অসম

assam

ৰাজ্যজুৰি প্ৰচণ্ড ধুমুহা-শিলাবৃষ্টিৰ ফলত চাৰিজনৰ মৃত্যু - Rain And Hailstorm in Assam

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 7:48 PM IST

Updated : Apr 2, 2024, 7:32 AM IST

Rain And Hailstorm in Assam : ৰাজ্যত প্ৰলয়ংকাৰী ধুমুহাৰ তাণ্ডৱ ৷ প্ৰচণ্ড বৰষুণ আৰু শিলাবৃষ্টিৰ ফলত সমগ্ৰ ৰাজ্যত চাৰিজন লোকৰ মৃত্যু হোৱা বুলি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (এএছডিএমএ) জানিবলৈ দিয়ে ৷

Rain And Hailstorm in Assam
ৰাজ্যজুৰি প্ৰচণ্ড বৰষুণ আৰু শিলাবৃষ্টিৰ ফলত চাৰিজন লোকৰ মৃত্যু

গুৱাহাটী, 1 এপ্ৰিল: দেওবাৰে নিশা ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে প্ৰলয়ংকাৰী ধুমুহাৰ তাণ্ডৱ ৷ ধুমুহাৰ ফলত ৰাজ্যৰ ভিন্ন স্থানত বৃহৎ ক্ষয়-ক্ষতি হোৱা পৰিলক্ষিত হৈছে ৷ এই প্ৰচণ্ড বৰষুণ আৰু শিলাবৃষ্টিৰ ফলত সমগ্ৰ ৰাজ্যত চাৰিজন লোকৰ মৃত্যু হোৱা বুলি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (এএছডিএমএ) কৰ্তৃপক্ষই সোমবাৰে জানিবলৈ দিয়ে ।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰতিবেদন অনুসৰি, কাছাৰ জিলাৰ ৰাজঘাট গাঁৱৰ সখী বেগম লস্কৰ (30) নামৰ এগৰাকী মহিলা ধুমুহাৰ ফলত দেওবাৰে নিশা 11 বজাত মৃত্যু হয় ৷ ইফালে পশ্চিম কাৰ্বি আংলং জিলাৰ ডনকাৰ পিণ্টু চৌহানৰ (17) দেওবাৰে বিয়লি 3 বজাত বজ্ৰ পৰি মৃত্যু হয় । আনহাতে সন্ধিয়া 6.30 বজাত ওদালগুৰি জিলাৰ মাজবাট গাঁৱৰ ৰূপাৰাম বসুমতাৰী (46) নামৰ এজন লোক বজ্ৰপাতৰ ফলত মৃত্যুক আকোঁৱালি লয় ।

প্ৰচণ্ড বৰষুণ আৰু শিলাবৃষ্টিৰ মাজত দক্ষিণ শালমাৰা-মানকাচাৰ জিলাৰ ব্ৰহ্মপুত্ৰ নদীত দেওবাৰে বিয়লি 5 বজাত এখন নাও দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিচত দক্ষিণ শালমাৰা জিলাৰ মানকাচাৰ গাঁৱৰ জাহাংগীৰ মণ্ডলৰ পুত্ৰ সমীন মণ্ডলৰ (4) মৃত্যু ‌হয়‌ বুলি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সদৰী কৰিছে ৷

মৃত চাৰিজনৰ তালিকা

এই চাৰিটা শোকাৱহ ঘটনাৰ পিচতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এটা পোষ্টত কয় যে, গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে অসমৰ কিছু অংশত হোৱা প্ৰচণ্ড বৰষুণ আৰু বতাহৰ পৰৱৰ্তী পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ তেওঁৰ সৈতে ফোনযোগে কথা পাতিছিল ৷

এই‌ ক্ষেত্ৰত ক্ষতিগ্ৰস্তসকলক ভাৰত চৰকাৰৰ ফালৰ পৰা সাহাৰ্য আৰু পুনৰ্বাসন‌ আগবঢ়াব বুলি অমিত শ্বাহে আশ্বাস দিছে বুলি শৰ্মাই এক্সত কৰা পোষ্টটোত উল্লেখ কৰে ৷

লগতে পঢ়ক:ৰাজ্যজুৰি ধুমুহা-শিলাবৃষ্টিৰ তাণ্ডৱ ; গড়ভাঙা বনাঞ্চলত আৱদ্ধ পৰ্যটক - Rain And Hailstorm In Assam

Last Updated : Apr 2, 2024, 7:32 AM IST

ABOUT THE AUTHOR

...view details