অসম

assam

অৱসৰৰ পিচত ৰাজনীতিলৈ আহিব নেকি মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ ?

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 6:34 PM IST

Chief Secretary Paban Kumar Borthakur : "মই ৰাজনীতিলৈ এতিয়াই মন মেলা নাই ৷ কিবা কথা ওলাইছে যদিও মই গম নাপাঁও ৷ কিছুমান কথা সময়ে কয় ৷" এই মন্তব্য মুখ্য সচিব পৱন বৰঠাকুৰৰ ৷

Chief Secretary Paban Kumar Borthakur
অৱসৰৰ পিচত ৰাজনীতিলৈ আহিব নেকি মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ ?

অৱসৰৰ পিচত ৰাজনীতিলৈ আহিব নেকি মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ ?

কলিয়াবৰ, 23 ফেব্ৰুৱাৰী :অৱসৰ লোৱাৰ পূৰ্বেপ্ৰকৃতিৰ নৈসৰ্গিকতাৰ মাজত সময় আতিবাহিত কৰিছ ৰাজ্যৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে ৷ অহা 31 মাৰ্চত অৱসৰ ল’ব অসমৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে ৷ ইয়াৰ পূৰ্বে শুকুৰবাৰে লাওখোৱা অভয়াৰণ্য পৰিদৰ্শন কৰে বৰঠাকুৰে ৷

শিলঘাটত উপস্থিত হৈ মুখ্য সচিবগৰাকীয়ে আগন্তুক দিনত ৰাজনীতিত যোগদান কৰিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নত কৌশলী মন্তব্য কৰি কয়, "মই ৰাজনীতিলৈ এতিয়াই মন মেলা নাই ৷ কিবা কথা ওলাইছে যদিও মই গম নাপাঁও ৷ কিছুমান কথা সময়ে কয় ৷ কাইলৈ কি হ’ব আমি নাজানো ৷ অৱসৰৰ পিচত মই বেলেগ কথা ভাবিম ৷ মই বেছি দূৰলৈ চাই থকা নাই ৷ যি হ’ব ভালেই হ’ব ৷

তদুপৰি, মুখ্য সচিবগৰাকীয়ে অসমৰ পৰ্যটনৰ বিষয়েও কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে, অসমলৈ পৰ্যটকক আকৰ্ষণ কৰিবলৈ ৰাজ্য চৰকাৰে কেইবাটাও পৰিকল্পনা হাতত লৈছে । সেই পৰিকল্পনাৰ অংশস্বৰূপে মনোমোহা প্ৰাকৃতিক পৰিৱেশৰে সমৃদ্ধ লাওখোৱা অভয়াৰণ্যত শীঘ্ৰে চাইক্লিঙৰ এটা ট্ৰেক পৰ্যটকৰ বাবে গঢ়ি তুলিব ৰাজ্য চৰকাৰে ৷ যাতে পৰ্যটনকসকলে সময় উলিয়াই প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিব পাৰে ৷

লগতে বৰঠাকুৰে কয় যে, লাওখোৱা, বুঢ়াচাপৰিৰ ফাগুনৰ ৰঙীন পৰিৱেশে আকৃষ্ট কৰিছে তেওঁক ৷ এই দৃশ্যই পৰ্যটককো আকৰ্ষণ কৰিব ।

লাওখোৱা-বুঢ়াচাপৰি অভয়াৰণ্যৰ উচচ্ছেদিত এলেকা পৰিদৰ্শন কৰি মুখ্য সচিবগৰাকীে কয় যে, পূৰ্বতে কাজিৰঙা আৰু ওৰাঙৰ মাজত কিছু দূৰত্ব আছিল, এতিয়া হ্ৰাস হৈছে। লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰো বিস্তাৰ হৈছে। উচ্ছেদৰ পিচত এতিয়া জীৱ-জন্তুৰ বাবেও বহু ঠাই মুকলি হ’ল ৷ কাজিৰঙালৈ পৰ্যটকৰ আগমন বৃদ্ধিৰ লগে-লগে বহন ক্ষমতাও হ্ৰাস হৈছে । কাজিৰঙাৰ অংশ হিচাপে অহা পাঁচ বছৰত লাওখোৱা আৰু বুঢ়াচাপৰিক লৈও অসমবাসীয়ে গৌৰৱ কৰিব পাৰিব ৷

লগতে পঢ়ক:পৰীক্ষাৰ আগদিনা ছুইচাইড নোট লিখি আত্মহনন ছাত্ৰৰ

ABOUT THE AUTHOR

...view details