ETV Bharat / politics

সমাগত লোকসভা নিৰ্বাচন, বিষয়াৰ বদলিক লৈ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা

author img

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 7:57 PM IST

Lok Sabha Election 2024: সমাগত দেশৰ সাধাৰণ নিৰ্বাচন । মাৰ্চ মাহৰ প্ৰথম ভাগতে নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্ণ সম্ভাৱনা আছে । নিকা আৰু স্বচ্ছ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে তৎপৰ দেশৰ নিৰ্বাচন আয়োগ । আয়োগে জাৰি কৰিলে কেতবোৰ কঠোৰ নীতি নিৰ্দেশনা ।

Lok Sabha Election 2024
বিষয়াৰ বদলিক লৈ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা

নগাঁও,২৪ ফেব্ৰুৱাৰী : সন্মুখত লোকসভা নিৰ্বাচন । লোকসভা নিৰ্বাচনত ন্যায়পৰায়ণতা নিশ্চিত কৰাৰ লক্ষ্যৰে ভাৰতৰ নিৰ্বাচন আয়োগে ইতিমধ্যেই জাৰি কৰিছে কেতবোৰ কঠোৰ নীতি নিৰ্দেশনা । শনিবাৰে নতুন দিল্লীৰ অশোকা ৰোডস্থিত নিৰ্বাচন আয়োগৰ মুখ্য কাৰ্য্যালয়ৰ পৰা জাৰি কৰা এক প্ৰেছ বিবৃতিৰ জৰিয়তে উল্লেখ কৰা হৈছে সমূহ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ প্ৰেৰণ কৰা নীতি নিৰ্দেশনাৰ বিষয়ে ।

Lok Sabha Election 2024
বিষয়াৰ বদলিক লৈ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা

প্ৰেছ বিবৃতিত উল্লেখ কৰা অনুসৰি নিৰ্বাচনী অধিসূচনা জাৰিৰ পূৰ্বেৰ পৰাই কাৰ্যকৰী হোৱাকৈ বিষয়াৰ বদলিক লৈ জাৰি কৰিছে কঠোৰ নিৰ্দেশনা । নিৰ্দেশনা অনুসৰি বহু বিষয়াই এৰিব লাগিব বৰ্তমানৰ চকী ।

  • " class="align-text-top noRightClick twitterSection" data="">

নিৰ্দেশনা মতে গৃহ জিলাত নিয়োজিত হৈ থকা বিষয়াক শীঘ্ৰেই বদলিৰ বাবে নিৰ্দেশ দিয়া হৈছে । ইয়াৰ উপৰিও একেটা স্থানতে ৩ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰা বিষয়াইও সলনি কৰিব লাগিব কৰ্মস্থলী । অৰ্থাৎ তিনি বছৰ একেটা স্থানত সম্পূৰ্ণ কৰা বিষয়াক জিলা বদলিৰ নিৰ্দেশ দিয়ে নিৰ্বাচন আয়োগে । এইক্ষেত্ৰত এখন জিলাৰ পৰা বদলি হোৱা বিষয়াই একেটা লোকসভা সমষ্টিৰ অধীনৰ জিলাতো যোগদান কৰিব নোৱাৰিব । অৰ্থাৎ একেটা লোকসভা সমষ্টিৰ অধীনৰ আন এখন জিলালৈ বদলি হ'ব নোৱাৰিব বুলিও নিৰ্দেশনাত উল্লেখ কৰিছে দেশৰ নিৰ্বাচন আয়োগে ।

উল্লেখ্য যে, দেশৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে তৎপৰ হৈছে দেশৰ নিৰ্বাচন আয়োগ । কেৱল এয়াই অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচন স্বচ্ছ আৰু নিকা কৰাৰ বাবেও বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে দেশৰ নিৰ্বাচন আয়োগে । দেশৰ নিৰ্বাচন আয়োগৰ এনে তৎপৰতাই আগন্তুক মাৰ্চ মাহৰ প্ৰথম ভাগতে নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে ।

লগতে পঢ়ক :তিনিটা লোকসভা সমষ্টিত এতিয়াও আঁকোৰগোজ আপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.