, 4 ফেব্ৰুৱাৰী : শনিবাৰে নিশা দেৰগাঁও লাচিত বৰফুকন আৰক্ষী একাডেমীত দুটা ফৈদৰ আৰক্ষী প্ৰশিক্ষাৰ্থীৰ মাজত সংঘৰ্ষৰ ঘটনা পোহৰলৈ আহিছে ৷ এই সংঘৰ্ষত সাতজন আৰক্ষী আহত হৈছে ৷ দেৰগাঁওস্থিত অসম আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ লাচিত বৰফুকন পুলিচ একাডেমীত এই ঘটনা সংঘটিত হৈছে ৷

একাডেমীৰ ভিতৰত শনিবাৰে নিশা দুটা প্ৰশিক্ষাৰ্থী আৰক্ষী গোটৰ মাজত সংঘটিত হোৱা এক সংঘৰ্ষত সাতজনকৈ আৰক্ষী প্ৰশিক্ষাৰ্থী আহত হ'ব লগা এক ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । বিটিচিত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে আৰক্ষী দুয়োটা ফৈদে ৷ আৰক্ষীসকলৰ দুটা ফৈদৰ মাজত এগৰাকী মহিলাৰ কাপোৰ সলোৱাৰ দৃশ্য গোপনে চাই থকাক লৈ মণিপুৰী আৰক্ষীসকলে বাধা দিয়াত নাগালেণ্ড আৰক্ষী প্ৰশিক্ষাৰ্থীসকলৰে সৈতে কাজিয়াৰ সূত্ৰপাত হয় ।

এই কাজিয়াত চোকা অস্ত্ৰৰ আক্ৰমণত সাতজনকৈ আৰক্ষী জোৱান আঘাতপ্ৰাপ্ত হয়। লগতে শিলেৰে আঘাত কৰাৰো অভিযোগ উত্থাপন হৈছে ৷ এই ঘটনাৰ পিচতে আঘাতপ্ৰাপ্তসকলক দেৰগাঁও সামূহিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷ সম্প্ৰতি আহতসকলক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছে ৷ ইয়াৰে তিনিজনক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ।

উল্লেখ্য যে, এই আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত ইয়াৰ পূৰ্বেও এনেধৰনৰ ঘটনা সংঘটিত হৈ থকা বুলি জানিব পৰা গৈছে । এই ঘটনাৰ খবৰ পাই গোলাঘাট জিলাৰ জিলা আয়ুক্ত ঘটনাস্থলীলৈ আহি ঘটনাৰ বুজ লৈ তদন্ত প্ৰতিক্ৰিয়া আৰম্ভ কৰিছে । এই ঘটনাই সকলোকে হতবাক কৰি তুলিছে ৷ এতিয়াও ঘটনাৰ প্ৰকৃত সত্য জানিব পৰা নাই যদিও আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা ৷

লগতে পঢ়ক: হত্যাৰ সন্দেহ ! কোকৰাঝাৰ দীপলাই বিল এলেকাত উদ্ধাৰ দুটাকৈ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.