অসম

assam

বিশ্বকাপ ফুটবল কোৱালিফায়াৰ; আফগানিস্তানৰ হাতত অপ্ৰত্যাশিত পৰাজয় ভাৰতৰ - India loose fifa qualifier guwahati

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 11:52 AM IST

India Afghanistan FIFA Qualifier : মঙলবাৰে গুৱাহাটীত অনুষ্ঠিত হয় বিশ্বকাপ ফুটবলৰ এখন কোৱালিফায়াৰ মেচ । ভাৰতে তৃতীয় ৰাউণ্ডত স্থান দখলৰ বাবে এই মেচখনত আফগানিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হয় । আনহাতে, এই মেচখন আছিল এএফচি এছিয়ান কাপ, ২০২৭ত ভাৰতৰ প্ৰাৰম্ভিক যুটীয়া কোৱালিফায়াৰ মেচ । কিন্তু এই গুৰুত্বপূৰ্ণ মেচখনত আফগানিস্তানৰ হাতত ভাৰত পৰাস্ত হয় ।

আফগানিস্তানৰ হাতত অপ্ৰত্যাশিত পৰাজয় ভাৰতৰ
আফগানিস্তানৰ হাতত অপ্ৰত্যাশিত পৰাজয় ভাৰতৰ

স্পৰ্টছ ডেস্ক, ২৭ মাৰ্চ : ফিফা বিশ্বকাপ ২০২৬ আৰু এএফচি এছিয়ান কাপ ২০২৭ প্ৰাৰম্ভিক যুটীয়া কোৱালিফায়াৰৰ তৃতীয় ৰাউণ্ডত স্থান দখলৰ উদ্দেশ্যে মঙলবাৰে আফগানিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হয় ভাৰত । কিন্তু গুৱাহাটীত অনুষ্ঠিত এই মেচখনত ভাৰত অপ্ৰত্যাশিতভাৱে আফগানিস্তানৰ হাতত ১-২ গ'লৰ ব্যৱধানত পৰাস্ত হ'বলগা হয় । উল্লেখ্য যে মধ্যাহ্ন বিৰতিৰ সময়লৈকে ভাৰত ১-০ ব্যৱধানত আগবাঢ়ি আছিল ।

অধিনায়ক সুনীল চেত্ৰীয়ে তেওঁৰ ১৫০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় মেচত অৱতীৰ্ণ হৈ এক ঐতিহাসিক ক্ষণ হিচাপে ৩৮ মিনিটত পেনাল্টি কিকৰ জৰিয়তে দলক অগ্ৰগতি প্ৰদান কৰে । গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত গেলাৰীভৰ্তি দৰ্শকৰ সন্মুখত অধিনায়কগৰাকীয়ে দলক সন্মুখৰ পৰা নেতৃত্ব দিয়ে । অৱশ্যে এই আনন্দৰ মুহূৰ্ত বেছি সময় স্থায়ী নহ'ল । খেলৰ ৭০ মিনিটত আফগান খেলুৱৈ ৰহমত আকবৰীৰ এটা শ্বট এজন ডিফেণ্ডাৰৰ পৰা বিচ্যুত হৈ গুৰপ্ৰীত সিং সান্ধুক পৰাস্ত কৰি বলে নেটত আশ্ৰয় লয় । আনহাতে, ইয়াৰ পিচত শ্বৰীফ মুখম্মাদে ৮৮ মিনিটত পেনাল্টি শ্বট গ'ললৈ ৰূপান্তৰ কৰি ভাৰতৰ আশা নিৰ্বাপিত কৰে ।

এতিয়া এই ঘৰুৱা প্ৰতিযোগিতাখনত তিনি পইণ্ট হেৰুৱাই ভাৰতে চাৰিটা দলৰ ৰাউণ্ড ২ গ্ৰুপৰ চাৰিখন মেচৰ পৰা মাত্ৰ চাৰি পইণ্টতে সন্তুষ্ট থাকিবলগা হয় । আনহাতে, কাটাৰে তিনিখন মেচৰ পৰা ন পইণ্ট লাভ কৰি গ্ৰুপটোৰ শীৰ্ষত আছে । আফগানিস্তানেও একে সংখ্যক মেচৰ পৰা চাৰি পইণ্ট লাভ কৰিছে ।

ভাৰতৰ হাতত এতিয়া আৰু দুখন মেচ বাকী আছে । ঘৰৰ বাহিৰত এছিয়ান চেম্পিয়ন কাটাৰক পৰাস্ত কৰাটো এটা কঠিন কাম হ'ব । যদি 6 জুনত কুৱেইটৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া মেচখনত পৰাস্ত হয়, তেন্তে ভাৰতৰ আশা নিৰ্বাপিত হ'ব । কিন্তু আফগানিস্তানে নিশ্চিতভাৱে পইণ্ট তালিকাত ভাৰতক অতিক্ৰম কৰাৰ আশা কৰিব পাৰে ।

উল্লেখ্য যে চৌদি আৰবত ঘৰৰ বাহিৰত আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত মেচখন গ'লবিহীনভাৱে ড্ৰ কৰা ভাৰতে তৃতীয় ৰাউণ্ডলৈ উন্নীত হোৱাৰ আশা জীয়াই ৰাখিবলৈ এই মেচখনৰ পৰা সম্পূৰ্ণ পইণ্ট লাভ কৰাটো আৱশ্যক আছিল । কিন্তু সেইটো কৰাত ভাৰত বিফল হয় ।

ভাৰতীয় দলটো : গুৰপ্ৰীত সিং সান্ধু, ৰাহুল ভেকে, আনৱাৰ আলী, শুভাশিস বসু, জেক্সন সিং (বিক্ৰম প্ৰতাপ সিং 85 মিনিট), নিখিল পূজাৰী, মনবীৰ সিং, ব্ৰেণ্ডন ফাৰ্ণাণ্ডেজ (অনিৰুদ্ধ থাপা 68 মিনিট), লালেংমাৱিয়া ৰাটলে, লিষ্টন কোলাকো (মহেশ সিং নাওৰেম 68 মিনিট), সুনীল চেত্ৰী (লেলিয়ানজুৱালা চাংটে 68 মিনিট) ।

লগতে পঢ়ক :গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত হ'ব আইপিএলৰ দুখন মেচ - IPL Match In Guwahati

ABOUT THE AUTHOR

...view details