গুৱাহাটী, ১৭ মাৰ্চ: বৰপেটা সমষ্টিটো চি পি আই এমক এৰি দিয়াৰ বাবে কংগ্ৰেছৰ প্ৰতি আহ্বান ৰাজ্যৰ ভালেসংখ্যক গণতান্ত্রিক মনোভাবাপন্ন আৰু স্বাধীন চিন্তাৰ বিশিষ্ট চিন্তাবিদ, লেখক, সাহিত্যিক, শিক্ষাবিদ আৰু বুদ্ধিজীৱীৰ । এক বিবৃতিযোগে তেওঁলোকে কয় - 'বিজেপিৰ বিগত দহটা বছৰৰ শাসন কালত দেশত সংবিধান তথা গণতন্ত্ৰ আৰু ধৰ্মনিৰপেক্ষ প্ৰমূল্যসমূহৰ ওপৰত ধাৰাবাহিক আক্ৰমণ চলিছে আৰু সাধাৰণ জনগণৰ জীৱন-জীৱিকা অবিৰাম আক্ৰান্ত হৈছে । আমাৰ ৰাজ্যখনলৈও নামি আহিছে ভয়ানক দুর্যোগ । এই পটভূমিত দেশ আৰু জনগণৰ স্বাৰ্থত বিজেপি আৰু তেওঁলোকৰ সহযোগী শক্তিসমূহক আগন্তুক লোকসভাৰ নির্বাচনটোৰ জৰিয়তে ক্ষমতাৰ পৰা উৎখাত কৰাটো অতি জৰুৰী আৰু দেশপ্রেমিক কর্তব্য হিচাপে বিবেচিত হৈছে ।'
উল্লেখ্য যে সমাগত নির্বাচন সংক্ৰান্তত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাক সম্বোধন কৰি চিন্তাবিদ-সমাজবিজ্ঞানী ড৹ হীৰেন গোহাঁই, শিক্ষাবিদ উদয়াদিত্য ভৰালী, ড৹ চন্দ্ৰমোহন শৰ্মা, সাংসদ অজিত কুমাৰ ভূঞা, আব্দুল মান্নান, ড৹ অপূৰ্ব্ব কুমাৰ বৰুৱা, ড৹ তপোধীৰ ভট্টাচাৰ্য, হাইদৰ হুছেইন, লক্ষ্মীনাথ তামুলী, ড৹ সীতানাথ লহকৰ, নিত্য বৰা, ড৹ জ্যোতিময় জানা, ড৹ ইন্দ্ৰানী দত্ত, ড৹ মনোৰমা শৰ্ম্মা, ড৹ মনিৰুল হুছেইন, শান্তনু বৰঠাকুৰ প্ৰমুখ্যে ৰাজ্যৰ ৭৭ গৰাকী বিশিষ্ট নাগৰিকৰ স্বাক্ষৰ সম্বলিত এখন পত্র সভাপতি ভূপেন বৰাৰ হাতত ১৬ মাৰ্চত অৰ্পণ কৰা হয় । স্বাক্ষৰকাৰীসকলৰ হৈ বিশিষ্ট সমাজকর্মী দেৱেন তামুলী আৰু শংকৰ শইকীয়াই প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক শনিবাৰে পত্ৰখন প্ৰদান কৰে ।
পত্ৰখনত কোৱা হয় যে বর্তমান পৰিস্থিতিত বিজেপিক ক্ষমতাৰ পৰা উচ্ছেদ কৰিবলৈ হ'লে আগন্তুক নিৰ্বাচনত ধৰ্মনিৰপেক্ষ গণতান্ত্রিক বিৰোধী দলসমূহৰ মাজত আসনৰ ক্ষেত্ৰত কিছু বুজাবুজি হোৱা বাঞ্চনীয় । অসমৰ বৃহত্তম বিৰোধী দল হিচাপে বিৰোধী ঐক্য গঢ়ি তোলাৰ ক্ষেত্ৰত কংগ্ৰেছ দলৰ দায়িত্ব সর্বাধিক বুলিও পত্রখনত উল্লেখ কৰা হয় । লগতে কংগ্ৰেছৰ দলক দিয়া পত্ৰখনত স্পষ্টকৈ আহ্বান জনোৱা হয় যে - 'ৰাজ্যখনত বিৰোধী ঐক্য দৃঢ় আৰু বিজেপি তথা তেওঁলোকৰ সহযোগী অগপ দলক পৰাস্ত কৰাৰ স্বাৰ্থত বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিষয়টো পুনৰ বিবেচনা কৰি দলৰ প্রার্থিত্ব প্ৰত্যাহাৰ কৰিব লাগে । লোকসভাৰ বৰপেটা আসনখন চি পি আই এমক এৰি দিব লাগে বুলি আমাৰ সুচিন্তিত মতামত প্ৰকাশ কৰিছোঁ ।'
তদুপৰি কংগ্ৰেছৰ দলৰ উদাৰ আৰু বাস্তৱ দৃষ্টিভংগীৰ ফলত দলটোৰ ভাৱমূৰ্তি সমগ্ৰ ৰাজ্যখনতে উজ্জ্বল হ'ব আৰু বিজেপিক ক্ষমতাৰ পৰা উচ্ছেদকৰাৰ যুঁজখন সফল হ'ব বুলি পত্ৰখনত উল্লেখ কৰা হয় । আনহাতে পত্ৰখনৰ প্ৰতিলিপি ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বলৈও প্ৰেৰণ কৰা হয় ।