অসম

assam

মীৰা বৰঠাকুৰৰ মনোনয়ন আসোঁৱাহপূর্ণ বুলি অভিযোগ: ন্যায়ালয়ৰ কাষ চাপিব অভিযোগকাৰী - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 21, 2024, 8:40 PM IST

মীৰা বৰঠাকুৰৰ মনোনয়ন পত্ৰৰ সন্দৰ্ভত কেতবোৰ অভিযোগ উত্থাপিত হৈছে ৷ প্ৰাৰ্থীগৰাকীৰ মনোনয়ন আঁসোৱাহপূৰ্ণ বুলি অভিযোগ তুলিছে সমষ্টিটোৰ আন দুগৰাকী প্ৰাৰ্থীয়ে ৷

MIRA BORTHAKUR
মীৰা বৰঠাকুৰৰ মনোনয়ন আসোঁৱাহপূর্ণ বুলি অভিযোগ

মীৰা বৰঠাকুৰৰ মনোনয়ন আসোঁৱাহপূর্ণ বুলি অভিযোগ

গুৱাহাটী, ২১ এপ্ৰিল : মীৰা বৰঠাকুৰৰ আসোঁৱাহপূর্ণ মনোনয়নক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিব গুৱাহাটী সমষ্টিৰ আন দলীয় তথা নির্দলীয় প্ৰার্থী । দেওবাৰে গুৱাহাটীৰ এখন হোটেলত আয়োজিত এক সংবাদমেলৰ জৰিয়তে এই অভিযোগ উত্থাপন কৰে স্বচ্ছ তথা সুৰক্ষিত নিৰ্বাচন নিৰীক্ষণ সমিতিয়ে ।

নিকা তথা সুৰক্ষিত নিৰ্বাচনী প্ৰক্ৰিয়াই গণতান্ত্ৰিক ব্যৱস্থাটোক শক্তিশালী কৰে । এই উদ্দেশ্য লৈ গঠন হোৱা স্বচ্ছ তথা সুৰক্ষিত নিৰ্বাচন নিৰীক্ষণ সমিতিয়ে আজি সংবাদমেলযোগে গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে আসোঁৱাহপূৰ্ণ মনোনয়ন প্ৰক্ৰিয়াৰ মাজেৰে মনোনিত হোৱাৰ কাৰ্যক গণতন্ত্ৰ তথা ন্যায়বিৰোধী বুলি আখ্যা দিয়ে । সংবাদমেলত অমিতাভ শর্মা আৰু কাজী নেকিব আহমেদে কয় যে মীৰা বৰঠাকুৰে দাখিল কৰা মনোনয়ন পত্ৰত আছে কেবাটাও আসোঁৱাহ । ২০ এপ্ৰিলত নিৰ্বাচনী বিষয়াই মনোনয়নপত্ৰ নীৰিক্ষণ কৰাৰ মূহুৰ্তত দেখা গৈছিল কেবাটাও আসোঁৱাহ ।

অভিযোগ অনুসৰি নিৰ্বাচনী আয়োগৰ নীতি নিৰ্দেশনা উলংঘন কৰি মীৰা বৰঠাকুৰে নিজৰ মতে দাখিল কৰিছিল মনোননয়ন পত্ৰ । মীৰা বৰঠাকুৰে মনোনয়ন পত্ৰৰ লগত সংলগ্ন থকা শপতপত্ৰৰ মূল স্তম্ভ গঠনৰ ব্যাপক সাল-সলনি কৰি নিৰ্বাচনী বিধি উলংঘা কৰিছে । ইফালে, নিৰ্বাচনী বিধি অনুযায়ী মীৰাই বৰঠাকুৰে দাখিল কৰিবলগীয়া গোচৰ সম্বন্ধীয় তথ্য দিয়াৰ পৰাও বিৰত থকাৰ অভিযোগ উত্থাপন কৰা হয় দেওবাৰৰ সংবাদমেলখনত ।

এই সন্দর্ভত নিৰ্বাচনী বিষয়া তথা আয়োগৰ ওচৰত অভিযোগ দাখিল কৰে স্বচ্ছ তথা সুৰক্ষিত নিৰ্বাচন নিৰীক্ষণ সমিতিয়ে । কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সমিতিক এনে অযোগ্য তথা মৌলিক পদক্ষেপ গ্ৰহণ কৰাত ব্যৰ্থ প্ৰাৰ্থীক মনোনয়ন কৰি গণতন্ত্ৰৰ বিৰুদ্ধে কৰা অন্যায়ৰ বাবে তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰে সমিতিখনে ।

নিৰ্বাচনী বিষয়াৰ পক্ষপাতমূলক ব্যবহাৰৰ বাবে সমিতিয়ে নিৰ্বাচনী বিষয়াৰ বিৰুদ্ধে পদক্ষেপ ল’বলৈ নিৰ্বাচন আয়োগক দাবী জনায় আৰু এই ক্ষেত্ৰত অতিশীঘ্ৰে এখন স্মাৰকপত্ৰ প্ৰদানৰ কথা সংবাদ মেলযোগে সদৰী কৰে সমিতিখনে । তদুপৰি এই সন্দৰ্ভত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰো হুংকাৰ দিয়ে স্বচ্ছ তথা সুৰক্ষিত নিৰ্বাচন নিৰীক্ষণ সমিতিয়ে ।

লগতে পঢ়ক:সৰ্বানন্দ সোণোৱালক পৰাজিত কৰাৰ বাবে কোনে কাম কৰিছে ? ক'লে ভূপেন বৰাই

ABOUT THE AUTHOR

...view details