অসম

assam

ৰোহিত অধিনায়ক, হাৰ্দিক সহঅধিনায়ক, ৰাহুল আউট সঞ্জু-পন্ত ইন; টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা - T20 World Cup 2024

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 4:28 PM IST

INDIAN SQUAD FOR T20 WC: ক্ৰিকেট অনুৰাগীৰ উৎকণ্ঠাৰ অন্ত পেলাই টি-২০ বিশ্বকাপ ২০২৪ৰ বাবে ভাৰতীয় দল ঘোষণা । ৰোহিত শৰ্মাই দলটোক নেতৃত্ব দিব । যুজবেন্দ্ৰ চাহালক দলত অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে কে এল ৰাহুলে দলত ঠাই পোৱা নাই ।

INDIAN SQUAD FOR T20 WC
T20 WORLD CUP 2024

নিউজ ডেস্ক, ৩০ এপ্ৰিল: আগন্তুক আইচিচি টি-২০ বিশ্বকাপ ২০২৪ৰ বাবে ১৫ জনীয়া ভাৰতীয় দলটোক নেতৃত্ব দিব ৰোহিত শৰ্মাই । বিচিচিআয়ে ঘোষণা কৰিলে দলটোৰ খেলুৱৈসকলৰ নাম ।

উল্লেখ্য যে দলটোত কে এল ৰাহুলে স্থান লাভ কৰিব বুলি সকলো নিশ্চিত আছিল যদিও, অপ্ৰত্যাশিতভাৱে বাদ পৰিল উইকেটকীপাৰ-বেটছমেনগৰাকী । শুভমন গিল, ৰিংকু সিং, খলিল আহমেদ আৰু আৱেশ খানক স্থান দিয়া হ’ল সংৰক্ষিত খেলুৱৈৰ তালিকাত ।

লাইনআপৰ টপ অৰ্ডাৰ বেটছমেনসকলৰ ভিতৰত আছে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ তাৰকা যুটি আৰু যুৱ বেটাৰ যশস্ৱী জয়ছোৱাল । ঋষভ পন্তে আঘাতৰ পৰা উভতি অহাৰ পিছত স্থান লাভ কৰিছে, আনহাতে সঞ্জু চেমছন লাইনআপৰ আন এজন উইকেটকীপাৰ ।

হাৰ্দিক পাণ্ডিয়া, শিৱম দুবে আৰু ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেলে অলৰাউণ্ডাৰৰ দায়িত্ব পালন কৰিব । আনহাতে কুলদীপ যাদৱ আৰু যুজবেন্দ্ৰ চাহালৰ হাতত আছে স্পিন আক্ৰমণৰ কামান । অৰ্শদীপ সিং, যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজে পেচ বলিঙৰ দায়িত্ব চম্ভালিব ।

অহা ০৫ জুনত নিউয়ৰ্কৰ নাছাউ কাউন্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত আয়াৰলেণ্ডৰ বিৰুদ্ধে ভাৰতে টি-২০ বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব । তাৰ পিছতে ০৯ জুনত একে স্থানতে পাকিস্তানৰ বিৰুদ্ধে ডাঙৰ যুঁজখন হ’ব । ইয়াৰ পিছত ভাৰতে ১২ আৰু ১৫ জুনত ক্ৰমে আমেৰিকা আৰু কানাডাৰ বিৰুদ্ধে খেলিব ।

মূল দল: ৰোহিত শৰ্মা (অধিনায়ক), হাৰ্দিক পাণ্ডিয়া (সহঃ অধিনায়ক), যশস্বী জয়ছোৱাল, বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ, ঋষভ পন্ত (Wk), সঞ্জু চেমচন (Wk), শিৱম দুবে, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, যুজবেন্দ্ৰ চাহাল, অৰ্শদীপ সিং, যশপ্ৰীত বুমৰাহ, মহম্মদ ছিৰাজ ।

সংৰক্ষিত:শুভমন গিল, ৰিংকু সিং, খলিল আহমেদ আৰু আৱেশ খান ।

লগতে পঢ়ক:টি-২০ বিশ্বকাপত কোন কোন থাকিব ভাৰতীয় দলত ? - T20 World Cup 2024

ABOUT THE AUTHOR

...view details