তৃণমূল কংগ্ৰেছৰে আসনৰ বুজাবুজি প্ৰায় সম্পূৰ্ণ: ৰিপুণ বৰা
Ripun Bora: তৃণমূল কংগ্ৰেছৰে আসনৰ বুজাবুজি প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত ৷ আম আদমী পাৰ্টীয়েও বিৰোধী ঐক্যৰ সৈতে একেলগে নিৰ্বাচনত অৱতীৰ্ণ হ’ব অসমত ৷ এই মন্তব্য ৰিপুণ বৰাৰ ৷

Published : February 24, 2024 at 8:19 PM IST
ৰঙিয়া, 24 ফেব্ৰুৱাৰী: শনিবাৰে তামুলপুৰত তৃণমূল কংগ্ৰেছৰ জিলা কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰে দলটোৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই ৷ সভাখনত আগন্তুক নিৰ্বাচনৰ বিষয়ে ক’বলৈ গৈ শাসনাধিস্থিত চৰকাৰখনক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয় ৷
- " class="align-text-top noRightClick twitterSection" data="">
বিজেপি চৰকাৰখনে মাছৰ তেলেৰে মাছ ভাজিছে বুলি কৈ তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীয়ে বিজেপি চৰকাৰৰ দিনত প্ৰৱৰ্তন হোৱা অৰুণোদয়ৰ দৰে বিভিন্ন আঁচনিসমূহ বিজেপি চৰকাৰৰ নেতাসকলে নিজৰ জেপৰ ধনেৰে চলাই থকা নাই বুলি উল্লেখ কৰে ৷ তেওঁ কয় যে চৰকাৰখনে এফালে হিতাধিকাৰীক ধন বিলাইছে আৰু আনফালে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰে ৰাইজক বিপদাপন্ন কৰিছে ।
জনসাধাৰণৰ কল্যাণৰ বাবে প্ৰতিখন চৰকাৰেই কাম কৰাটো বাঞ্চনীয় বুলি উল্লেখ কৰি তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কয় যে দিনক দিনে বৃদ্ধি পোৱা মূল্যবৃদ্ধিয়ে ৰাইজৰ চকু ইতিমধ্যে মুকলি কৰিছে । এই কথাৰ প্ৰমাণ আগন্তুক নিৰ্বাচনত বিজেপিয়ে লাভ কৰিব বুলি কয় ৰিপুন বৰাই ৷
আনহাতে আগন্তুক নিৰ্বাচনত বিৰোধী দলসমূহে ইণ্ডি এলায়েন্সৰ জৰিয়তে একগোট হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বিষয়ে উল্লেখ কৰি তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীয়ে কয় যে পূৰ্বতে আসন সম্পৰ্কে দলসমূহৰ মাজত আলোচনা সম্পূৰ্ণ হোৱা নাছিল । কিন্তু বৰ্তমান আসনৰ বুজাবুজি প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত ৷
দলসমূহৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতেও আলোচনা সম্পূৰ্ণ হৈছে বুলি কয় ৰিপুণ বৰাই ৷ গতিকে আগন্তুক নিৰ্বাচনত প্ৰতিটো দলেই একগোট হৈ বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী যুজঁত অৱতীৰ্ণ হ’ব বুলি তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীয়ে মন্তব্য কৰে ৷
আনহাতে আম আদমি পাৰ্টীয়ে অসমত নিজাকৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বিষয়ে ক’বলৈ গৈ নেতাগৰাকী কয় যে দলটোৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে এই বিষয়ে আলোচনা চলি আছে ৷ আলোচনা সম্পূৰ্ণ হ’লেই আপেও বিৰোধী ঐক্যৰ সৈতে এক হৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব ।
লগতে পঢ়ক: সমাগত লোকসভা নিৰ্বাচন, বিষয়াৰ বদলিক লৈ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা

