অসম

assam

সাংবাদিকৰ এশাৰী বাক্যই দুদিনলৈ টেনশ্যন দিয়ে সাংসদ তাছাক - Kaziranga Lok Sabha constituency

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 10:25 AM IST

Kaziranga Lok Sabha constituency: মাৰাথন নিৰ্বাচনী প্ৰচাৰত ব্যস্ত কাজিৰঙা লোকসভা সমষ্টিৰ অগপ-বিজেপিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা ৷ সংবাদ কৰ্মীক প্ৰতিশ্ৰুতি আগবঢ়োৱাৰ লগতে সংবাদ কৰ্মীসকললৈ বিশেষ আহ্বান তাছাৰ ৷

MP Kamakhya Prasad Tasa assured that he would take good steps for journalists if he became an MP
সাংবাদিকৰ এশাৰী বাক্যই দুদিনলৈ টেনশ্যন দিয়ে কামাখ্যা প্ৰসাদ তাছাক

সাংবাদিকৰ এশাৰী বাক্যই দুদিনলৈ টেনশ্যন দিয়ে কামাখ্যা প্ৰসাদ তাছাক

কলিয়াবৰ, 1 এপ্ৰিল:" সাংবাদিকৰো মনত দুখ আছে । আপোনালোকে যিমান কাম কৰে সেই মতে মালিকপক্ষই পাৰিশ্ৰমিক নিদিয়ে " দেওবাৰে কলিয়াবৰত এনেদৰে কয় কাজিৰঙা লোকসভা সমষ্টিৰ অগপ-বিজেপিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই । ইয়াৰ লগতে সমাজৰ পজিটিভ খবৰবোৰ প্ৰচাৰ কৰিবলৈ সংবাদ কৰ্মীলৈ আহ্বান জনায় মিত্ৰজোঁট প্ৰাৰ্থীগৰাকীয়ে ৷

এদিন সাংবাদিকৰ সৈতে বুম নোহোৱাকৈ মনৰ কথা পাতিবলৈ বহিব বুলি উল্লেখ কৰি কামাখ্যা প্ৰসাদ তাছাই নিৰ্বাচনী সভাৰ মাজতে সংবাদ কৰ্মীসকলক আশ্বাস দি কয়, "সাংসদ হ’লে সাংবাদিকৰ কাৰণেও ভাল পদক্ষেপ ল’ম ৷ কিন্তু কেতিয়াবা টেনশ্যন দি দিয়ে । একলাইন লিখি দিয়ে সাংবাদিকে দুই দিনলৈ টেনশ্যন ল’ব লগা হয় । নিউজত ওলাবলৈ মই ক্ৰেজী নহয় ৷ ভাল কথা ক'লে মোক নুলিয়ায় । অৱশ্যে তাক লৈ মই চিন্তিত নহয় ।"

উল্লেখ্য যে, দেওবাৰে কলিয়াবৰত কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ সমৰ্থনত অগপে আয়োজন কৰিছিল নিৰ্বাচনী সভাৰ ৷ এই সভাত অংশগ্ৰহণ কৰি প্ৰাৰ্থীগৰাকীয়ে অগপৰ অতুল বৰা, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই তাছাক ভাই-ককাইৰ দৰে মৰম কৰিছে বুলি উল্লেখ কৰাৰ লগতে অগপ-বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰত যথেষ্ট সহযোগিতা আগবঢ়াইছে বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।

প্ৰতিকূল বতৰকো নেওচি ৰাইজে দলটোলৈ সমৰ্থন আগবঢ়াইছে বুলি দাবী কৰে তাছাই ৷ দেওবাৰৰ পুৱাৰ পৰা নিশালৈকে কলিয়াবৰৰ কেইবাটাও গাঁও পঞ্চায়তত মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলায় কামাখ্যা প্ৰসাদ তাছাই ৷ এই প্ৰচাৰ কাৰ্যসূচীত তাছাক সহযোগিতা আগবঢ়ায় অগপ নেতা তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই ৷

লগতে পঢ়ক:দলীয় কৰ্মীক লোকসভা নিৰ্বাচনৰ যুঁজৰ বাবে সাজু হোৱাৰ আহ্বান অজন্তা নেওগৰ - LOK SABHA ELECTIONS

ABOUT THE AUTHOR

...view details