অসম

assam

ভোটদানৰ প্ৰতি সজাগতা বৃদ্ধিৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী - Awareness about elections

By ETV Bharat Assamese Team

Published : Apr 29, 2024, 8:30 AM IST

Awareness about elections: SVEEP কোষৰ উদ্যোগত তথা অসম চাইক্লিং কমিটিৰ সহযোগত মহানগৰীত চাইকেল ৰেলী ৷ ভোটদানৰ প্ৰতি সজাগতা বৃদ্ধিৰ লক্ষ্যৰে মহানগৰীত উলিওৱা হয় এই চাইকেল ৰেলী ৷ চাইকেল ৰেলীৰ শুভাৰম্ভ কৰি জিলা আয়ুক্ত সুমিত সাত্তাৱনে ৷

Cycle rally organised in guwahati to raise awareness about elections
ভোটদানৰ প্ৰতি সজাগতা বৃদ্ধিৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী

গুৱাহাটী, 29 এপ্ৰিল: ভোটাৰৰ মাজত সজাগতা সৃষ্টি, ভোটদানৰ হাৰ বৃদ্ধি, যুৱ প্ৰজন্ম বিশেষকৈ প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ লাভ কৰাসকলক ভোটদানৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে দেওবাৰৰ পুৱা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত উলিওৱা হয় এক চাইকেল ৰেলী । কামৰূপ মহানগৰ নিৰ্বাচন জিলা প্ৰশাসনৰ প্ৰণালীবদ্ধ ভোটাৰৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ চমুকৈ SVEEP কোষৰ উদ্যোগত তথা অসম চাইক্লিং কমিটিৰ সহযোগত দেওবাৰে পুৱা 5.30 বজাত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপৰ অমৃত উদ্যানৰ পৰা চাইকেল ৰেলীৰ শুভাৰম্ভ কৰা হয় ।

কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়া তথা জিলা আযুক্ত সুমিত সাত্তাৱনে পতাকা জোকাৰি ৰেলীৰ শুভাৰম্ভ কৰে । উক্ত ৰেলীত অংশগ্ৰহণকাৰীসকল দুটা ভাগত বিভক্ত হয় । এটা ভাগৰ অংশগ্ৰহণকাৰীসকলে অসম সচিবালয়-জি এছ ৰোড -উলুবাৰী হৈ পুনৰ অমৃত উদ্যানলৈ উভতি আহে । একেদৰে আনটো দলে নাৰেংগী তিনিআলি হৈ পুনৰ অমৃত উদ্যানলৈ উভতি আহি ৰেলীৰ সামৰণি মাৰে ।

এই ৰেলীৰ সৈতে এখন অ'ডিঅ' ভানো আছিল ৷ য'ত ভোটদান সম্পৰ্কে সকলো শ্ৰেণীৰ ভোটাৰক সজাগ কৰি অহা 7 মে'ত গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে ভোটদান কৰিবলৈ আহ্বান জনোৱা হয় । মহানগৰৰ বিভিন্ন অঞ্চলৰ পৰা অহা প্ৰায় শতাধিক চাইক্লিষ্টে এই ৰেলীত অংশগ্ৰহণ কৰে ।

ইপিনে চাইকেল ৰেলীৰ শুভাৰম্ভ কৰি জিলা আয়ুক্ত সুমিত সাত্তাৱনে ভোটদানত সকলো ভোটাৰৰ অংশগ্ৰহণ সুনিশ্চিতকৰণৰ লগতে সকলো ভোটদাতাক ভোটদান কৰিবলৈ আহ্বান জনায় । যুৱ প্ৰজন্মক বিশেষকৈ প্ৰথমবাৰৰ বাবে ভোটদানৰ অধিকাৰ পোৱাসকলক অধিক আগ্ৰহেৰে অহা 7 মে'ত ভোটদান কৰিবলৈ আহ্বান জনায় ৷

তেওঁ কয়, "ভোটদান কৰাটো সকলোৰে বাবে গৌৰৱৰ বিষয় । নতুন প্ৰজন্মই ভোটদানক গণতন্ত্ৰৰ উৎসৱ হিচাপে গ্ৰহণ কৰক । কামৰূপ মহানগৰ জিলাত যুৱ প্ৰজন্ম তথা প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ পোৱাসকলৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰত ছেলফী পইণ্টৰ ব্যৱস্থা কৰা হৈছে ৷ 100 টা ভোটগ্ৰহণ কেন্দ্ৰ কেৱল মহিলাৰ দ্বাৰা পৰিচালিত হ'ব আৰু 15 টা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ থাকিব ।"

উল্লেখযোগ্য যে, এই ৰেলী অনুষ্ঠানত চাইক্লিঙৰ ক্ষেত্ৰত অৰিহণা যোগোৱা তথা ৰেলীৰ অংশগ্ৰহণকাৰী কৌশিক গুহ, ৰিপুঞ্জয় গগৈ, 72 বছৰীয়া লাচিত ডেকা, ৰক্তিম মাহাতোক SVEEP ৰ ন'ডেল বিষয়া অজিত শৰ্মা, অতিৰিক্ত জিলা আযুক্তদ্বয় বিক্ৰম চেত্ৰী, ঋষি বন্দনা গগৈ, নিৰ্বাচনী বিষয়া শেখৰণ ফুকনে সম্বৰ্দ্ধনা জ্ঞাপন কৰে । একেদৰে অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলক একোখনকৈ প্ৰমাণ পত্ৰ আৰু টি- চাৰ্ট জিলা প্ৰশাসনৰ তৰফৰ পৰা প্ৰদান কৰা হয় ।

কালিৰ এই অনুষ্ঠানত কামৰূপ মহানগৰ উন্নয়ন বিভাগৰ আয়ুক্ত পাৰিজাত ভূঞা তথা মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ অন্যান্য বিষয়া-কৰ্মচাৰীসকলো উপস্থিত থাকে । আনহাতে ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ সদস্যসকলেও এই ৰেলীত অংশগ্ৰহণ কৰে । ‌ তদুপৰি চাইকেল ৰেলীৰ সৈতে সংগতি ৰাখি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগতো ভোটাৰ ৰাইজক ভোটদানৰ বাবে সজাগ কৰাৰ উদ্দেশ্যে এক সমদল উলিওৱা হয় ।

লগতে পঢ়ক:নিৰ্বাচনত 1 লাখ চাফাই কৰ্মীৰ NOTA ত ভোট দিয়াৰ সিদ্ধান্ত - LOK SABHA ELECTION 2024

ABOUT THE AUTHOR

...view details