অসম

assam

১৪ মাৰ্চত 'কা' আইন বাতিলৰ দাবীত সৰ্বাত্মক আন্দোলন তৃণমূল কংগ্ৰেছৰ

By ETV Bharat Assamese Team

Published : Mar 12, 2024, 9:39 PM IST

Protest against CAA in Assam : 'কা'ৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা । ভোটবেংক সৃষ্টিয়েই বিজেপিৰ 'কা' আইন বলৱৎ কৰাৰ উদ্দেশ্য বুলি মন্তব্য় কৰিলে ৰিপুণ বৰাই ।

TMC president Ripun Bora press meet
ৰিপুণ বৰাৰ সংবাদমেল সম্বোধন

ৰিপুণ বৰাৰ সংবাদমেল সম্বোধন

গুৱাহাটী, ১২ মাৰ্চ: জাতিধ্বংসী 'কা' আইন বলবৎ কৰি সমগ্র অসম আৰু অসমীয়া জাতিক নিঃশেষ কৰিব খোজা বিজেপি চৰকাৰৰ বিৰুদ্ধে আজি অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত দলৰ সভাপতি ৰিপুণ বৰাই এক সংবাদমেল সম্বোধন কৰে । সংবাদমেল সম্বোধন কৰি 'কা' আইন তথা বিজেপি আৰু আৰএছএছৰ বিৰুদ্ধে সৰৱ হৈ পৰাৰ লগতে ১৪ মাৰ্চত সমগ্ৰ অসমতে 'কা' আইন বাতিলৰ দাবীত সৰ্বাত্মক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৰিপুণ বৰাই ।

উক্ত সংবাদমেল সম্বোধন কৰি সভাপতি ৰিপুণ বৰাই কয়, "লোকসভা নিৰ্বাচনৰ পুৰ্বে 'কা' আইন বলৱৎ কৰাৰ উদ্দেশ্য কেৱল বিজেপিৰ ৰাজনৈতিক লাভালাভ । 'কা'ৰ দৰে ক'লা আইন বলৱৎকৰণৰ প্ৰভাৱ আটাইতকৈ বেছি আমাৰ অসমতেই পৰিব, যিয়ে সমগ্ৰ অসমক নিঃশেষ কৰিব । নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ এই আইন বলবৎ কৰাৰ উদ্দেশ্য ভোটবেংক সৃষ্টি কৰা । আজি অসমত সমস্যাৰ অভাৱ নাই, মূল্যবৃদ্ধি-নিবনুৱা-জনমুৰি আয়কে ধৰি নানান সমস্যা আছে অসমত । তেনেস্থলত অতিৰিক্ত মানুহৰ বোজাই অসমক কিমান পিছলৈ ঠেলি দিব সেয়া চিন্তনীয় বিষয় ।"

ইপিনে অগপৰ বিৰুদ্ধেও সৰৱ হৈ পৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকী । অসম চুক্তিৰ কথা কৈ ক্ষমতা লোৱা অগপই কিয় অসম চুক্তিক নস্যাৎ কৰা 'কা' আইনৰ বিৰোধিতাৰে ওলাই অহা নাই বুলি প্ৰশ্ন কৰি কয়," অগপ একমাত্ৰ ক্ষমতালোভী দল। ক্ষমতাৰ বাবে নিজৰ আদৰ্শকো ভৰিৰে মোহাৰিলে অগপই ।" লগতে বৰাই 'কা' ৰ বিৰুদ্ধে "সৰ্বাত্মক হৰতাল"ত ভীতিগ্ৰস্ত হৈ বিজেপিয়ে পঠিওৱা জাননীৰ বিৰুদ্ধেও মন্তব্য কৰি কয়, "হৰতাল, আন্দোলন জনসাধাৰণৰ গণতান্ত্ৰিক অধিকাৰ, কিন্তু চৰকাৰে ইয়াতো বাধা আৰোপ কৰিছে । মোগলৰ কথা কয় বিজেপিয়ে, কিন্তু বিজেপি আজি মোগল, আৰ এছ এছ আজি মোগল । তেওঁলোকে 'কা' আনি অসম আৰু অসমীয়াৰ ঐতিহ্য, সংস্কৃতি, ভাষা-সাহিত্য সকলো শেষ কৰিব বিচাৰিছে ।"

উল্লেখ্য যে, অহা ১৪ মাৰ্চত 'কা' বলৱৎকৰণৰ বিৰুদ্ধে সমগ্ৰ অসমতে অসম তৃণমূল কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিব । অসমবাসী ৰাইজক এই প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈও আহ্বান জনাই তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ।

লগতে পঢ়ক:তৃণমূল কংগ্ৰেছৰে আসনৰ বুজাবুজি প্ৰায় সম্পূৰ্ণ: ৰিপুণ বৰা

ABOUT THE AUTHOR

...view details